দুৰ্নীতিৰ মহানায়ক শ্যামকানু মহন্ত! বাসগৃহৰ পৰা উদ্ধাৰ বিত্তীয় কেলেংকাৰিৰ তথ্য, নতুন গোচৰ ৰুজু CIDৰ

CIDৰ SSP আছিফ মহম্মদে  শ্যামকানুৰ বিৰুদ্ধে দাখিল কৰে FIR। শ্যামকানুৰ এই অৰ্থনৈতিক বিংসগতিৰ বিৰুদ্ধে হ’ব তদন্ত। তদন্ত কৰিব ASP মৰমী দাসে। বৃহস্পতিবাৰ আৰু শুকুৰবাৰে মহন্তৰ বাসগৃহ আৰু কাৰ্যালয় চৌহদত চলোৱা ব্যাপক অভিযানৰ সময়ত চিআইডিৰ বিষয়াসকলে “আপত্তিজনক” সামগ্ৰী জব্দ কৰে।

দুৰ্নীতিৰ মহানায়ক শ্যামকানু মহন্ত! বাসগৃহৰ পৰা উদ্ধাৰ বিত্তীয় কেলেংকাৰিৰ তথ্য, নতুন গোচৰ ৰুজু CIDৰ

Shyamkanu Mahanta

Published: 

29 Sep 2025 11:27 AM

জুবিন গাৰ্গৰ মৃত্যুক লৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে বাঢ়িছে অনুৰাগীৰ ক্ষোভ। শ্যামকানু মহন্তৰ ঘৰৰ নিৰন্তৰভাৱে চলিছে SITৰ অভিযানত। এই অভিযানত উদ্ধাৰ কৰা হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ। যাক লৈ এতিয়া নতুন ৰহস্যৰ উন্মেষ ঘটিছে। তাৰ পিছতে শ্যামকানু মহন্তৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ বিত্তীয় কেলেংকাৰিৰ, ধন সৰবৰাহৰ, অবৈধ সম্পত্তি অধিগ্ৰহণত জড়িত থকাৰ অভিযোগত নতুন তদন্ত আৰম্ভ কৰিছে SIT-এ।

এই সন্দৰ্ভত শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ নতুন এজাহাৰ দাখিল কৰিছে CIDয়ে। লগতে শ্যামকানুৰ বিৰুদ্ধে CIDয়ে ৰুজু কৰিছে এটা গোচৰ। CIDৰ SSP আছিফ মহম্মদে  শ্যামকানুৰ বিৰুদ্ধে দাখিল কৰে FIR। শ্যামকানুৰ এই অৰ্থনৈতিক বিংসগতিৰ বিৰুদ্ধে হ’ব তদন্ত। তদন্ত কৰিব ASP মৰমী দাসে। বৃহস্পতিবাৰ আৰু শুকুৰবাৰে মহন্তৰ বাসগৃহ আৰু কাৰ্যালয় চৌহদত চলোৱা ব্যাপক অভিযানৰ সময়ত চিআইডিৰ বিষয়াসকলে “আপত্তিজনক” সামগ্ৰী জব্দ কৰে।

লগতে পঢ়ক: পুত্ৰসহ জুবিন গাৰ্গৰ বাসগৃহত উদ্যোগপতি গৌতম আদানী, পৰিয়ালক সমবেদনা জ্ঞাপন

উদ্ধাৰ কৰা সামগ্ৰীৰ  ভিতৰত আছে একেটা ফাৰ্মৰ অধীনত পঞ্জীয়নভুক্ত একাধিক পেন কাৰ্ড, বিভিন্ন কোম্পানী আৰু চৰকাৰী বিষয়াৰ প্ৰায় ৩০টা ষ্টাম্প ছীলৰ লগতে অবৈধ সম্পত্তিৰ সৈতে জড়িত নথি-পত্ৰ। SITৰ অভিযানত শ্যামকানুৰ বাসগৃহত উদ্ধাৰ হৈছিল চৰকাৰী বিষয়াৰ নামত থকা ছীল-মোহৰ । তাৰ পিছতে  শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰিৰ গোচৰ CIDত ৰুজু হৈছে ।

এই আপত্তিজনক সামগ্ৰী সমূহত অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত পথ নিৰ্মাণ প্ৰকল্পৰ সৈতে জড়িত নথি-পত্ৰও সন্নিবিষ্ট কৰা হৈছে। এফ আই আৰত উল্লেখ কৰা হৈছে যে, “তালাচীৰ কালছোৱাত বহু নথি-পত্ৰ জব্দ কৰা হৈছে ।  যিয়ে স্পষ্টভাৱে গুৰুতৰ আৰ্থিক অনিয়ম, জালিয়াতি আৰু অবৈধ আৰ্থিক লাভৰ বাবে প্ৰৱঞ্চনামূলক উপায় ব্যৱহাৰ কৰাৰ দিশলৈ আঙুলিয়াই দিয়ে।”

এই অভিযোগৰ পিছতে শনিবাৰে নিশা চি আই ডিৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰে। স্বতন্ত্ৰ তদন্তৰ নেতৃত্ব দিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক মৰমী দাসক তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

বৃক্ক বিকল হ'লে মহিলাৰ দেহত দেখা দিয়ে এই লক্ষণ, সবিশেষ...
পুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত টোপনিৰ পৰা সাৰ পোৱাৰ কাৰণ...
ঘৰত অপৰাজিতা ফুল ৰোপণ কৰাটো শুভ নে অশুভ? কি হয় জানক...
কেতিয়াও আনৰ পৰা বিনামূলীয়াকৈ নল'ব এই ৫ বিধ বস্তু! বাস্তু শাস্ত্ৰৰ পৰা জানক...