বিষয় জুবিন গাৰ্গৰ মৃত্যু: ছিংগাপুৰে কয় এটা…অসম চৰকাৰে কয় বেলেগ এটা! গৌৰৱ গগৈয়ে বিচাৰিলে কেন্দ্ৰৰ হস্তক্ষেপ

গৌৰৱ গগৈয়ে আৰু অভিযোগ কৰে যে চৰকাৰী সংস্থাসমূহে আয়োজন কৰা অনুষ্ঠানৰ বাবে বছৰ বছৰ ধৰি মূল অভিযুক্ত এজনক বৃহৎ পৰিমাণৰ ধন দিয়া হৈছিল আৰু এই বিষয়ত জবাবদিহিতাৰ অভাৱৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয় যে বহু প্ৰশ্নৰ উত্তৰ তেওঁলোকে পোৱা নাই।

বিষয় জুবিন গাৰ্গৰ মৃত্যু: ছিংগাপুৰে কয় এটা...অসম চৰকাৰে কয় বেলেগ এটা! গৌৰৱ গগৈয়ে বিচাৰিলে কেন্দ্ৰৰ হস্তক্ষেপ

গৌৰৱ গগৈ

Updated On: 

16 Jan 2026 | 01:42 PM

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ছিংগাপুৰৰ কৰ’ণাৰ্ছ আদালতত প্ৰকাশিত তথ্যক লৈ ৰাজ্যত বিভিন্ন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অসম চৰকাৰৰ দাবী আৰু ছিংগাপুৰ কৰ্তৃপক্ষৰ তথ্যৰ মাজত বৈপৰীত্যৰ অভিযোগ উত্থাপন কৰে। অসম আৰু অসমীয়াৰ প্ৰাণাধিক আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ প্ৰক্ৰিয়াক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে গগৈয়ে।

এএনআইৰ সৈতে হোৱা বাৰ্তালাপত গগৈয়ে কয় যে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুক লৈ এই ঘটনাৰ কেইবামাহো পিছতো কেইবাটাও প্ৰশ্নৰ উত্তৰ পোৱা নাই। তেওঁ আঙুলিয়াই দিয়ে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোচৰটোক “হত্যা” বুলি অভিহিত কৰিলেও ছিংগাপুৰৰ কৰ্তৃপক্ষই তদন্তৰ অন্তত এই সিদ্ধান্তত উপনীত হয় যে গাৰ্গৰ মৃত্যু স্বাভাৱিক আৰু ইয়াত কোনো ফাউল প্লে’ জড়িত নহয়।

‘‘আমি কাক বিশ্বাস কৰিব লাগে? অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যা কৰা বুলি কৈছিল আৰু তেওঁৰ এছ আই টিৰ দ্বাৰা পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। এই অভিযোগনামাত পাঁচৰ পৰা ছয়জন ব্যক্তিৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগো উত্থাপন কৰা হৈছিল। আনহাতে ছিংগাপুৰ চৰকাৰে পুংখানুপুংখ তদন্তৰ অন্তত মৃত্যু স্বাভাৱিক বুলি কৈছে।’’ গৌৰৱ গগৈয়ে কয়।

কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ছিংগাপুৰত গাৰ্গে অংশগ্ৰহণ কৰা অনুষ্ঠানটো ভাৰত চৰকাৰ আৰু ভাৰতীয় দূতাবাসৰ উদ্যোগত অনুষ্ঠিত হৈছিল। “কেন্দ্ৰীয় চৰকাৰে কিয় কোনো তদন্ত কৰা নাই?” তেওঁ প্ৰশ্ন কৰে আৰু লগতে কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গোচৰটো নিবিড়ভাৱে অধ্যয়ন কৰিবলৈ এটা আইনী দল গঠন কৰিছে।

গগৈয়ে আৰু অভিযোগ কৰে যে চৰকাৰী সংস্থাসমূহে আয়োজন কৰা অনুষ্ঠানৰ বাবে বছৰ বছৰ ধৰি মূল অভিযুক্ত এজনক বৃহৎ পৰিমাণৰ ধন দিয়া হৈছিল আৰু এই বিষয়ত জবাবদিহিতাৰ অভাৱৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয় যে বহু প্ৰশ্নৰ উত্তৰ তেওঁলোকে পোৱা নাই।

চলিত সপ্তাহৰ আৰম্ভণিতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত বিশেষ ৰাজহুৱা অধিবক্তাৰ এটা দল নিযুক্তিৰ বাবে অসম কেবিনেটে অনুমোদন জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোক সেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সিদ্ধান্ত ঘোষণা কৰি শৰ্মাই কয় যে জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে, আনহাতে ব্ৰজেন্দ্ৰ মোহন চৌধুৰীয়ে অতিৰিক্ত বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিব। কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জম্মাৰক সহকাৰী বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে। জুবিন গাৰ্গ মেম’ৰিয়েল ট্ৰাষ্টলৈ ৫ কোটি টকা আৱণ্টনৰ বাবেও মন্ত্ৰীসভাই অনুমোদন জনায়।

২০২৫ চনৰ ডিচেম্বৰ মাহত এই গোচৰৰ সৈতে জড়িত সাতজন অভিযুক্তক ভাৰ্চুৱেলি কামৰূপ মহানগৰ জিলা আৰু সত্ৰ আদালতত হাজিৰ কৰা হৈছিল। অসমৰ প্ৰতিটো স্তৰৰ লোকৰে অতিকৈ মৰমৰ শিল্পী জুবিন গাৰ্গৰ ২০২৫ চনৰ ১৯ ​​ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব