বহুতে জুবিনৰ স্থান ল’বলৈ চেষ্টা কৰিছে: গছ কটা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী

শৰ্মাই স্পষ্ট কৰি দিয়ে যে, দীঘলীপুখুৰীৰ আশে-পাশে থকা এজোপাও গছ কটা হোৱা নাই। তেওঁ স্মৰণ কৰি কয় যে, ঐতিহাসিক পুখুৰীটোৰ চাৰিওফালে থকা গছবোৰ সংৰক্ষণ কৰা হ’ব বুলি জীৱনকালত জুবিন গাৰ্গক ব্যক্তিগতভাৱে আশ্বাস দিছিল।

বহুতে জুবিনৰ স্থান ল’বলৈ চেষ্টা কৰিছে: গছ কটা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰবি শৰ্মা

Updated On: 

21 Oct 2025 17:50 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত অনুৰাগীয়ে প্ৰতিবাদ চলাই থকাৰ মাজতে আজি বাক্সাত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।  জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। নাম নোলোৱাকৈ অভিনেতা ৰবি শৰ্মাৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “জুবিনৰ স্থান লোৱাৰ উদ্দেশ্যেৰে বহুতে এনে মন্তব্য দিবলৈ চেষ্টা কৰিছে। কিন্তু আমি এনে কাম নকৰোঁ।”

অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰি শৰ্মাই স্পষ্ট কৰি দিয়ে যে, দীঘলীপুখুৰীৰ আশে-পাশে থকা এজোপাও গছ কটা হোৱা নাই। তেওঁ স্মৰণ কৰি কয় যে, ঐতিহাসিক পুখুৰীটোৰ চাৰিওফালে থকা গছবোৰ সংৰক্ষণ কৰা হ’ব বুলি জীৱনকালত জুবিন গাৰ্গক ব্যক্তিগতভাৱে আশ্বাস দিছিল। মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘গছ কটা নাই। প্ৰতিজোপা গছ তেনেদৰেই থিয় হৈ আছে। এইবোৰ মিছা ব্যাখ্যা আৰু ভিত্তিহীন খবৰ।

ইফালে মন্ত্ৰী পীযূষ হাজৰিকায়ো অভিনেতাগৰাকীয়ে উত্থাপন কৰা অভিযোগৰ অস্বীকাৰ কৰে। ছ’চিয়েল মিডিয়াত এটা পোষ্টত হাজৰিকাই লিখিছে, “ৰবি শৰ্মা ডাঙৰীয়া, আপোনাক কোনোবাই ভুল পথেৰে পৰিচালিত কৰিছে। আমাৰ মৰমৰ শিল্পী জুবিন দাৰ মৃত্যুৰ পাছত দীঘলীপুখুৰীৰ গছ কটা কথাটো এক অপপ্ৰচাৰ। এই সন্দৰ্ভত মই স্পষ্ট কৰি দিব খোজো যে দীঘলীপুখুৰীৰ পাৰৰ গছ কোনেও কটা নাই, দীঘলীপুখুৰীৰ গছ কাটিবলগীয়া কোনো কথাও আহি পৰা নাই। এই অভিযোগ সম্পূৰ্ণ ভুৱা, ভিত্তিহীন।”

উল্লেখ্য যে এটা ব্যক্তিগত চেনেলত সাক্ষাৎকাৰৰ সময়ত জুবিনৰ মৃত্যুৰ পিছতে দীঘলীপুখুৰীৰ গছ কাটি দিয়া হয় বুলি অভিযোগ উত্থাপন কৰিছিল অভিনেতা ৰবি শৰ্মাই। তাৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল কথাখিনি। একাংশ লোকে সমালোচনা কৰিছিল চৰকাৰক। তাৰ পিছতে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে  মন্ত্ৰী পীযূষ হাজৰিকাই।

জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ন্যায় বিজেপিয়ে দিব। কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাওঁ। ন্যায় পাবনে নাপাই বুলি ভয় খাব নালাগে। ১০০ শতাংশই ন্যায় পাব। এয়া মোৰ সংকল্প। ন্যায় দিহে এৰিম বুলি কয় মুখ্যমন্ত্ৰীয়ে।

উজনি-নামনিৰ ৰাস মহোৎসৱত কি কি ভিন্নতা আছে?
পেটৰ আলচাৰৰ পৰা হাত সাৰিবলৈ এই খাদ্যসমূহ পৰিহাৰ কৰক
কাজি নেমুৱে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে নেকি?
ভগৱান হনুমান সন্তুষ্ট হ’লে ভক্তই লাভ কৰে এই সংকেত! জানক...