Zubeen Garg: জুবিনৰ স’তে সেইদিনা কি কি কৰিছিল ৪ অভিযুক্তই? চাৰ্জশ্বীটত ভয়ংকৰ তথ্য, জানক সকলো…
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট যোৱা ১২ ডিচেম্বৰত দাখিল কৰিছে এছ আই টিয়ে। শেহতীয়াকৈ বিধায়ক অখিল গগৈয়ে চাৰ্জশ্বীটত অভিযুক্তৰ বিৰুদ্ধে থকা প্ৰমাণৰ বিৱৰণ সামাজিক মাধ্যমত দাঙি ধৰিছে। যিয়ে এক ভয়ংকৰ দিশ উদঙাই তুলিছে।

৪ অভিযুক্ত
যোৱা ১২ ডিচেম্বৰ, ২০২৫ ত এছ আই টি (SIT)য়ে আদালতত দাখিল কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট। ইয়াৰ পাছতে একাংশই এই চাৰ্জশ্বীটৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে। বিধায়ক অখিল গগৈয়ে এই চাৰ্জশ্বীটক দুৰ্বল আখ্যা দিছে। ইয়াৰ মাজতে গগৈয়ে শেহতীয়াকৈ সামাজিক মাধ্যমত এক পোষ্ট কৰি জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তসকলৰ বিৰুদ্ধে থকা ধাৰাসমূহৰ অধীনত গোচৰ চলাবলৈ দাখিল কৰা প্ৰমাণৰ বিৱৰণ দাঙি ধৰে। গগৈয়ৈ সামাজিক মাধ্যমত প্ৰকাশ কৰা তথ্য অসম্পাদিত ৰূপত তলত উল্লেখ কৰা হ’ল।
শেখৰজ্যোতি গোস্বামী
“তাতে যাওঁ ব’লা” বুলি কৈ ভুক্তভোগীক পানীত নামিবলৈ উচটাই দিয়া; ২০১৩ চনৰ পৰা ভুক্তভোগীৰ ঘনিষ্ঠতম ব্যক্তি হিচাপে থকাৰ পিছতো আৰু ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ সকলোতকৈ সুবিধাজনক অৱস্থাত থাকিও ভুক্তভোগীক ৰক্ষা নকৰা, ভুক্তভোগীৰ জীৱনত বিপদ সংকেত বাজি উঠাৰ সময়ত য়টত থকা আন সাক্ষীক ‘থাম্বছ আপ’ দেখুৱাই বিভ্রান্ত কৰা, ভুক্তভোগীৰ হাওঁফাওঁত পানী খুওৱা আৰু শাৰীৰিক আঘাতৰ কাৰক হোৱা, প্ৰথমবাৰৰ সাঁতোৰোতেই ভুক্তভোগীয়ে মৃত্যুৰ পৰা কোনোমতেহে ৰক্ষা পৰিছিল আৰু নিচাগ্রস্ত তথা অবসাদগ্রস্ত অৱস্থাত ভুক্তভোগীক পানীৰ পৰা তুলি আনিবলগীয়া হৈছিল। তৎসত্বেও লাইফ জেকেট নোহোৱাকৈ দ্বিতীয়বাৰ সাঁতুৰিবলৈ বাধা প্রদান নকৰা।
শ্যামকানু মহন্ত
চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ ভুক্তভোগীৰ বাবে ঘাটক হ’ব পাৰে বুলি জানিও হুইস্কিৰ এটা বটল যোগাৰ দিয়া; অমৃতপ্রভাৰ বাবে হোটেলত পৃথক কোঠাৰ ব্যৱস্থা নকৰি, জুবিন গাৰ্গৰ সৈতে একেলগে থাকিবলৈ দি মদৰ যোগানৰ ব্যৱস্থা কৰা আৰু ভুক্তভোগীক হুইস্কি দিয়া; য়ট পার্টীৰ আয়োজকসকলক ভুক্তভোগীৰ চিকিৎসাগত বিষয়সমূহ অবগত নকৰা; দুর্ঘটনাৰ দিনা পুৱা ভুক্তভোগীৰ ব্যৱস্থাপনা দলৰ সৈতে সাক্ষাৎ হোৱাৰ পিছতো ভুক্তভোগীৰ সুৰক্ষা, নিৰাপত্তা আৰু চিকিৎসাগত কোনো ব্যৱস্থা নকৰা আৰু ভ্ৰমণ বাতিল কৰিবলৈও তেওঁলোকক আহ্বান নজনোৱা; ভুক্তভোগীৰ চিকিৎসকে ৰাজহুৱাভাৱে দিয়া চিকিৎসা পৰামৰ্শ অনুসৰি তেখেত মৃগী (epilepsy) ৰোগী বুলি অৱগত হোৱাৰ পাছতো অসম এছ’চিয়েশ্যনৰ সভাপতিক য়টলৈ পঠোৱাৰ লগতে অনুষ্ঠান বাতিল কৰিবলৈ তেওঁক আহ্বান নজনোৱা; ভুক্তভোগীক চিকিৎসাৰ বাবে কোনো ব্যৱস্থা নকৰিলে আৰু যাৰ বাবে অতি গুৰুত্বপূর্ণ ‘গোল্ডেন আৱাৰ’ৰ ভিতৰত তেওঁক বচাব পৰা নগ’ল আৰু দুৰ্ঘটনাৰ ৭৫ মিনিট পিছতহে এম্বুলেঞ্চত ভুক্তভোগীক লৈ যোৱা হয়।
সিদ্ধাৰ্থ শৰ্মা
ভুক্তভোগীক নিচাগ্রস্ত অৱস্থালৈ লৈ গৈ আৰু সেই নিচাগ্রস্ত আৰু প্রায় অচেতন হৈ অসাৰ হৈ পৰা অৱস্থাত, স্বয়ংক্রিয়ভাৱে অংগ সঞ্চালন কৰিব নোৱাৰাকৈ শৰীৰত শক্তি কমি যোৱা (Ataxia) আৰু প্রতিক্রিয়াহীন হৈ পৰোতে ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া; লাইফ জেকেট অবিহনেই ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া; চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ সাগৰত সাঁতুৰিবলৈ দিয়া। জুবিন গাৰ্গক চিকিৎসা কৰি থকা চিকিৎসক ডাঃ হিতেশ বৰুৱাৰ মতৰ বিপক্ষে গৈ সাগৰত সাতুৰিবলৈ দিয়া, যদিওবা তেওঁক ডাক্তৰে জুই আৰু পানীৰ পৰা আঁতৰত থাকিবলৈ পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শৰ সময়ত অভিযুক্ত A1 নিজেই উপস্থিত আছিল।
ভুক্তভোগীৰ মৃগীৰোগৰ (epilepsy) ইতিহাস থকাৰ পিছতো ভ্ৰমণৰ বাবে চিকিৎসাগত ফিটনেচৰ প্ৰমাণপত্ৰ নোলোৱা; ভুক্তভোগীৰ বমি হোৱা আৰু মৃগীৰোগৰ লক্ষণসমূহক সাধাৰণ গেছট্ৰিকৰ সমস্যাহে বুলি অৱহেলা কৰা; ভুক্তভোগ ভুক্তভোগীক অৱসৰ দিবলৈ (জীৱন শেষ কৰিবলৈ) পৰিকল্পনা কৰা আৰু ভুক্তভোগীৰ পৰা সৰ্বাধিক বিত্তীয় লাভ আদায় কৰা; শেহতীয়াকৈ মহাবীৰ পৰিবহন ব্যৱসায়ত বিনিয়োগ কৰি নিজৰ অৰ্থনৈতিক স্বার্থ পূৰণ কৰা; মহাবীৰ একুৱা (Mahavir Aqua), হোটেল হেৰিটেজ আৰু ভুক্তভোগীৰ প্ৰতি কৰিবলগীয়া সকলো দায়িত্ব সঠিকভাৱে পালন নকৰা; বিপদত পৰাৰ সময়ত ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ নাযাবলৈ আন সকলোকে আহ্বান জনোৱা, আৰু “যাব দে, যাব দে” বুলি কৈ ভুক্তভোগীক বিপদলৈ ঠেলি দিয়া।
অমৃতপ্ৰভা মহন্ত
ঘটনাৰ পূৰ্বৰ দুটা ৰাতি ভুক্তভোগীৰ সৈতে একেটা কোঠাত থাকি তেওঁক অত্যধিক মদ্যপান কৰিবলৈ দিয়া; ভুক্তভোগীৰ মেনেজাৰ, অনুষ্ঠানৰ আয়োজক অথবা ভুক্তভোগীৰ পত্নীক তেওঁৰ অত্যধিক সুৰাপান আৰু খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অৱগত নকৰা; অতিশয় ভাগৰুৱা আৰু সুৰাসক্ত অৱস্থাত থকা ভুক্তভোগীক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰা; ভুক্তভোগী প্রায় ডুব যাবলৈ ধৰাৰ সময়ত ভিডিঅ’ ৰেকর্ডিং কৰি থকা আৰু কেপ্টেইনজন ওচৰতে থকাৰ পাছতো কিবা ব্যৱস্থা ল’বলৈ অৱগত নকৰা; ঘটনাৰ পিছতহে য়টত থকা NRI আৰু পাৰ্টীৰ আয়োজকসকলক ভুক্তভোগীয়ে খোৱা ঔষধসমূহৰ বিষয়ে জনোৱা।
অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গৰ চাৰ্জশ্বীটত ৪ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ, জানক আৰু কি আছে…