গুৱাহাটীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ, দুমাহ পূৰ্বে হৈছিল বিবাহ

মহানগৰীৰ তৰুণ নগৰত নৱ-বিবাহিতাৰ মৃত্যুক লৈ চাঞ্চল্য। ঘৰত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ। অৱশ্যে এয়া হত্যা নে আত্মহনন বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

গুৱাহাটীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ, দুমাহ পূৰ্বে হৈছিল বিবাহ

গুৱাহাটীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

Updated On: 

04 Jun 2025 | 05:14 PM

এটা পিছত আনটো চাঞ্চল্যকৰ ঘটনাই জোঁকাৰি গৈছে গুৱাহাটী। বিগত কেইবাদিন ধৰি উদ্ধাৰ কৰা হৈছে বহুকেইটা মৃতদেহ। যিবোৰৰ আঁৰৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই। এইবাৰ মহানগৰীৰ তৰুণ নগৰত নৱ-বিবাহিতাৰ মৃত্যুক লৈ চাঞ্চল্যই বিৰাজ কৰিছে। ঘৰৰ ভিতৰতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ। অৱশ্যে এয়া হত্যা নে আত্মহনন বৰ্তমানলৈ জানিব পৰা হোৱা নাই। জানিব পৰা মতে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ।

মৃত মহিলাগৰাকীৰ নাম সংগীতা নিষাদ। বিগত ২ জুনত নিজ ঘৰতে সংগীতাক মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। চলিত বৰ্ষৰ ৭ মাৰ্চত উত্তৰ প্ৰদেশৰ বাসিন্দা ৰাজেশ কেৱাটৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সংগীতা। বিয়াৰ দুমাহ পাছতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় সংগীতা নিষাদ নামৰ মহিলাগৰাকীৰ। ইফালে বিয়াৰ পিছৰে পৰা স্বামীৰ পৰিয়ালে মহিলাগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ। মূলতঃ উত্তৰ প্ৰদেশৰ, ৰাজেশ কেৱাটৰ পৰিয়ালে বৰ্তমান গুৱাহাটীত বাস কৰে।

মৃত সংগীতা নিষাদৰ স্বামী ৰাজেশ কেৱাট APDCL (অসম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড)ত কৰ্মৰত।। চাকৰি সূত্ৰে গুৱাহাটীত আছে উত্তৰ প্ৰদেশৰ পৰিয়ালটো।  কন্যাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত ততাতৈয়াকৈ উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটীত উপস্থিত হয় সংগীতাৰ পৰিয়াল। তেওঁলোকে সংগীতা নিষাদৰ মৃত্যুত স্বামীৰ পৰিয়াল জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ভঙাগড় আৰক্ষী থানাত আনুষ্ঠানিকভাৱে FIRৰ দাখিল কৰিছে। বিশেষকৈ স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি এই ঘটনাৰ সম্পূৰ্ণ তদন্তৰ দাবী জনাইছে পৰিয়ালটোৱে। ইফালে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰ অন্ততহে অধিক তথ্য পোহৰলৈ আহিব।

ইফালে ছিপাঝাৰত এহাল দম্পতীৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। শোৱনি কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হয় দম্পতীৰ মৃতদেহ। ছিপাঝাৰৰ দেওমৰনৈ গৰগৰিত সংঘটিত হৈছে এই ঘটনা। মৃত দম্পতীটো ৭৫ বছৰীয়া ভদ্ৰ বৰুৱা, ৭০ বছৰীয়া জয়মতী বৰুৱা বুলি চিনাক্ত কৰা হৈছে। কৰ্মসূত্ৰে দম্পতীটোৰ তিনি পুত্ৰ আৰু পৰিয়াল থাকে বহিঃৰাজ্যত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...