Assam: ৰাজনীতিত যোগদান কৰিব নেকি প্ৰাক্তন আলফা সম্পাদক অনুপ চেতিয়াই? কোন দললৈ যাব…

Assam: প্ৰাক্তন আলফা সম্পাদক অনুপ চেতিয়াই যোগদান কৰিব নেকি ৰাজনীতিত। চেতিয়াই কৰা এক মন্তব্যৰ পাছতেই এতিয়া একাংশৰ মনত বহু প্ৰশ্নৰ উত্থাপন হৈছে। প্ৰশ্ন হয়, ৰাজনীতিত যোগদান কৰিব নেকি অনুপ চেতিয়াই?

Assam: ৰাজনীতিত যোগদান কৰিব নেকি প্ৰাক্তন আলফা সম্পাদক অনুপ চেতিয়াই? কোন দললৈ যাব...

অনুপ চেতিয়া

Published: 

29 Sep 2024 | 10:39 PM

ৰাজনীতিত যোগদান কৰিব নেকি প্ৰাক্তন আলফা সম্পাদক অনুপ চেতিয়াই?  এই বিষয়টোক লৈ বিশেষ চৰ্চা হোৱা নাছিল যদিও শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিয়ে কিছু প্ৰশ্নৰ সৃষ্টি কৰিছে। কিয়নো অনুপ চেতিয়াই এটা আঞ্চলিক ৰাজনৈতিক দলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শক্তিশালী কৰাৰ কথাও কয়। শনিবাৰে আঞ্চলিক দল অগপৰ প্ৰতিষ্ঠা দিৱসস্থলীত উপস্থিত হৈ অনুপ চেতিয়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয় যে, অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস ইয়াত অনুষ্ঠিত কৰাৰ বাবে অসম গণ পৰিষদৰ  তৰফৰ পৰা যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বাবে জেৰাই গাঁৱৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। জেৰাই গাঁও এখন ঐতিহ্যপূৰ্ণ গাঁও। ইয়াত আঞ্চলিকতাৰ ভেঁটি যথেষ্ঠ শক্তিশালী। পূৰ্বতে আঞ্চলিকতাবাদী আছিল যদিও পিছত বহু ৰাজনৈতিক দল ইয়াত আহিছে। অৱশ্যে গাঁৱবাসীৰ আঞ্চলিকতাবাদী এতিয়াও অটুট আছে।

আলফাৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে জেৰাই গাঁৱত অনুষ্ঠিত হ’বলগীয়া অগপৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতিৰ কাম- কাজৰ বুজ লয়। ৰাইজক এই অনুষ্ঠানলৈ আহিবলৈ আহ্বান জনাই চেতিয়াই কয় যে, প্ৰতিষ্ঠা দিৱসৰ বাবে ইয়ালৈ অহা অতিথি যাতে অসন্তুষ্ট নহয় তাৰ বাবে ৰাইজে গুৰুত্ব দিব লাগিব। ইয়াৰোপৰি আঞ্চলিক শক্তিবোৰে যাতে সাহস পাই তাৰ বাবে ৰাইজ ওলাই আহি অনুষ্ঠানত উপস্থিত হ’ব লাগিব। সমূহ ৰাইজক এই প্ৰতিষ্ঠি দিৱস কাৰ্যসূচীত উপস্থিত হ’বলৈ আহ্বান জনাই চেতিয়াই। লগতে অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ সাফল্য কামনা কৰে অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাই।

উল্লেখ্য যে, ১৪ অক্টোবৰত জেৰাই গাঁৱত অনুষ্ঠিত হ’ব অসম গণ পৰিষদৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে লাইখুটা স্থাপন কৰাৰ লগতে প্ৰস্তুতিও আৰম্ভ কৰিছে দলটোৰ কৰ্মকৰ্তাসকলে। এই প্ৰস্তুতিৰ কাম- কাজৰ বুজ ল’বলৈ প্ৰতিষ্ঠা দিৱসস্থলীত উপস্থিত হৈ চেতিয়াই এই মন্তব্য কৰে। চেতিয়াৰ এই মন্তব্যই এতিয়া যেন এক অন্য ইংগিতহে দিছে।

চেতিয়াই এই মন্তব্যৰ পাছতেই এতিয়া একাংশৰ মনত বহু প্ৰশ্নৰ উত্থাপন হৈছে। প্ৰশ্ন হয়, ৰাজনীতিত যোগদান কৰিব নেকি অনুপ চেতিয়াই? আঞ্চলিকতাবাদী দল অগপৰ জৰিয়তে চেতিয়াই প্ৰত্যক্ষ ৰাজনীতিলৈ আহিব নেকি?  মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে আলফ (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাইও যোগদান কৰিছিল অগপত। গতিকে আলফাৰ প্ৰাক্তন নেতাগৰাকীয়ে অগপত যোগদান কৰিব বুলি একাংশৰ মনত সন্দেহ উপজিছে। অৱশ্যে এই সন্দৰ্ভত অগপ নেতৃত্বই স্পষ্টকৈ কোনো মত প্ৰকাশ কৰা নাই।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...