অসমত নাই এই বিশেষ অনুমতি, সেয়ে কলকাতাত বৃক্ক সংৰোপণ কৰা হৈছে ডাঃ অভিজিত শৰ্মাৰ

ডাঃ অভিজিত শৰ্মা অসুস্থ বুলি প্ৰকাশ পোৱাৰ পাছতেই বিভিন্নজন গুণমুগ্ধই তেওঁৰ আশুআৰোগ্য কামনা কৰে । সামাজিক মাধ্যমত বহুজনে তেওঁৰ বাবে প্ৰাৰ্থনা কৰা দেখা যায় । তাৰ মাজতে বহুতেই এটা প্ৰশ্ন উত্থাপন কৰে যে অসমৰ স্বাস্থ্যখণ্ডত অত্যাধুনিক সুবিধা উপলব্ধ হোৱাৰ পাচতো কিয় ডাঃ শৰ্মাই বাহিৰত চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈছে?

অসমত নাই এই বিশেষ অনুমতি, সেয়ে কলকাতাত বৃক্ক সংৰোপণ কৰা হৈছে ডাঃ অভিজিত শৰ্মাৰ

ডাঃ অভিজিত শৰ্মা

Published: 

10 Jun 2025 | 05:12 PM

ডাঃ অভিজিত শৰ্মা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক তেওঁ । শেহতীয়াকৈ তেওঁ সংবাদ মাধ্য়ম আৰু সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে । সম্প্ৰতি শাৰীৰিকভাৱে অসুস্থ ডাঃ শৰ্মা । পিছে এই চৰ্চা কেৱল ডাঃ শৰ্মাৰ অসুখক লৈ নহয়, তেওঁ নিজে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক হৈও কিয় বহিঃৰাজ্যত চিকিৎসা কৰোৱাইছে, তাক লৈ চলিছে চৰ্চা ।

বিভিন্নজনে অসম চৰকাৰৰ স্বাস্থ্য বিভাগক সমালোচনা কৰিছে । অসমত এতিয়াও উপযুক্ত চিকিৎসা সেৱা উপলব্ধ নহয় বুলি বহুতেই সামাজিক মাধ্যমত পোষ্ট কৰিছে । ইয়াৰ মাজতে অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে ডাঃ অভিজিত শৰ্মাই বহিঃৰাজ্যত চিকিৎসা গ্ৰহণ কৰা বিষয়ত সবিশেষ তথ্য প্ৰকাশ কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত স্বাস্থ্যমন্ত্ৰী সিংহালে এই বিতৰ্কক সম্বোধন কৰি নিৰ্দ্বিধায় কয় যে কলকাতাত ট্ৰান্সপ্লাণ্টৰ সিদ্ধান্ত লোৱাটোৱে অসমৰ স্বাস্থ্যসেৱাৰ সুবিধাৰ ক্ষেত্ৰত কোনো অভাৱৰ ইংগিত নিদিয়ে ।

সিংহালে নিজৰ পোষ্টত লিখিছে, ‘‘অসমৰ ‘স্বাস্থ্যসেৱাৰ দুৰ্বল আন্তঃগাঁথনি’ৰ বাবেই জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাৰ কলকাতাত কিডনী ট্ৰান্সপ্লাণ্ট কৰা হৈছে বুলি একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অভিযোগ কৰিছে ।”

তেওঁ বুজাই দিয়ে যে অসমত বৰ্তমান চিকিৎসা-আইনী বাধাৰ বাবে অসংলগ্ন দাতাৰ পৰা অংগ প্ৰতিস্থাপনৰ অনুমতি দিয়া হোৱা নাই । তেওঁ লগতে কয়, ‘‘পশ্চিম বংগৰ দৰে কিছুমান ৰাজ্যতহে এনে পদ্ধতি আইনগতভাৱে অনুমোদিত ।‘‘

অসমৰ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ যোগ্যতাক গুৰুত্ব দি সিংহালে নাগৰিকসকলক ভুল তথ্যৰ বলি নহ’বলৈ আহ্বান জনায় । তেওঁ দৃঢ়তাৰে কয়, ‘‘জিএমচিএইচকে ধৰি অসমৰ চিকিৎসালয়সমূহে প্ৰতি বছৰে লাখ লাখ ৰোগীক নিষ্ঠা আৰু যত্নৰে সেৱা আগবঢ়ায় ।‘‘

বৃক্ক সম্পৰ্কীয় গুৰুতৰ জটিলতাৰ সৈতে যুঁজি থকা ডাঃ শৰ্মা বৰ্তমান কলকাতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ কাৰ্ডিয়াক ছায়েন্স (আৰ টি আই আই চি এছ)ত ভৰ্তি হৈ আছে, য’ত তেওঁৰ ট্ৰান্সপ্লাণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে । স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক গুৱাহাটীৰ পৰা বিমানেৰে লৈ যোৱা হয় ।

উল্লেখ্য যে ডাঃ অভিজিত শৰ্মা অসুস্থ বুলি প্ৰকাশ পোৱাৰ পাছতেই বিভিন্নজন গুণমুগ্ধই তেওঁৰ আশুআৰোগ্য কামনা কৰে । সামাজিক মাধ্যমত বহুজনে তেওঁৰ বাবে প্ৰাৰ্থনা কৰা দেখা যায় । তাৰ মাজতে বহুতেই এটা প্ৰশ্ন উত্থাপন কৰে যে অসমৰ স্বাস্থ্যখণ্ডত অত্যাধুনিক সুবিধা উপলব্ধ হোৱাৰ পাচতো কিয় ডাঃ শৰ্মাই বাহিৰত চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈছে? তাৰোপৰি অসমৰ বিভিন্নজন ভিভিআইপিয়েও চিকিৎসাৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰাক লৈও প্ৰশ্ন কৰিছিল বিভিন্নজনে । অৱশ্যে কি পৰিস্থিতিত ডাঃ শৰ্মাই কলকাতাত চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈছে সেয়া আজি স্পষ্ট কৰি দিয়ে ডাঃ সিংহলে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...