“প্ৰতিবাদৰ লগত মই নাই, আলোচনা হ’লে থাকিম”, তেজপুৰ বিশ্ববিদ্যালয়ৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

বিশ্ববিদ্যালয়খনৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ একপ্ৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা আন্দোলনক গৰিহণা দিছে।

প্ৰতিবাদৰ লগত মই নাই, আলোচনা হলে থাকিম, তেজপুৰ বিশ্ববিদ্যালয়ৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
Updated On: 

07 Dec 2025 19:24 PM

উত্তপ্ত তেজপুৰ বিশ্ববিদ্যালয়। পলাতক উপাচাৰ্য শম্ভূনাথ সিঙক বৰ্খাস্ত আৰু উত্থাপিত দুৰ্নীতি অভিযোগৰ তদন্তৰ দাবীত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-কৰ্মচাৰীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। এই সময়তে বিশ্ববিদ্যালয়খনৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ একপ্ৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা আন্দোলনক গৰিহণা দিছে। তেওঁ কয় যে,তেওঁ কোনো প্ৰতিবাদক সমৰ্থন নকৰে। কিন্তু সকলো ধৰণৰ আলোচনাৰ প্ৰতি তেওঁ সমৰ্থন আগবঢ়াব।

ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা বিশ্ববিদ্যালয়খনৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ আহিছে। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰাজ্যবাসী শোকাতুৰ হৈ থকাৰ সময়তে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে উপাচাৰ্য শম্ভূনাথ সিং আৰু বিষয়াসকলে শিল্পী জুবিন গাৰ্গক প্ৰাপ্য সন্মান প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেতিয়াৰ পৰা বিশ্ববিদ্যালয়খনত চিন্তনীয় পৰিস্থিতি সৃষ্টি হয়।

এই সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “য’ত আন্দোলন হয় তাত মই নাই। যদি আলোচনা হয় তেন্তে মই তাত থাকিম।”

উল্লেখ্য যে, কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ২৯ নৱেম্বৰৰ পৰা কেম্পাছত “সম্পূৰ্ণ বন্ধ” জাৰি কৰাৰ ফলত প্ৰশাসনে সকলো ছেমিষ্টাৰ পৰীক্ষা বাতিল কৰিবলগীয়া হৈছে। খবৰ অনুসৰি, শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ এটা দল বিশ্ববিদ্যালয়খনৰ পৰিস্থিতি বুজ লোৱাৰ বাবে উপস্থিত হৈছিল। দলটোত আছিল কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা সচিব ড° বিনীত যোশী, সৌম্যয় গুপ্তা, এগৰাকী সঞ্চালক আৰু উচ্চ শিক্ষা সংযুক্ত সচিব।

এই দলটো বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ সময়তো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীয়ে। পাছত কেন্দ্ৰীয় দলটোৱে প্ৰতিবাদকাৰী সৈতে পৃথকে পৃথকে আলোচনা কৰে যদিও আলোচনাৰ সিদ্ধান্তক লৈ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-শিক্ষক সমাজে অসন্তুষ্টি প্ৰকাশ কৰে বুলি জানিব পৰা গৈছে। তেওঁলোকৰ এটাই দাবী পলাতক উপাচাৰ্য শম্ভূনাথ সিঙক বৰ্খাস্ত কৰা আৰু দুৰ্নীতি অভিযোগৰ উচিত তদন্ত কৰা।

পুৰুষৰ বাবে টাইট জিন্স হ’ব পাৰে বহু সমস্যাৰ কাৰণ, হ’ব পাৰে যৌন সমস্যাও! জানি লওক এতিয়াই
উশাহত কষ্ট, কাহ বা বুকুৰ বিষ নহয় ! গোপনে দেখা দিয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৩ টা লক্ষণ জানক
লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...