Srimanta Sankardev: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি কেতিয়া?

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি সমাগত। প্ৰতিজন অসমীয়াই এই দিনটো শ্ৰদ্ধাৰে উদযাপন কৰে। তেওঁ অসমীয়া সাহিত্য-সংস্কৃতি, ধৰ্ম-দৰ্শণ, সমাজ আৰু সংস্কৃতিৰ মূল চালিকা শক্তি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক আছিল।

Srimanta Sankardev: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি কেতিয়া?

শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি কেতিয়া?

Published: 

21 Aug 2025 21:08 PM

সমাগত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। এই দিনটোত ভক্তিৰসত বুৰ যায় সমগ্ৰ ৰাজ্য। পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে গুঞ্জৰিত হয় সত্ৰ-নামঘৰ। নগাঁৱৰ বটদ্ৰৱা থান, বৰপেটা সত্ৰ, গোলাঘাট আঠখেলিয়া নামঘৰ, ঢেকীয়াখোৱা নামঘৰতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ আয়োজন কৰা হয়। আনহাতে মাজুলীৰ সত্ৰ নামঘৰতো পুৱাৰে পৰা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়।

শংকৰদেৱৰ জন্ম তাৰিখ সম্বন্ধে কেইবাটাও মতবাদ চলি আছে। কথা গুৰু চৰিতৰ মতে, “কাৰ্তিকৰ সংক্ৰান্তি : বাৰ বৃহস্পতিবাৰ : তিথি পূৰ্ণিমা : শ্ৰৱণা নক্ষত্ৰ মধ্য নিশা জ্যোতিষক (১৩৭১ : তেৰশ একসতৰি শকত) আন কোনো কোনোৰ মতে, আহিন মাহৰ পাঁচদিন যোৱাত শুক্লা দশমী তিথি শুকুৰবাৰ, ৰাতি চাৰিদণ্ড যোৱাত ১৩৭১ শকত শঙ্কৰদেৱৰ জন্ম হয়। ৰামচৰণ ঠাকুৰে লিখিছে,

“আশ্বিন প্ৰৱেশি পাঞ্চদিন বহি গৈল।
সেহি দিনা শঙ্কৰদেৱৰ জন্ম ভৈল।
শুকুলা দশমী আসি ভৈল শুক্ৰবাৰে।

চৰিতকাৰ দৈত্যাৰি ঠাকুৰ, ৰামানন্দ দ্বিজ আৰু ভূষণ দ্বিজই চন তাৰিখৰ উল্লেখ নকৰাকৈ মাত্ৰ জন্ম মাহৰ উল্লেখ কৰিছে। “বাঁহী’’ত প্ৰকাশিত এটি মত, “ ১৩৭১ শকৰ কাৰ্তিক সংক্ৰান্তিৰ অমাৱস্যা তিথিৰ বৃহস্পতিবাৰে মাজনিশা শঙ্কৰদেৱৰ জন্ম হয়’’। এই সকলোবোৰ মত মিলালে শঙ্কৰদেৱৰ জন্ম ১৩৭১ শকৰ কাতি নাইবা আহিনৰ নাইবা ফাগুণৰ বৃহস্পতিবাৰে মাজনিশা বুলি মানিব পাৰি। ইংৰাজী চন মতে ১৪৪৯ চন৷ শঙ্কৰৰ পিতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধ্যা দেৱী।

শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি কেতিয়া?

এইবাৰ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি। ২০২৫ বৰ্ষত শ্ৰীমন্ত শংকৰদেৱৰ তিথি ভাদ মাহৰ ৮ তাৰিখ সোমবাৰে পালন কৰা হ’ব। ইংৰাজী কেলেণ্ডাৰ অনুসৰি আগষ্ট মাহৰ ২৫ তাৰিখে ৰাজ্যজুৰি পালন কৰিব।

শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ নামৰ ধব্বনিৰে মুখৰ হৈ পৰিব চৌদিশ। পুৱাৰে পৰা নামঘৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ’ব। প্ৰতিজন অসমীয়াই আজি শ্ৰদ্ধাৰে পালন কৰি আহিছে শংকৰদেৱৰ তিৰোভাৱ তিথি।

 

Chanakya Niti: গোটেই জীৱন দুখীয়া হৈ থাকিব, যদিহে আছে এই চাৰিটা অভ্যাস! চাণক্যই ক'লে এইদৰে...
ভাগ্যৰ চকৰী নিতে ঘূৰিছে গিলৰ, দলৰ দায়িত্ব লাভৰ পিছত এইবাৰ পাব পাৰে ৪০ কোটি টকা!
গ্ৰীষ্মকালত গুপ্তাংগৰ খজুৱতি আৰু প্ৰস্ৰাৱৰ জ্বলা-পোৰা কৰে নেকি? জানক ইয়াৰ কাৰণ
মগজু সুস্থ-সক্ৰিয় কৰি ৰাখিব বিচাৰেনে? আজিয়েই ত্যাগ কৰক এনে অভ্যাস