Jonbeel Mela: সমাগত জোনবিল মেলা, বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ

সমাগত জোনবিল মেলা। গোভা দেওঁৰজাৰ শাসনকালৰে পৰা চলি অহা পৰম্পৰাগত এখন মেলা ৷ মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন বিল হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই হৈছে জোনবিল মেলা।

Jonbeel Mela: সমাগত জোনবিল মেলা, বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ
Updated On: 

15 Jan 2026 | 04:13 PM

বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। সমাগত এই ঐতিহাসিক জোনবিল মেলা। জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব গোভা দেউৰজাৰ ঐতিহাসিক জোনবিল মেলা। আধুনিক মুদ্ৰাক অচল কৰি বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ ৷ ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত তুলিছে মেলা পৰিচালনা সমিতিয়ে ৷

পাহাৰ ভৈয়ামৰ অতিথিসকলৰ বাবে মেলাথলিৰ সৌন্ধর্য বর্ধনৰ লগতে বিভিন্ন সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। ২০২৬ত জোনবিল পাৰত তিনিদিনীয়া পৰম্পৰাগত কাৰ্যসূচীৰে ‘জোনবিল মেলা’ৰ অনুষ্ঠিত কৰা হ’ব। ২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ ২২,২৩ আৰু ২৪ তাৰিখে তিনিদিনীয়া পৰম্পৰাগত কাৰ্যসূচীৰে তিৱা সাংস্কতিক প্রাণকেন্দ্র, পাহাৰ-ভৈয়াম মিলনৰ ক্ষেত্ৰ আৰু বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ প্রতীক ‘জোনবিল মেলা’ অনুষ্ঠিত কৰা হ’ব।

মেলাৰ প্ৰথম দিনাই পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ কাৰ্বিআংলং আৰু মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা মেলালৈ আহিব পাহাৰৰ মামা-মামী ৷ লৈ আনিব পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ ৷ দ্বিতীয় দিনা সেই সামগ্ৰীৰে ভৈয়ামৰ লোকৰ সৈতে বিনিময় কৰিব চিৰা, পিঠা, সান্দহ, মাছ আদি ৷ সমান্তৰালকৈ জোনবিলত চলিব কুকুৰা যুঁজ আৰু সমূহীয়া মৎস্য চিকাৰ পৰ্ব ৷ সেইদিনাই মেলাথলীত অনুষ্ঠিত হ’বলগীয়া ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক ৷ ৰাজদৰবাৰত মধ্য অসমৰ ২২ গৰাকীকৈ তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তৃতীয় অৰ্থাৎ অন্তিম দিনা অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্বৰ পিছতে ৰজাৰ নিৰ্দেশমৰ্মে মেলাথলীত প্ৰতীকি ৰূপত কৰ সংগ্ৰহ কৰিব ৰজাৰ বা-বিষয়াই ৷ তাৰ পিছতে সামৰণি পৰিব ইতিহাস প্ৰসিদ্ধ গোভা দেওৰজাৰ জোনবিল মেলাৰ ৷

জোনবিল মেলাৰ তাৎপৰ্য

এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে, পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা।

মেলা আৰু বিনিময় প্ৰথা

জোনবিল মেলাৰ আৰম্ভণি কোনে, কেতিয়া কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও তাহানিৰ গোভা ৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হোৱা বুলি পণ্ডিত-গৱেষকসকলে মত পোষণ কৰিছে। গোভা ৰজা হৈছে এই মেলাৰ জন্মদাতা।

জোনবিল মেলাৰ ব্যুৎপত্তিগত অৰ্থ বিচাৰি গ’লে, কিছুমান জনশ্ৰুতি লোকসমাজৰ মুখত প্ৰচলিত হৈ অহা শুনিবলৈ পোৱা যায়। গোভা ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাই এদিন ৰাণীৰ বিহাৰ কৰি ঘূৰি ফুৰোঁতে এখন বিলৰ কাষ পাইছিল। বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি জিলিকি উঠিছিল। তাকে দেখি ৰজা-ৰাণীৰ মন আনন্দিত হৈছিল আৰু তেতিয়াই ৰজাই ৰাণীক কৈছিল, ‘হেবে ছনাই পিল হঙদ’ অৰ্থাৎ এইখন জোনটোৰ দৰে বিল। তিৱা ভাষাত ‘ছনাই’ মানে হৈছে জোন, এই ছনাই পিলৰ পৰাই কালক্ৰমত অপভ্ৰংশহৈ ছনাই পিল, জনাই পিল আৰু তাৰ পিছত জোনবিল হোৱা বুলি কোৱা হয়। ভৌগোলিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে এই বিলখনৰ আকৃতি কাঁচি জোনটোৰ দৰে, সেই বাবেও হয়টো ইয়াৰ নাম জোনবিল হ’ব পাৰে বুলি একাংশৰ বিশ্বাস।

সাৱধান! কি কি ৰোগত আক্ৰান্ত ৰোগীয়ে বীট খোৱাটো অনুচিত জানক
ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
প্ৰয়োজনতকৈ অধিক খাদ্য খালে শৰীৰে কি কি ইংগিত দিয়ে, জানক...
৩০ দিন একেৰাহে জিৰা পানী খালে শৰীৰৰ কি কি পৰিবৰ্তন হ'ব?জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি