West Karbi Anglong Violence: কাৰ্বি আংলঙৰ হিংসাত নিহত দুজন, আহত ৩৮ জন আৰক্ষী জোৱানসহ কমেও ৪৫ জন

অগ্নিসংযোগ কৰা এটা অট্টালিকাৰ পৰা ২৫ বছৰীয়া বিশেষভাৱে সক্ষম সুৰেশ দেৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে এই সংঘৰ্ষৰ সময়ত অথিক তিমুং নামৰ আন এজন লোকৰ মৃত্যু হয়।

West Karbi Anglong Violence: কাৰ্বি আংলঙৰ হিংসাত নিহত দুজন, আহত ৩৮ জন আৰক্ষী জোৱানসহ কমেও ৪৫ জন
Published: 

24 Dec 2025 07:28 AM

মঙলবাৰৰ আবেলিৰ পৰা পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হয়। জিলাখনত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৮ জন আৰক্ষীকে ধৰি কমেও ৪৫ জন লোক আহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ লাঠিচাৰ্জ আৰু কন্দুৱা গেছৰ গুলী চলাবলগীয়া হয়।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰা এটা অট্টালিকাৰ পৰা ২৫ বছৰীয়া বিশেষভাৱে সক্ষম সুৰেশ দেৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে এই সংঘৰ্ষৰ সময়ত অথিক তিমুং নামৰ আন এজন লোকৰ মৃত্যু হয়। জনজাতীয় অঞ্চলৰ পৰা বেদখলকাৰীক আঁতৰাই নিয়াৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে।

কাৰ্বি ভূমিৰ শেহতীয়া হিংসাত্মক ঘটনাত মৃত্যু হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে,পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছো। আজিৰ অশান্তিত দুজন লোকে প্ৰাণ হেৰুৱাটো অতি দুখৰ কথা।

মুখ্যমন্ত্ৰী শৰ্মাই কয়,”আমি সংশ্লিষ্ট সকলোৰে সৈতে অহৰহ যোগাযোগত আছো, যাতে স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিব পাৰো। শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। চৰকাৰে ক্ষতিগ্ৰস্ত সকলো পৰিয়ালৰ সৈতে থিয় দি প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব।”

ডিজিপি হৰমীত সিঙে সাংবাদিকৰ আগত কয় যে, তেওঁ প্ৰতিবাদকাৰীৰ সৈতে কথা পাতিছে আৰু তেওঁলোকে কোনো ধৰণৰ হিংসাত লিপ্ত নহ’ব বুলি প্ৰতিশ্ৰুতি দিছে। সিঙে কয়,” যদিও শান্তি বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিছিল, অৱশ্যে তেওঁলোকে শিল নিক্ষেপ, কাঁড় মাৰিছে, দোকান জ্বলাইছে… হিংসাত্মক পৰিস্থিতিত আই পি এছ বিষয়াকে ধৰি ৩৮ জন আৰক্ষী আহত হৈছে। মোৰ কান্ধতো এটা শিল পৰিছে।”

তেওঁ সকীয়াই দিয়ে যে, প্ৰতিবাদকাৰীয়ে যদি আইন নিজৰ হাতত লয় তেন্তে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’বলৈ বাধ্য হ’ব। লগতে হিংসাই কোনো সমস্যা সমাধান কৰিব নোৱাৰে বুলি প্ৰতিবাদকাৰীক বুজাবলৈ সমাজৰ সকলো শ্ৰেণীকে আহ্বান জনাইছে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ অভিযোগৰ সমাধানৰ বাবে তেওঁলোকৰ সৈতে আলোচনা কৰিব বুলি কয় আৰক্ষীৰ বিষয়াগৰাকীয়ে।।

জনজাতীয় অঞ্চলৰ পৰা বেদখলকাৰীক আঁতৰাই নিয়াৰ দাবীত প্ৰতিবাদকাৰীসকলেও খেৰণি বজাৰ অঞ্চলত সমবেত হয়। এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, অঞ্চলটোত নিয়োজিত নিৰাপত্তা বাহিনীয়ে তেওঁলোকক শান্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও হঠাতে দুয়োফালৰ পৰা শিলগুটি নিক্ষেপ হোৱাৰ ফলত কেইবাজনো প্ৰতিবাদকাৰী, আৰক্ষী আৰু সংবাদ মাধ্যমৰ লোক আহত হয়।

তেওঁ কয় যে, পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত আৰক্ষীয়ে লাঠি-চাৰ্জ আৰু কন্দুৱা গেছ গোলাবৰ্ষণৰ আশ্ৰয় লৈ দুয়োটা গোটৰ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়ে। ইয়াৰ পূৰ্বে আন্দোলনকাৰীয়ে খেৰণি অঞ্চলত দুখন মটৰ চাইকেলত অগ্নি সংযোগ কৰিছিল। ইফালে, শান্তি-শৃংখলা বজাই ৰখাৰ লগতে বৰ্তমানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মঙলবাৰে কাৰ্বি আংলং আৰু পশ্চিম আংলং দুয়োখন জিলাতে সাময়িকভাৱে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে।

হঠাৎ ৰক্তচাপ বৃদ্ধি হ'লে কি কৰিব? জানক...
এজন ব্যক্তিয়ে দৈনিক কিমান পৰিমাণৰ মদ্যপান কৰিব পাৰে ? নৱবৰ্ষ উদযাপনৰ পূৰ্বে জানক
শীতকালত চাইনাছৰ সমস্যা হ'লে কি কৰিব ? ৰোধ কৰাৰ উপায় জানক
এইবোৰ খাদ্যই বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে! সাৱধান হওক...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা