অসমৰ সাংস্কৃতিক জগতৰ পৰা খহি পৰিল এটি ভোটাতৰা, প্ৰসিদ্ধ গীতিকাৰ চিদানন্দ দাসৰ দেহাৱসান
ইহসংসাৰৰ মায়া এৰি অনন্তধামলৈ গতি কৰিলে প্ৰথিতযশা গীতিকাৰ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া চিদানন্দ দাসে। আকাশবাণী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল প্ৰয়াত দাস। ৮৮ বছৰ বয়সত নয়দাৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অসমৰ এইগৰাকী সুসন্তানে।

প্ৰখ্যাত গীতিকাৰ চিদানন্দ দাস প্ৰয়াত
অতি সংগোপনে- অতি নীৰৱে এই পৃথিৱীৰ মায়া এৰি গুচি গ’ল এগৰাকী প্ৰথিতযশা গীতিকাৰ। আকাশবাণীৰ শ্ৰোতাই পান কৰিছিল এইগৰাকী ব্যক্তিৰ কলেমেৰ গীত হৈ নিগৰা শব্দৰ সুধা। বয়স হিচাপে ৯০ ৰ ওচৰ চাপিছিল তেওঁ, কিন্তু নিয়তিয়ে তেওঁক কাঢ়ি লৈ গ’ল আমাৰ মাজৰ পৰা।
ইহসংসাৰৰ মায়া এৰি যোৱা এইগৰাকী গীতিকাৰ হৈছে চিদানন্দ দাস। এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হিচাপেও তেওঁৰ আন এক চিনাকী আছে। যোৱা ২০ আগষ্টত নয়ডাৰ এখন হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সেই সময়ত তেওঁৰ বয়স হৈছিল ৮৮ বছৰ।
চিদানন্দ দাসৰ জন্ম হৈছিল বিশ্বনাথ চাৰিআলিৰ ভীৰগাঁৱত। তেখেতৰ পিতৃ আছিল তাম্ৰপত্ৰপ্ৰাপ্ত স্বাধীনতা সংগ্ৰামী চেনিৰাম দাস। বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণৰ পাছত তেওঁ কটন কলেজৰ পৰা আই.এছচি উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।
শিক্ষা সাং কৰি শ্বিলঙতেই কৰ্মজীৱনৰ পাতনি মেলে চিদানন্দ দাসে। তাৰ পাছত তেওঁ উভতি আহে অসমলৈ। প্ৰশাসনিক বিষয়া হিচাপে অসমৰ বিভিন্ন জিলাত তেওঁ সেৱা আগবঢ়ায়। ১৯৯৮ চনত তেওঁ খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যুটীয়া সঞ্চালক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।
এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ উপৰিও তেওঁৰ দেহৰ সিৰাই-উপসিৰাই বিয়পি আছিল কৃষ্টি-সংস্কৃতি, সাহিত্যৰ অমিয়া ধাৰ। অল ইণ্ডিয়া ৰেডিঅ’ৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল চিদানন্দ দাস। নিজৰ গীতৰ সুধাৰে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছে এইগৰাকী গীতিকাৰে। গীতি সাৰণি তেওঁৰ চিৰযুগমীয়া অৱদান, য’ত প্ৰায় ২৫০০ সংকলন কৰা জনপ্ৰিয় অসমীয়া গীত আছে। সংগীতপ্ৰেমী আৰু গৱেষকৰ বাবে আজিও ই এক অমূল্য সম্পদ হৈ ৰৈছে গীতি সাৰণি।
চিদানন্দ দাসৰ সৃষ্টিৰাজিৰ ভিতৰত অন্যতম হৈছে বাখৰমণি আৰু অনুৰাগ নামৰ দুখন গীতৰ পুথি। তাৰোপৰি বিভিন্ন বিষয়ৰ প্ৰৱন্ধৰ এক সংকলন সঞ্জীৱনী, কেইবাখনো অপ্ৰকাশিত পাণ্ডুলিপি যেনে প্ৰাণ গংগা, ভেনিচৰ সাউদ আৰু শূন্য শৰত তেখেতৰ অনুপম সৃষ্টি।
অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, দেশপ্ৰাণ লক্ষীধৰ শৰ্মা আৰু ঔপন্যাসিক দীননাথ শৰ্মাৰ দৰে ব্যক্তিয়ে জন্মগ্ৰহণ কৰা পবিত্ৰ অসম ভূমিত নিজৰ সৃষ্টি আৰু কৰ্মৰাজিৰে দেশপ্ৰেমৰ ধাৰাটোক আগুৱাই নিছিল চিদানন্দ দাসে। অৱসৰৰ পাছতো অবিৰত আছিল তেওঁৰ সৃষ্টিৰ ধাৰা। জীৱনৰ শেষ মুহূৰ্তলৈকে তেওঁ অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতখনলৈ অৱদান আগবঢ়াই গৈছে।
শিল্পী লোকনাথ গোস্বামীৰ শোক প্ৰকাশ
অসমৰ প্ৰখ্যাত শিল্পী লোকনাথ গোস্বামীয়ে চিদানন্দ দাসৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। ফেচবুকত এটা পোষ্টত শিল্পীগৰাকীয়ে লিখিছে- “বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়া চিদানন্দ দাসৰ কালি, ২০ আগষ্ট তাৰিখে নবৈৰোৰ্দ্ধৰ বয়সত দেহাৱসান ঘটে। চিদানন্দ দাস আমাতকৈ বয়সত যথেষ্ট ডাঙৰ আছিল যদিও আমাৰ সৈতে সম্পৰ্ক বন্ধুত্বসুলভ আছিল। এটা সময়ত তেখেত আমাৰ প্ৰতিৱেশী আছিল আৰু সঘনাই লগ পাই থকাৰ সৌভাগ্য হৈছিল। পাছত দিল্লীলৈ গৈ পুত্ৰ-বোৱাৰীৰ সৈতে থাকিবলৈ লয়। তেখেতে প্ৰায়ে ফোনতে আমাৰ সৈতে যোগা-যোগ ৰাখি আছিল, বিশেষকৈ সাংস্কৃতিক বিষয়ত।
এই গৰাকী চিদানন্দ দাসৰ অনুগ্ৰহতে ২০১৬ চনত আমি সপত্নীক দিল্লীত স্থানীয় জ্যেষ্ঠ নাগৰিক সমাজে ’বিশ্ব জ্যেষ্ঠ নাগৰিক’ দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত এগৰাকী বিশিষ্ট অতিথি হিচাবে ভাগ লোৱাৰ সুযোগ পাইছিলো। সিদিনা তেখেতে মঞ্চত আমাৰ সৈতে একেলগে গীতো পৰিৱেশন কৰিছিল। আমাক সম্বৰ্দ্ধনা জনাবলৈ বুলি জ্যেষ্ঠ প্ৰশাসনিক বিষয়া মদন প্ৰসাদ বেজবৰুৱাকো তেখেতে আমন্ত্ৰণ জনাইছিল সিদিনা। সেই দিনটোৰ কথা আমি কাহানিও পাহৰিব নোৱাৰো।
চিদানন্দ দাসৰ অসমীয়া আধুনিক গীত সম্পৰ্কীয় একাধিক গ্ৰন্থও প্ৰকাশ পাইছে। আকাশবাণীৰ বহু আগশাৰীৰ শিল্পীয়ে তেখতৰ গীতত কণ্ঠ নিগৰাইছে। তেখেত প্ৰকৃতাৰ্থত এগৰাকী অতি সৎ আৰু নিকা মনৰ মানুহ আছিল। তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।”
প্ৰসিদ্ধ গীতিকাৰ চিদানন্দ দাসে ইহসংসাৰত এৰি গৈছে এজন পুত্ৰ, ৱোৱাৰী, জী-জোঁৱাই আৰু নাতি-নাতিনীক। অসমী আইৰ এইগৰাকী কৃতিসন্তানৰ দেহাৱসানত TV9-অসমৰ তৰফৰ পৰাও জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।