“দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিব লাগে”, অনুপ্ৰৱেশকাৰীৰ বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আছুৰ সভাপতিৰ

প্ৰত্যেকজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাড়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । পুনৰ এই দাবী উত্থাপন কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ।

দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিব লাগে, অনুপ্ৰৱেশকাৰীৰ বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আছুৰ সভাপতিৰ

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা

Updated On: 

10 Jun 2025 | 03:43 PM

অসমত এজনো অবৈধ বিদেশীক থাকিবলৈ দিয়া নহ’ব । প্ৰত্যেকজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাড়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । পুনৰ এই দাবী উত্থাপন কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । আজি মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাই বঙাইগাঁও জিলাৰ তুলুঙীয়াত কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস পালন কৰে । এই অনুষ্ঠানটোত সংগঠনৰ পতাকা উত্তোলন কৰে সভাপতিগৰাকীয়ে ।

ইয়াৰ পাছতে আছুৰ সভাপতি গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰা দেখা যায় । বিশেষকৈ অবৈধ অনুপ্ৰৱেশৰ বিষয়ত আছুৰ সভাপতি শৰ্মাই কয়, “কোনো অবৈধ বিদেশীক অসমত থাকিবলৈ দিয়া নহ’ব । শেষৰজন অবৈধ বিদেশীক চিনাক্ত কৰি বিতাড়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।”

ভাৰত-বাংলাদেশ সীমান্তক ভাৰত-পাকিস্তান সীমান্তৰ দৰেই সুৰক্ষিত আৰু কটকটীয়াকৈ ছিল কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আছুৰ সভাপতিগৰাকীয়ে  । তেওঁ কয় যে, ভাৰত-বাংলাদেশ সীমান্তৰে কেৱল অবৈধ অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ ঘটা নাই । এই সীমান্তৰ মাজেৰে মৌলবাদী আৰু জেহাদীয়ো প্ৰৱেশ কৰা বুলি বাৰে বাৰে অভিযোগ উত্থাপন হৈ আহিছে ।

লগতে আছুৰ সভাপতিগৰাকীয়ে কয় যে, সীমান্ত কটকটীয়াকৈ ছিল কৰাৰ উপৰি অনুপ্ৰৱেশকাৰীক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিব লাগে । তেতিয়াহে অনুপ্ৰৱেশকাৰীৰ যাত্ৰাটো বন্ধ হ’ব । ইয়াৰ লগতে সঠিকভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণৰ বাবে আছুৱে কৰি অহা দাবীও পুনৰবাৰ উল্লেখ কৰে আছুৰ সভাপতি উৎপল শৰ্মাই ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...