অৰুণাচলৰ নামচাইৰ পৰা আলফা স্বাধীনৰ কেডাৰ থাওচেন অসমক গ্ৰেপ্তাৰ

খবৰ অনুসৰি, অৰুণাচল নামচাইত অভিযান চলাইছিল অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলছে। এই অভিযান কালতে থাওচেনক কৰায়ত্ত কৰে অভিযানকাৰী দলটোৱে।

অৰুণাচলৰ নামচাইৰ পৰা আলফা স্বাধীনৰ কেডাৰ থাওচেন অসমক গ্ৰেপ্তাৰ
Published: 

26 Oct 2025 | 05:19 PM

নিৰাপত্তাৰক্ষীয়ে পুনৰ এজন দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰক আটক কৰাৰ খবৰ লাভ কৰা গৈছে। অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত গ্ৰেপ্তাৰ হোৱা আলফা স্বাধীনৰ কেডাৰজন হৈছে থাওচেন অসম ওৰফে অনুপম দহোতীয়া। খবৰ অনুসৰি, অৰুণাচল নামচাইত অভিযান চলাইছিল অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলছে। এই অভিযান কালতে থাওচেনক কৰায়ত্ত কৰে অভিযানকাৰী দলটোৱে।

জানিব পৰা মতে, থাওচেন অসমৰ ঘৰ তিনিচুকীয়াৰ বাৰেকুৰিত। থাওচেন অসমৰ পৰা MQ চিৰিৰ্জৰ এটা বন্দুক, ১৫১ জাই সজীৱ গুলি, এটা RPG, এটা বটল গ্ৰেনেড জব্দ কৰে। আলফা স্বাধীনৰ কেডাৰজন কাকপথাৰৰ সেনা চাউনি আক্ৰমণত জড়িত আছিল বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অৰুণাচলৰ নামচাইত আছাম ৰাইফলছ আৰু আলফা স্বাধীনৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হোৱাৰ খবৰ লাভ গৈছিল। এই সংঘৰ্ষৰ মাজতে আছাম ৰাইফলছৰ গুলীত নিহত হৈছিল তিনিচুকীয়াৰ আলফা(স্বাঃ)ৰ এজন কেডাৰ। নিহত কেডাৰজন আইৱান অসম বুলি জানিব পৰা যায়। লগতে আছাম ৰাইফলছৰ জোৱানে উদ্ধাৰ কৰা কৰিছিল অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ।

খবৰ অনুসৰি, যোৱা ২১ অক্টোবৰৰ নিশা ৬ মাইলৰ সমীপত আছাম ৰাইফলছৰ জোৱানে প্ৰায় সাতজনীয়া আলফা(স্বাঃ)ৰ এটা দলৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। সূত্ৰ অনুসৰি, এই দলটোৱে শেহতীয়াকৈ অসমৰ কাকপথাৰৰ সেনা শিবিৰত কৰা আক্ৰমণৰ সৈতে জড়িত হৈ থকাৰ সন্দেহ কৰা হয়।

যোৱা ১৭ অক্টোবৰৰ নিশা আলফা (স্বা)য়ে কাকপথাৰস্থিত সেনা ছাউনিত আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণত ‘অভিযান প্ৰতিশোধ’ নামেৰে নামকৰণ কৰে আলফা (স্বা)য়ে। আলচতে কিছুদিন পূৰ্বে আলফা (স্বা)ৰ শিবিৰত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল। যিটো আক্ৰমণ ভাৰতীয় সেনাই কৰা বুলি অভিযোগ উত্থাপন কৰিছিল আলফা স্বাধীনে। এই আক্ৰমণত আলফা (স্বা)ৰ কেইবাজনো সদস্যৰ মৃত্যু হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...