কি কি কামত আধাৰ ব্যৱহাৰ কৰিব নোৱাৰিব? UIDAI ৰ নিয়মত কি কোৱা হৈছে?
UIDAI য়ে বাৰে বাৰে স্পষ্ট কৰি দিছে যে, ১২ অংকৰ আধাৰ নম্বৰটো নাগৰিকত্বৰ প্ৰমাণ হিচাপে নহয়, পৰিচয়ৰ প্ৰমাণ হিচাপেহে ব্যৱহাৰ কৰিব পাৰিব। তথাপিও আধাৰ কি কামত ব্যৱহাৰ কৰিব পাৰি আৰু কি কৰিব নোৱাৰি সেই লৈ ভুল প্ৰচাৰ হৈয়েই আছে।

আধাৰ এতিয়া প্ৰায় প্ৰতিটো অত্যাৱশ্যকীয় সেৱাৰ সৈতে সংযুক্ত হৈ পৰিছে। ই জন্ম তাৰিখৰ প্ৰমাণ হিচাপে কাম কৰিব পাৰে নে ভাৰতীয় নাগৰিকত্বৰ কাম কৰিব পাৰে সেই লৈ বহু লোক বিভ্ৰান্ত। UIDAI য়ে বাৰে বাৰে স্পষ্ট কৰি দিছে যে, ১২ অংকৰ আধাৰ নম্বৰটো নাগৰিকত্বৰ প্ৰমাণ হিচাপে নহয়, পৰিচয়ৰ প্ৰমাণ হিচাপেহে ব্যৱহাৰ কৰিব পাৰিব। তথাপিও আধাৰ কি কামত ব্যৱহাৰ কৰিব পাৰি আৰু কি কৰিব নোৱাৰি সেই লৈ ভুল প্ৰচাৰ হৈয়েই আছে। এই বিভ্ৰান্তি দূৰ কৰিবলৈ UIDAI য়ে পুনৰ এবাৰ স্পষ্ট কৰি দিছে যে, আধাৰে এজন ব্যক্তিৰ পৰিচয় প্ৰমাণ কৰিব পাৰে, কিন্তু ইয়াক বাসস্থান বা নাগৰিকত্বৰ প্ৰমাণ বুলি গণ্য কৰিব নোৱাৰি।
আধাৰ কাৰ্ড ক’ত ব্যৱহাৰ কৰিব নোৱাৰিব?
শেহতীয়াকৈ যোগাযোগ মন্ত্ৰালয়ৰ অধীনস্থ ডাক বিভাগে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে, আধাৰ নম্বৰৰ সহায়ত এজন ব্যক্তিয়ে নিজৰ পৰিচয় প্ৰমাণ কৰিব পাৰে , আনকি অথেণ্টিকেচন বা অফলাইন পৰীক্ষণৰ সময়তো। নিৰ্দেশনাত উল্লেখ আছে যে, আধাৰ নম্বৰ বা ইয়াৰ অথেণ্টিকেচন আধাৰধাৰীৰ বাবে নাগৰিকত্ব বা বাসস্থানৰ প্ৰমাণ নহয়। ই জন্ম তাৰিখৰ প্ৰমাণো নহয়। চৰকাৰে সকলো ডাকঘৰক তথ্য আৰু প্ৰয়োজনীয় পথ প্ৰদৰ্শনৰ বাবে সকলোকে শেহতীয়া স্পষ্টীকৰণ প্ৰচাৰ কৰিবলৈ কয়।
কোনবোৰ সেৱাৰ বাবে আধাৰ বাধ্যতামূলক হৈ পৰিছে?
আধাৰ বহু বিত্তীয় আৰু চৰকাৰী সেৱাৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। আজি আধাৰ নম্বৰ অবিহনে বহু সুবিধা আৰু লেনদেন অসম্ভৱ। আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিল কৰা, পান লিংক কৰা, বেংক একাউণ্ট খোলা, নতুন মোবাইল চিম কাৰ্ড ক্ৰয়ৰ বাবে ই বাধ্যতামূলক। কিছুমান বিনিয়োগৰ বাবেও প্ৰয়োজন হয় ,যেনে- অন্যান্য বিনিয়োগ যিবোৰৰ বাবে কে ৱাই চি পৰীক্ষণৰ প্ৰয়োজন হয়। বেছিভাগ চৰকাৰী ৰাজসাহায্য আৰু কল্যাণমূলক আঁচনিৰ বাবেও আধাৰ প্ৰমাণীকৰণৰ প্ৰয়োজন হয়।
আধাৰ সবিশেষ আপডেট কৰাৰ বাবে চাৰ্জ বৃদ্ধি
ইফালে, ১ অক্টোবৰৰ পৰা আধাৰৰ সবিশেষ আপডেট কৰাৰ খৰচ বৃদ্ধি পাইছে। নাম, ঠিকনা বা জন্ম তাৰিখ আপডেটৰ বাবে মাচুল ৫০ টকাৰ পৰা ৭৫ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে বায়’মেট্ৰিক আপডেটৰ মাচুল ১০০ টকাৰ পৰা ১২৫ টকালৈ বৃদ্ধি কৰা হৈছে। প্ৰায় পাঁচ বছৰৰ ভিতৰত আধাৰ আপডেট মাচুলৰ এয়া প্ৰথম পুনৰীক্ষণ।
অৱশ্যে নৱজাতকৰ বাবে আধাৰ নামভৰ্তি আৰু আপডেট বিনামূলীয়া হৈ থাকিব। আধাৰ নম্বৰ জাৰি কৰাৰ পিছত কৰা আপডেটৰ ক্ষেত্ৰতহে সংশোধিত চাৰ্জ প্ৰযোজ্য হ’ব। শিশুৰ বাবে ৫ বছৰ বয়সত বায়মেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক, তাৰ পিছত পুনৰ ৫ আৰু ৭ বছৰৰ ভিতৰত আৰু তাৰ পিছত পুনৰ ১৫ আৰু ১৭ বছৰ বয়সৰ ভিতৰত বায়মেট্ৰিক আপডেট কৰিব লাগিব।