কোনে হত্যা কৰিলে টংলাৰ ২ ভাতৃক? ঘটনাৰ আঁৰৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ…

সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি জি পি সিঙে লিখিছে, "টংলা ওদালগুৰিত দুজন ল'ৰাৰ হত্যাৰ সন্দৰ্ভত ভুক্তভোগীসকলৰ সৈতে সম্পৰ্কিত অভিযুক্তজনক আটক কৰিছে আৰক্ষীয়ে আৰু অপৰাধৰ অস্ত্ৰ জব্দ কৰা হৈছে। লগতে প্ৰক্ৰিয়া অনুসৰি প্ৰমাণ সংগ্ৰহ কৰি থকা হৈছে। ওদালগুৰিৰ IGP, BTR আৰু SPয়ে ঘটনাটো আৰু তদন্তৰ অগ্ৰগতিৰ বিষয়ে সংবাদ মাধ্যমক বিতংভাৱে অৱগত কৰিব।"

কোনে হত্যা কৰিলে টংলাৰ ২ ভাতৃক? ঘটনাৰ আঁৰৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ...

কোনে হত্যা কৰিছিল টংলাৰ ২ ভাতৃক?

Updated On: 

21 Dec 2024 | 07:40 PM

ওদালগুৰিৰ টংলাত সংঘটিত নৃশংস হত্যাৰ ৰহস্য ফাদিল। সতীয়া ভাতৃয়ে হত্যা কৰিছিল ২ ভাতৃক। সতীয়া ভাতৃয়ে হত্যা কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। ভাতৃহত্যাৰ সন্দেহত আটক কৰা হৈছে জ্যেষ্ঠ ভাতৃ নীৰৰ্জ শৰ্মাক। নিহত ভাতৃদ্বয়ৰ পিতৃ মহেন্দ্ৰ শৰ্মাৰ আছে দুগৰাকী পত্নী। প্রথমা পত্নীৰ পুত্ৰ অভিযুক্ত নীৰৰ্জ শৰ্মা। মাতৃ আৰু ভগ্নীৰ সৈতে পঞ্জাৱত আছিল নীৰজ শৰ্মা। কিছুদিন পূর্বেহে টংলালৈ আহিছিল অভিযুক্ত যুৱকজন।

ইতিমধ্যে হত্যাকাণ্ডত ব্যৱহাৰ কৰা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে প্ৰকাশ কৰিছে এই তথ্য। সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি জি পি সিঙে লিখিছে, “টংলা ওদালগুৰিত দুজন ল’ৰাৰ হত্যাৰ সন্দৰ্ভত ভুক্তভোগীসকলৰ সৈতে সম্পৰ্কিত অভিযুক্তজনক আটক কৰিছে আৰক্ষীয়ে আৰু অপৰাধৰ অস্ত্ৰ জব্দ কৰা হৈছে। লগতে প্ৰক্ৰিয়া অনুসৰি প্ৰমাণ সংগ্ৰহ কৰি থকা হৈছে। ওদালগুৰিৰ IGP, BTR আৰু SPয়ে ঘটনাটো আৰু তদন্তৰ অগ্ৰগতিৰ বিষয়ে সংবাদ মাধ্যমক বিতংভাৱে অৱগত কৰিব।”

উল্লেখ্য যে, টংলাৰ যোৰপুখুৰীৰ পৰা নিৰুদিষ্ট হৈছিল ২ কিশোৰৰ। শুকুৰবাৰে স্কুললৈ যোৱাৰ পথৰ পৰা নিখোজ হৈছিল মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ । আজি টংলাৰ সস্তপাৰাত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হয়। দুয়োকো কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ। ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে দুয়োটা মৃতদেহ।

শুকুৰবাৰে স্কুললৈ যোৱাৰ পথত নিখোজ হৈছিল গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা । মৃত ২ কিশোৰৰ বয়স ১২ আৰু ১৪ বছৰ। টংলা কেন্দ্ৰীয় জাতীয় বিদ্যায়লৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা। আজি ঘৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগত উদ্ধাৰ হৈছে দুয়োজন কিশোৰৰে মৃতদেহ।কিশোৰ দুজনৰ পিতৃ মহেন্দ্ৰ শৰ্মা পেছাত গাড়ী চালক । শুকুৰবাৰৰ দুয়ো ছাত্ৰ নিৰুদ্দিষ্ট হোৱাৰ পাছত দুয়োকে বিচাৰি চলাথ কৰাৰ পাছতো কোনো সম্ভেদ পোৱা নাছিল পৰিয়ালৰ লোকে।

আজি প্ৰাতঃভ্ৰমণলৈ যোৱা লোকে জংঘলত প্ৰত্যক্ষ কৰিছিল স্কুলৰ ইউনিফৰ্ম পৰিধান কৰা দুই ছাত্ৰৰ ৰক্তাক্ত মৃতদেহ । দুই কিশোৰৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰৰ পিছতে হুৱাদুৱা লাগিছিল অঞ্চলটোত। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত  উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছিল আৰক্ষীৰ দল। কিন্তু সতীয়া ভাতৃ নীৰৰ্জ শৰ্মাই কিয় গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাক হত্যা কৰিলে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সকলো।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...