Assam top9: ১ মিনিটতে পঢ়ক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

আজি ১৬ ডিচেম্বৰ মঙলবাৰ, এই দিনটোৰ ৰাজ্যৰ লগতে দেশ আৰু বিদেশৰ ভিন্ন প্ৰান্তত ঘটা বিভিন্ন খবৰে চৰ্চা লাভ কৰিছে। গতিকে পলকতে চাও আহক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ।

Assam top9: ১ মিনিটতে পঢ়ক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ
Published: 

16 Dec 2025 20:16 PM

২২ ডিচেম্বৰত হ’ব জুবিন গাৰ্গৰ হত্যাৰ পৰৱৰ্তী শুনানি। জুবিনৰ ন্যায় প্ৰক্ৰিয়া হ’ব দীঘলীয়া। ৩০০ ৰো অধিক সাক্ষীৰ ভাষ্য গ্ৰহণ কৰিব আদালতে। আজি চৰকাৰী অধিবক্তা প্ৰদীপ কোঁৱৰে কয় যে, ‘আদালতে প্ৰথমে সকলো অভিযুক্তক শাৰীৰিকভাৱে উপস্থাপন কৰাৰ নিৰ্দেশ দিছিল। কিন্তু বিচাৰ বিভাগ আৰু বিচাৰ বিভাগৰ সঞ্চালকৰ সৈতে বিশদ আলোচনাৰ অন্তত আদালতে এটা পৰিৱৰ্তিত ব্যৱস্থাত সন্মতি প্ৰকাশ কৰে। এই খবৰৰ লগতে পঢ়ক দেশ-বিদেশৰ বহু গুৰুত্বপূৰ্ণ খবৰ…

১. আজিৰে পৰা আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া। আজি কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশৰ আদালতে এই গোচৰৰ কাৰ্যবিধি আৰম্ভ কৰে। এই গোচৰত অভিযুক্ত ৭ গৰাকী কাৰাবন্দীকে ভাৰ্চুৱেলী আদালতত হাজিৰ কৰোৱা হয়। চৰকাৰৰ হৈ এই গোচৰত ওকালতি কৰিছে ৰাজহুৱা অধিবক্তা প্ৰদীপ কোঁৱৰে।

২. পৃথক কমতাপুৰ ৰাজ্য গঠন, কোচ ৰাজবংশীক জনজাতিকৰণ আদি কেবাটাও দাবীৰে আজি কোকৰাঝাৰত ব্যাপক প্ৰতিবাদ। কমতাপুৰ ৰাজ্য দাবী সমিতি আৰু আক্ৰাছুৰ যৌথ উদ্যোগত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। ৰেলপথ অৱৰোধৰ দৰে পন্থাও গ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে।

৩. নগাঁৱত আৰম্ভ চাৰিদিনীয়া উচ্ছেদ অভিযান। মঙলবাৰে তিনিখন বিলত চলে এই উচ্ছেদ অভিযান। মুঠ ২৩০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা হৈছে উচ্ছেদ। ধিঙৰ ৰৌমাৰী বিল, মাগুৰমাৰী বিল, ভেৰভেৰি বিলত চলে উচ্ছেদ। দীৰ্ঘদিন ধৰি এই বিলৰ মাটি বেদখল কৰি আহিছিল একাংশ লোকে।

৪. অহা ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়চোৱাত মোদীয়ে বৰঝাৰত নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেল মুকলি কৰাৰ লগতে নতুন বিমান বন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। তাৰ পাছতে ৭০ হাজাৰ জনতাক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ব্যস্ততা বৃদ্ধি বিজেপিৰ।

৫. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। এছ আই টিৰ চাৰ্জশ্বীট সন্দৰ্ভত বিস্ফোৰক মন্তব্য গগৈৰ। তেওঁ কয় যে এছ আই টিয়ে ছিংগাপুৰৰ পৰা মাত্ৰ ৭০০ মিলিলিটাৰ সাগৰৰ পানীৰ বাহিৰে একো তথ্য আনিব পৰা নাই। গৰিমা শইকীয়া গাৰ্গে লাভ কৰা জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰমাণপত্ৰত মৃত্যুৰ কাৰণ ক’ভিড১৯ ত মৃত্যু বুলি উল্লেখ থকা বুলি কয় গগৈয়ে।

৬. জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ বাবে আজি ৰাজ্যসভাত দাবী উত্থাপন কৰে অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। তেওঁ কয় যে জুবিন গাৰ্গে কেৱল অসমীয়াতে নহয়, বাংলা, হিন্দী, মালায়ালম, তেলুগু আদি কমেও ৪০ ভাষাত গীত পৰিৱেশন কৰিছিল। গাঁঠিৰ ধন ভাঙি আৰ্তজনক সহায় কৰিছিল জুবিন গাৰ্গে। সেয়ে শিল্পীগৰাকীক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ দাবী বৈশ্যৰ।

৭. নেশ্যনেল হেৰাল্ডৰ গোচৰত ব্যাপক সকাহ লাভ ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ। নেশ্যনেল হেৰাল্ডৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰৱৰ্তক সঞ্চালকালয়ে (ইডি) দাখিল কৰা অভিযোগনামাৰ সন্দৰ্ভত গুৰুত্ব দিবলৈ অস্বীকাৰ কৰিছে ৰাউজ এভিনিউ আদালতে। অৱশ্যে ইডিৰ তদন্ত অব্যাহত থাকিব পাৰে বুলি উল্লেখ কৰিছে আদালতে।

৮. আজি জৰ্ডানৰ ৰাজকুমাৰ দ্বিতীয় আব্দুল্লাহৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সামাজিক মাধ্যমত এক পোষ্টযোগে মোদীয়ে কয় যে এই বৈঠকত ভাৰত-জৰ্ডানৰ অংশীদাৰিত্বৰ উল্লেখযোগ্য সম্প্ৰসাৰণ ঘটিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক আদৰণি জৰ্ডানৰ।

৯. আজি আবুধাবিত অনুষ্ঠিত হয় আইপিএল ২০২৬ ৰ নিলাম কাৰ্যসূচী। এই নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে কেমেৰণ গ্ৰীণ। কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক ২৫.২০ কোটি টকাত ক্ৰয় কৰে। মাথিছা পাথিৰানাকো ১৮ কোটি টকাত ক্ৰয় কৰে কেকেআৰে।

শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...