Top9 News: ৰাজ্যত নতুন চাকৰিৰ পৰা ৰেহাই মূল্যত ৰন্ধন গেছলৈ, দিনটোৰ খবৰ…

Top9 News: ৰাজ্যত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, শীঘ্ৰেই আৰক্ষীৰ প্ৰায় ৫০০০ পদ পূৰণ কৰা হ'ব। ইফালে অৰুণোদয় হিতাধিকাৰীসকলে ৰেহাই মূল্যত লাভ কৰিব চিলিণ্ডাৰ।

Top9 News: ৰাজ্যত নতুন চাকৰিৰ পৰা ৰেহাই মূল্যত ৰন্ধন গেছলৈ, দিনটোৰ খবৰ...

হিমন্ত বিশ্ব শৰ্মা

Published: 

03 Dec 2025 | 08:02 PM

আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১. পুনৰ ৰাজ্যত অনুষ্ঠিত হ’ব নিযুক্তি প্ৰক্ৰিয়া। অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তি দিয়া হ’ব প্ৰায় ৫০০০ প্ৰাৰ্থীক। বুধবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ চৰকাৰৰ দিনত বৰ্তমানলৈকে প্ৰায় ১ লাখ ৪০ হাজাৰ নিবনুৱাক সংস্থাপন প্ৰদান কৰা বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে।

২. এতিয়াৰে পৰা ৰাজ্য চৰকাৰে ৩০০ টকা ৰেহাই মূল্যত যোগান ধৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। সামাজিক মাধ্যমযোগে এই কথা জনাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ জৰিয়তে অৰুণোদয় লাভ কৰা প্ৰায় ২০ লাখ পৰিয়ালক ৩০০ টকা ৰেহাইত যোগান ধৰা হ’ব চিলিণ্ডাৰ।

৩. বিটিচিৰ সদনত ২৫০ কোটি টকাৰ অতিৰিক্ত বাজেট দাখিল। হাগ্ৰামা মহিলাৰীয়ে কয় যে ইউপিপিএলৰ দিনত নিৰ্মাণৰ বাবে হাতত লোৱা কেবাটাও প্ৰকল্প পুনৰীক্ষণ কৰা হ’ব। অহা বিধানসভা নিৰ্বাচন এনডিএৰ অংশীদাৰ হিচাপে বিপিএফে নিৰ্বাচন খেলিব বুলিও কয় মহিলাৰীয়ে।

৪. অসমৰ চাহ শ্ৰমিকৰ ভৱিষ্য নিধিক লৈ প্ৰকাশ পাইছে এক হতাশজনক তথ্য। ATEFO ৰ কভাৰেজৰ অধীনত প্ৰকল্পিত ১২,৩৭,৩৫১ জন শ্ৰমিকৰ ভিতৰত মাত্ৰ ১১,৯৮,২৩১ জনহে পঞ্জীয়নভুক্ত, যাৰ ফলত ৩৯,১২০ জন শ্ৰমিক অত্যাৱশ্যকীয় পিএফৰ সুবিধাৰ পৰা বঞ্চিত হৈছে।

৫. ভুৱা বাতৰি সন্দৰ্ভত সংসদত উদ্বেগ প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ। তেওঁ কয় যে, ভুৱা বাতৰিয়ে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সামাজিক মাধ্যমত ভুল তথ্য, এ আইৰ দ্বাৰা প্ৰস্তুত কৰা ডিপফেক ভিডিঅ’ সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

৬. জিহাদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য জমিয়ত উলেমা ই হিন্দৰ মুৰব্বী মৌলানা মাহমুদ মাদানীৰ। তেওঁ কয় যে দেশৰ বাবে জিহাদ অপৰিহাৰ্য। জেহাদৰ প্ৰকাৰবোৰ মানুহে জানিব লাগে। পাঠ্যক্ৰমত জিহাদক অন্তৰ্ভুক্ত কৰিব লাগে বুলি দাবী কৰি তেওঁ কয় যে জিহাদ হৈছে এটা পবিত্ৰ শব্দ।

৭. বাবৰি মছজিদ সন্দৰ্ভত জৱাহৰলাল নেহৰুক সমালোচনা ৰাজনাথ সিঙৰ। গুজৰাটত এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে জৱাহৰলাল নেহৰুৱে ৰাজহুৱা ধন ব্যৱহাৰ কৰি বাবৰি মছজিদ পুনৰ নিৰ্মাণ কৰিব বিচাৰিছিল যদিও তেতিয়াৰ গৃহমন্ত্ৰী চৰ্দাৰ পেটেলে তেওঁৰ পৰিকল্পনা সফল হোৱাত বাধা দিছিল। এই কাৰণেই বাবৰি মছজিদ কেতিয়াও পুনৰ নিৰ্মাণ কৰা নহ’ল।

৮. ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আজি ৰায়পুৰত অনুষ্ঠিত হৈছে শৃংখলাৰ দ্বিতীয়খন এদিনীয়া। টছত জিকি দক্ষিণ আফ্ৰিকাই ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৩৫৮ ৰাণ সংগ্ৰহ কৰে। বিৰাট কোহলী আৰু ৰিতুৰাজ গাইকোৱাডে শতকীয় ইনিংছ খেলাৰ বিপৰীতে অধিনায়ক ৰাহুলে অৰ্ধ শতক কৰি অপৰাজিত হৈ ৰয়।

৯. দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ক্ৰমাগতভাৱে দ্বিতীয়খন এদিনীয়াত শতক অৰ্জন বিৰাট কোহলীৰ। আজি অনুষ্ঠিত দ্বিতীয় এদিনীয়াত ৯৩ টা বলত ৭ টা চাৰি আৰু ২ টা ছিক্সাৰৰ সহায়ত ১০২ ৰাণ সংগ্ৰহ কৰে কোহলীয়ে। এদিনীয়া ক্ৰিকেটত ৫৩ সংখ্যক শতক অৰ্জনেৰে শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে বিৰাটে।

 

অন্য খবৰ পঢ়কঃ ভুৱা বাতৰি গণতন্ত্ৰৰ বাবে ডাঙৰ ভাবুকি…সামাজিক মাধ্যমৰ ক্ষেত্ৰত কঠোৰ নিয়ম সন্দৰ্ভত কি ক’লে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...