Top9: দিল্লীৰ বিস্ফোৰণৰ পৰা আৰম্ভ কৰি অভিনেতা ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ আপডেটলৈ, পলকতে পঢ়ক দিনটোৰ খবৰ

দিল্লীৰ বিস্ফোৰণৰ পৰা আৰম্ভ কৰি অভিনেতা ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ প্ৰতিটো আপডেট। ক’ত কি কি ঘটিছে আজিৰ দিনটোত? পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

Top9: দিল্লীৰ বিস্ফোৰণৰ পৰা আৰম্ভ কৰি অভিনেতা ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ আপডেটলৈ, পলকতে পঢ়ক দিনটোৰ খবৰ
Published: 

11 Nov 2025 19:12 PM

১. সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত বিস্ফোৰণৰ সৈতে ফৰিদাবাদৰ সন্ত্ৰাসবাদী মডিউল জড়িত থকাৰ সন্দেহ প্ৰকাশ। প্ৰায় ১০ জন লোকে প্ৰাণ হেৰুৱায় এই বিস্ফোৰণত। ডাঃ ওমৰে বিস্ফোৰক ভৰ্তি বাহনখন চলাই অহাৰ বুলি দাবী কৰিছে বিভিন্ন সূত্ৰই। বৰ্তমানেও অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া।

২. দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভূটানৰ পৰাই দিল্লী বিস্ফোৰণ সন্দৰ্ভত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। এই বিস্ফোৰণৰ আঁৰত জড়িতসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি কয় প্ৰধানমন্ত্ৰীয়ে।

৩. দিল্লী বিস্ফোৰণ সন্দৰ্ভত আজি এক উচ্চ স্তৰীয় সুৰক্ষা বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিভিন্ন তদন্তকাৰী সংস্থাৰ মুৰব্বীৰ লগতে দিল্লী আৰু জম্ম-কাশ্মীৰৰ শীৰ্ষ বিষয়াও উপস্থিত থাকে এই বৈঠকত। প্ৰাৰম্ভিক তদন্তৰ তথ্যসমূহ অৱগত কৰা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক।

৪. দিল্লীৰ বিস্ফোৰণক সমৰ্থন জনায় কোনো ব্যক্তিয়ে সামাজিক মাধ্যমত পোষ্ট কৰিলে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব। এক কঠোৰ সতৰ্কবাণী জাৰি কৰি এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিস্ফোৰণত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰক আহ্বান ডঃ শৰ্মাৰ।

৫. দৰং জিলাৰ বেচিমাৰীত লোমহৰ্ষক ঘটনা। যোৱা নিশা ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে প্ৰাণ হেৰুৱালে চামছুল হক নামৰ এজন যুৱকে। চুবুৰীয়া এটা পৰিয়ালে যুৱকজনক হানি-খুচি হত্যা কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ।

৬. আজি ৰহা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই। সমষ্টিটোৰ ৩৭ হাজাৰ ৮৩৩ গৰাকী মহিলাই লাভ কৰে ১০ হাজাৰ টকাকৈ চেক। নিজৰ ভাষণত অহা ২৫ নৱেম্বৰত উত্থাপন হ’ব লগীয়া বহুবিবাহ প্ৰতিৰোধ আইনৰ বিষয়েও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

৭. দিল্লী বিস্ফোৰণৰ সন্দৰ্ভত সামাজিক মাধ্যমত মন্তব্য কৰি আটক হৈছে কাছাৰৰ এজন ব্যক্তি। নজৰুল ইছলাম বৰভূঞা নামৰ ব্যক্তিগৰাকীয়ে এই বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ সামাজিক মাধ্যমত সমুখত নিৰ্বাচন বুলি মন্তব্য কৰাৰ পাছতেই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

৮. অৱশেষত জামিন লাভ কৰিলে বিতৰ্কিত এচিএছ বিষয়া নূপুৰ বৰাই। উৎকোচৰ গোচৰত যোৱা ১৫ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল নূপুৰ বৰা। নূপুৰৰ ঘৰৰ পৰা আৰক্ষীয়ে প্ৰায় ৯২ লাখ নগদ ধন আৰু প্ৰায় ১ কোটি মূল্যৰ গহনা জব্দ কৰিছিল। আজি বিশেষ আদালতে তেওঁক জামিন প্ৰদান কৰে।

৯. বৰ্তমানেও চিকিৎসাধীন হৈ আছে প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰ। আজি পুৱা তেওঁৰ দেহাৱসান ঘটা বুলি বাতৰি প্ৰকাশ পাইছিল যদিও পৰিয়ালৰ লোকে এই বাতৰি ভুৱা বুলি দাবী কৰে। ধৰ্মেন্দ্ৰক লৈ ভুৱা বাতৰি প্ৰচাৰ হোৱা ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে তেওঁৰ অভিনেত্ৰী পত্নী হেমা মালিনী আৰু কন্যা ঈশা দেউলে। বৰ্তমানেও ব্ৰীচ কেণ্ডি চিকিৎসালয়ত চিকিৎসকৰ তত্বাৱধানত আছে অভিনেতাগৰাকী।

ৰাতি টোপনি নাহিলে কি কৰিব? এই সমস্যা কিয় হয়? জানক
এই তিনিবিধ খাদ্যই বৃদ্ধি কৰে কৰ্কট ৰোগৰ আশংকা? জানক...
মহিলাসকলে এই লক্ষণবোৰ কেতিয়াও আওকাণ নকৰিব, হাৰ্ট এটেকৰ বলি হ’ব পাৰে
সোণতকৈও মূল্যৱান! ৰূপ পিন্ধাৰ ১০টা আচৰিত লাভ জানক...