প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ পৰা ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যলৈ, চাওক দিনটোৰ চৰ্চিত খবৰসমূহ
কাইলৈ অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। ইফালে প্ৰাক্তন আমছু নেতা তথা সদ্য কংগ্ৰেছ ত্যাগী নেতা ৰেজাউল কৰিম সৰকাৰক কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক। চাওক দিনটোৰ আন কেতবোৰ চৰ্চিত খবৰ।

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণক কেন্দ্ৰ কৰি ৰাজ্যত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। কাইলৈ অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। ইফালে প্ৰাক্তন আমছু নেতা তথা সদ্য কংগ্ৰেছ ত্যাগী নেতা ৰেজাউল কৰিম সৰকাৰক কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক। আজি এক বিশেষ মন্তব্যৰে ৰেজাউল কৰিম চৰকাৰে বিশেষ চৰ্চা লাভ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে দিয়া বক্তব্যই সংবাদ শিৰোনাম দখল কৰে। চাওঁ আহক দিনটোৰ চৰ্চিত খবৰসমূহ-
- দুদিনীয়া কাৰ্যসূচীৰে কালিলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সৰুসজাইত প্ৰায় ১০ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰা বাগৰুম্বা নৃত্য উপভোগ কৰিব প্ৰধানমন্ত্ৰীয়ে। এই ভ্ৰমণকালত তেওঁ আধাৰশিলা স্থাপন কৰিব কাজিৰঙাত নিৰ্মাণ হ’বলগীয়া এলিভেটেড কৰিড’ৰৰ। অসমৰ বাবে বিশেষ ৰে’লো মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে।
- জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চৰকাৰক প্ৰশ্ন গৌৰৱ গগৈৰ। তেওঁ কয় যে অসম চৰকাৰে জুবিন গাৰ্গক হত্যা কৰা বুলি দাবী কৰাৰ বিপৰীতে ছিংগাপুৰে সাধাৰণ মৃত্যু বুলি কৈছে। এই ক্ষেত্ৰত তদন্তৰ বাবে কেন্দ্ৰৰ হস্তক্ষেপ দাবী কৰিছে গৌৰৱ গগৈয়ে।
- গুৱাহাটী আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড। হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰূপজ্যোতি দাস নামৰ এটা কুখ্যাত গাড়ী চোৰক। তিনি বছৰত প্ৰৱঞ্চনাৰে প্ৰায় ১৫০ খন গাড়ী বিক্ৰী কৰিছিল চোৰটোৱে। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১১ খন বাহন।
- মৰিগাঁও জিলাৰ জনজাতীয় বেল্টৰ ভূমিত চলা বেদখল উচ্ছেদৰ বাবে প্ৰশাসনক অনুৰোধ সদৌ তিৱা ছাত্ৰসন্থাৰ। জনজাতীয় বেল্টৰ প্ৰায় ২৮ হাজাৰ বিঘাভূমি বেদখলৰ কবলত পৰাৰ অভিযোগ সংগঠনটোৰ। শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান তিৱা ছাত্ৰসন্থাৰ।
- সদ্য কংগ্ৰেছ ত্যাগী নেতা ৰেজাউল কৰিম সৰকাৰৰ পুনৰ এক বিস্ফোৰক মন্তব্য। সংখ্যালঘু মুছলমানক প্ৰশাসনীয় বিভাগৰ উচ্চ পদত অধিষ্ঠিত হোৱাৰ লক্ষ্য ল’বলৈ আহ্বান নেতাগৰাকীৰ। সংখ্যালঘুসকলৰ সৈতে হোৱা অত্যাচাৰৰ প্ৰত্যুত্তৰ শিৱসাগৰ, ধুবুৰী, বঙাইগাঁৱৰ DC হৈ দিব লাগিব বুলিও কয় ৰেজাউল কৰিম সৰকাৰে।
- এইবাৰ ৭৭ সংখ্যক গণৰাজ্য উদযাপন কৰিব দেশবাসীয়ে। এইবাৰৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হ’ব ইউৰোপীয় সংঘৰ দুগৰাকী শীৰ্ষ নেতা। ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ লুইছ ছান্টোছ ডি কোষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডেৰ লেয়েনক আমন্ত্ৰণ জনাইছে ভাৰতে।
- অহা ২০ জানুৱাৰীত ঘোষণা হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম। ১৯ জানুৱাৰীত নিৰ্বাচনৰ বাবে দাখিল কৰা হ’ব মনোনয়ন পত্ৰ। বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন বিনা প্ৰতিদ্বন্দ্বিতাৰে এই নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা আছে।
- ট্ৰাম্পৰ হাতত শান্তিৰ নোবেল বঁটা। বিগত বৰ্ষৰ শান্তিৰ নোবেল বিজয়ী মাৰিয়া কৰিণা মাচাডোৱে ট্ৰাম্পৰ হাতত তুলি দিলে শান্তিৰ নোবেল। হোয়াইট হাউছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত তেওঁ এই বঁটা প্ৰদান কৰে। বৈঠকৰ সময়ত মাচাডোৱে ট্ৰাম্পৰ সৈতে নিজৰ দেশৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰে।
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ষ্টাৰ্টআপ খণ্ডৰ অভূতপূৰ্ব সফলতাৰ কথা উল্লেখ কৰে। ষ্টাৰ্টআপ খণ্ডৰ অভূতপূৰ্ব বিকাশ আৰু পৰিৱৰ্তনৰ এক খতিয়ান দাঙি ধৰি তেওঁ মহিলা উদ্যমীসকলৰ অৱদান ওপৰত আলোকপাত কৰে।