Morning News: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ…

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ

Published: 

15 Jun 2025 07:24 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • আজি পিতৃ দিৱস, এই তাৰিখটো প্ৰতি বছৰে সলনি হয় কাৰণ ইয়াক নিৰ্দিষ্ট দিনত নহয়, জুন মাহৰ তৃতীয় দেওবাৰে পালন কৰা হয়। ভাৰত, আমেৰিকা, ব্ৰিটেইনৰ দৰে বহু দেশত একেলগে উদযাপন কৰা হয়।
  • ভাৰতৰ স্বাধীনতা আন্দোলনত মৃত্যু বৰণ কৰা অসমৰ শেষৰজন স্বহীদ কুশল। আজি কুশল কোঁৱৰৰ মৃত্যু বাৰ্ষিকী । সমগ্ৰ ৰাজ্যতে শ্বহীদ গৰাকীক স্মৰণ। ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা তেওঁক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হয়।
  • প্ৰচণ্ড গৰমৰ পিছত কালি আহে এজাক বৰষুণ। কিন্তু বৰষুণৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰে বজ্ৰপাত। এই বজ্ৰপাত পৰি ইতিমধ্যে ৭ জন আহত আৰু মঙলদৈত এজনৰ মৃত্যু হৈছে।
  • কংগ্ৰেছৰ বিৰুদ্ধে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি সামজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছৰ ঐতিহাসিক ভুল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “ভাৰতেই পাকিস্তানক এক পাৰমাণৱিক শক্তি হোৱাৰ সুযোগ দিলে।” শৰ্মাই উল্লেখ কৰে যে ভাৰতে ১৯৮০ চনত পাকিস্তানৰ পাৰমাণৱিক ভাবুকি দূৰ কৰাৰ সুযোগ পাইছিল।
  • ইজৰাইল-ইৰাণৰ মাজত উদ্ভৱ হৈছে যুদ্ধসদৃশ পৰিৱেশ । শুকুৰবাৰে ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱা পাছত শনিবাৰে ইৰাণে প্ৰত্যাক্ৰমণ কৰে। এই আক্ৰমণত আমেৰিকা জড়িত নহয় বুলি উল্লেখ কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই।
  • ভটিয়াপাৰস্থিত RDS-147 ৰীগৰ পৰা বিগত তিনি দিন ধৰি অনিয়ন্ত্ৰিতভাৱে নিৰ্গত হৈ আছে গেছ । অ’ এন জি চিৰ ৰুদ্ৰসাগৰ ৰীগৰ পৰা অবিৰতভাৱে ওলাই থকা গেছ এতিয়ালৈকে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । জানিব পৰা মতে ১২ জুনত পুৱা ৰুটিন চাৰ্ভিচিং অপাৰেচনৰ সময়ত এই ৰীগত গেছ লিক হৈছিল।
  • লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাই। দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে ছিনিয়ৰ ক্ৰিকেটত বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে।
  • National Testing Agency অৰ্থাৎ NTA য়ে দেশৰ সৰ্ববৃহৎ মেডিকেল প্ৰৱেশ পৰীক্ষা NEET UG 2025 ৰ ফলাফল প্ৰকাশ কৰে। এইবাৰ ৰাজস্থানৰ মহেশ কুমাৰে NEET পৰীক্ষাত শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে মধ্যপ্ৰদেশৰ উত্তকৰ্ছে দ্বিতীয় স্থান লাভ কৰিছে।
  • আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীত অবিৰতভাৱে চলি আছে সাহায্য আৰু উদ্ধাৰৰ কাম। ইফালে তৃতীয় দিনা ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হৈছে এটা মৃতদেহ। এই মৃতদেহটো বিমানখনৰ পিছফালৰ অংশত আবদ্ধ হৈ আছিল। এন ডি আৰ এফৰ দলটোৱে উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমান মৃতদেহটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি জানেনে? জানক চিকিৎসকৰ পৰা...
বৃক্কত পাথৰ কিয় হয় ? ইয়াৰ মূল কাৰণসমূহ জানক...
জীৱনত বাৰে বাৰে বিফল হৈছে নেকি? এই অভ্যাসবোৰ গঢ়ি তোলক
নাকৰ পৰা তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? সবিশেষ জানক