Morning News: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানিৰ পৰা ভাৰত-আমেৰিকাৰ চুক্তিলৈ…পুৱাৰ মুখ্য খবৰ

আজি ২২ জানুৱাৰী ২০২৬, বৃহস্পতিবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning News: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানিৰ পৰা ভাৰত-আমেৰিকাৰ চুক্তিলৈ...পুৱাৰ মুখ্য খবৰ

পুৱাৰ খবৰ

Updated On: 

22 Jan 2026 | 07:50 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. দুজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি যোৱা দুদিন ধৰি উত্তপ্ত হৈ আছে কোকৰাঝাৰ। আইন শৃংখলা পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে, তাৰ বাবে সেনা মোতায়েন কৰা হৈছে জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলত। গণপ্ৰহাৰত দুজন লোকৰ মৃত্যু হোৱাৰ পাছতেই স্থানীয় বড়ো আৰু আদিবাসী গোটৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। কাৰিগাঁৱত সংঘটিত হৈছিল এই ঘটনা। শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি সামগ্ৰিক পৰিৱেশ নিয়ন্ত্ৰণাধীন হৈ আছে। কোকৰাঝাৰৰ লগতে চুবুৰীয়া চিৰাং জিলাতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
  2. কোকৰাঝাৰৰ হিংসাত্মক ঘটনাত আহত এজন লোক GMCHত চিকিৎসাধীন। ইতিমধ্যে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে লোকজনৰ। আন দুজনকো চিকিৎসাৰ বাবে অনা হ’ব গুৱাহাটীলৈ। আঘাতপ্ৰাপ্ত তিনিওজনৰ চিকিৎসাৰ ব্যয় বহন কৰিব চৰকাৰে। চিকিৎসালয়ত আহতৰ স্বাস্থ্যৰ বুজ লৈ এই মন্তব্য মন্ত্ৰী অশোক সিংহলৰ।
  3. দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুলীয়াজানত নিশা উত্তপ্ত পৰিস্থিতি। অইল টেংকাৰৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী। নিহত লোকজন দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ মনোজ শ্বাহ। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন টেংকাৰৰ চালকগৰাকী। টেংকাৰ চালকক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ স্থানীয় ৰাইজৰ। আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ হয় পৰিস্থিতি।
  4. অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসম চৰকাৰে ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্রেৰণা আঁচনি’ নামেৰে এক বিশেষ আৰ্থিক সাহায্য আঁচনি ঘোষণা কৰিছে। অহা ১১ ফেব্ৰুৱাৰীত এই আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। এই আঁচনিখনে উচ্চতৰ গৱেষণাৰ সৈতে জড়িত মেধাসম্পন্ন যুৱক-যুৱতীসকলক বৃহৎ সকাহ প্ৰদান কৰিব।
  5. প্রসংগ: জুবিন গাৰ্গ মৃত্যু গোচৰত অভিযুক্তৰ জামিন আবেদন। আজি জিলা ও সত্র ন্যায়াধীশৰ আদালতত হ’ব জামিন আবেদনৰ শুনানি। ৫ অভিযুক্তই জামিন বিচাৰি আদালতত দাখিল কৰিছিল আবেদন। জুবিনক হত্যা কৰা গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু অমৃতপ্রভা মহন্তই জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতত।
  6. গণেশপাৰাৰ ডকাইতি কাণ্ডৰে জড়িত ৪ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ। বৰপেটা জিলাৰ পৰা গ্ৰেপ্তাৰ ৩ অভিযুক্তক। সোমবাৰে নিশা গণেশপাৰাত সংঘটিত হৈছিল শিহৰণকাৰী ডকাইতিৰ ঘটনা। ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত হৈছিল ডকাইতিৰ ঘটনা। নিশাৰ ভাগত সংঘটিত এই ডকাইতি কাণ্ডই সমগ্ৰ মহানগৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
  7. বুধবাৰে ডাভোছত তেওঁ ভাৰতৰ সৈতে হোৱা চুক্তি সন্দৰ্ভত কেইবাটাও ইতিবাচক সংকেত দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে। এই চুক্তি সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোডীক সন্মান কৰে আৰু তেওঁৰ ভাল বন্ধু। ট্ৰাম্পে কয়, “আমি ভাৰতৰ সৈতে ভাল চুক্তিৰ দিশত আগবাঢ়িছো।” কেইবাদিনো ধৰি হ্ৰাস পাই থকা ভাৰতীয় শ্বেয়াৰ বজাৰৰ বাবেও ট্ৰাম্পৰ এই বক্তব্য এটা ভাল লক্ষণ বুলি বিবেচিত হৈছে।
  8. ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা ৫ খনীয়া টি-২০ শৃংখলাৰ দৰ্শনীয় আৰম্ভণি। ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বে এইখন ভাৰতৰ অন্তিমখন টি-২০ শৃংখলা। এই পাঁচখন মেচ টীম ইণ্ডিয়াৰ বাবে নিজকে পৰীক্ষা কৰাৰ এক সুন্দৰ সুযোগ। এই দৃশ্যপটত ভাৰতীয় দলটোৱে প্ৰথম পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয়। নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত খেলা প্ৰথমখন মেচত টীম ইণ্ডিয়াই ৪৮ ৰানত জয়লাভ কৰি ১-০ গ’লত অগ্ৰগতি লাভ কৰে।

লগতে পঢ়ক: বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

২৩ জানুৱাৰীত ডাঙৰ সংযোগ! এই ৩ ৰাশিৰ বাবে শুভ...
ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাৰ ৫টা ঘৰুৱা উপায়...
মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ তিনিটা প্ৰধান লক্ষণ কি কি? জানক...
শীতৰ জাৰতো আপুনি অত্যন্ত ঘামে নেকি? হ’ব পাৰে এনে চিন্তনীয় সমস্যাৰ লক্ষণ
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...