Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ খবৰ

Published: 

30 Jun 2025 07:26 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. গুৱাহাটীৰ পানীখাইতিত অঘটন। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ সোঁতত উটি গ’ল যুৱক। নিখোজ কৈলাশ নগৰৰ লখিমীনগৰৰ বলৰাম কলিতা। ৰাজাবাৰীলৈ ১১জন বন্ধুৰে ফুৰিবলৈ গৈছিল যুৱকজন।
  2. মন কী বাতত অসমৰ বিটিআৰৰ কথা উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তেওঁ কয় যে, এটা সময়ত সংঘাতৰ বাবে পৰিচিত আছিল বিটিআৰ । কিন্তু বৰ্তমান বড়োলেণ্ড সমগ্ৰ দেশত ফুটবলৰ বাবে পৰিচিত।  তেওঁ কয় যে, বিজয়ৰ বাবে কষ্ট আৰু প্ৰত্যাহ্বানক পৰাস্ত কৰা অঞ্চলটোৰ যুৱ ফুটবল খেলুৱৈসকল সমগ্ৰ দেশৰ বাবে প্ৰেৰণা উৎস হিচাপে পৰিগণিত হৈছে। এই অনুষ্ঠানত মোদীয়ে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কথাও উল্লেখ কৰে।
  3. শিৱসাগৰ ভটীয়াপাৰৰ গেছ নিৰ্গমন বন্ধ হোৱা ঠাই পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লগতে অন্য ঠাই পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে সমাধানৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীগৰাকীক এই সময়ত লগ দিয়ে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰ ভ্ৰমণৰ সময়ত শৰ্মাই ৰংঘৰত উপস্থিত হৈ কিছুদিন পূৰ্বে হোৱা বানৰ পৰিস্থিতিৰ বুজ লয়।
  4. ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ গণৰোষত পৰিল আৰক্ষী। মাণিকপুৰ আৰক্ষীক ঘেৰাও কৰিলে একাংশ লোকে। শূন্যলৈ গুলী ফুটাই আত্মৰক্ষা আৰক্ষীৰ। বঙাইগাঁৱৰ সোনাইকোলা বজাৰত সংঘটিত এই ঘটনা।
  5. উত্তৰ-পূব সীমান্ত ৰে’লৱে (NFR)ৰ নেটৱৰ্কত চলি থকা ২৩খন ৰে’লৰ সংশোধিত সময় ঘোষণা কৰিছে। সময়োপযোগীতা বৃদ্ধি আৰু মসৃণ ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰাৰ লক্ষ্যৰে এই পৰিৱৰ্তনসমূহ ২০২৫ চনৰ ২৯ জুনৰ পৰা ৫ জুলাইলৈকে পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হ’ব।  গুৱাহাটী, লুমডিং, কামাখ্যা, নতুন জলপাইগুৰি, শিলচৰ আদি ষ্টেচনসমূহ নতুন সময়সূচীৰ দ্বাৰা প্ৰভাৱিত হোৱা ষ্টেচনসমূহৰ ভিতৰত অন্যতম।
  6. পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বিজুতি। টকিঅ’ৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানৰ কেবিনত কোনো সমস্যাৰ সৃষ্টি হয়। জানিব পৰা মতে, কেবিনৰ উষ্ণতা সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হয় বিমানখন।  যাৰ বাবে বিমানখনৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে দেওবাৰে কলকাতালৈ ডাইভাৰ্ট কৰা হয়। পাছত কলকাতাত নিৰাপদে অৱতৰণ কৰে বিমানখন।
  7. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ প্ৰায়বোৰ দেশৰ ওপৰত আৰোপ কৰা শুল্ক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৯০ দিনৰ স্থগিত ৰখাৰ সময়সীমা ৯ জুলাইৰ পিছত বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা নাই। কাৰণ তেওঁ নিৰ্ধাৰণ কৰা আলোচনাৰ সময়সীমা সেই তাৰিখতে শেষ হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৯ জুলাইৰ পিছত তেওঁৰ প্ৰশাসনে দেশসমূহক জনাই দিব যে আমেৰিকাৰ সৈতে চুক্তি নোহোৱালৈকে এই শুল্ক প্ৰযোজ্য হৈ থাকিব।

লগতে পঢ়ক: আজি সোমবাৰ, কেনে যাব আপোনাৰ দিনটো? চাওক ৰাশিফল…

গ্ৰীষ্মকালত গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ খাওক এইবোৰ ফল
ছালৰ যত্নৰ পৰা বাচনৰ দাগ আঁতৰ কৰালৈ,,, কণীৰ বাকলিৰ উপকাৰিতা...
আপুনিও খায় নেকি কেঁচা পিঁয়াজ? স্বাস্থ্যৰ বাবে এয়া ভাল নে বেয়া জানেনে?
বন্ধ হৈ পৰিছে সকলো পথ, হতাশাই আগুৰি ধৰিছে জীৱন! প্ৰেমানন্দ মহাৰাজে দিলে সমাধান...