Morning Headlines: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning Headlines: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ খবৰ

Published: 

30 Apr 2025 07:55 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

 

  1. আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বুধবাৰে পুৱা ৯:০০ বজাৰ  লগে লগে ৱেবছাইটত ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিব কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল।এইবাৰ মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত। ই সন্দৰ্ভত মঙলবাৰে জাননি প্ৰকাশ কৰিছে  অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে।  সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
  2. পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদত খহনীয়া। AJP ত্যাগ কৰি অগপত যোগদান পৰাগজ্যোতি বৰুৱাৰ৷ সোমবাৰে অগপত যোগ দিছিল পৰাগজ্যোতি বৰুৱাই৷ ডিব্ৰুগড় জিলাৰ AJPৰ সভাপতিৰ দায়িত্বত আছিল পৰাগজ্যোতি বৰুৱা৷
  3. গুৱাহাটী মহানগৰীৰ জালুকবাৰীত চাঞ্চল্যকৰ ডকাইতি৷ মাৰাণাস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই কাঢ়িলে মহিলাৰ ডিঙিৰ চেইন৷ মহিলাগৰাকীৰ স্বামীকো আক্ৰমণ দুৰ্বৃত্তৰ দলৰ৷
  4. পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে লখিমপুৰত হিংসাত্মক ঘটনা৷ আজাদ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীক আক্ৰমণ৷ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী দিব্যলতা দাসক আক্ৰমণ৷ মধ্য মাজুলী বিজেপিৰ মণ্ডল সম্পাদকক প্ৰহাৰ কংগ্ৰেছ কৰ্মীৰ৷ ধীৰেন পায়েঙক প্ৰহাৰ কংগ্ৰেছ কৰ্মী লক্ষ্যজিৎ পায়েঙৰ৷
  5. গুৱাহাটী বিশ্ববিদ্যালয়ত পুনৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ৷ উপাচাৰ্যৰ কাৰ্যালয়ত শতাধিক শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী৷ বিশ্ববিদ্যালয়ৰ ৪ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম চমুকৈ FYIMPৰ শিক্ষাৰ্থীসকলে সাব্যস্ত কৰে প্ৰতিবাদ৷ আন বিশ্ববিদ্যালয়ৰ তুলনাত গুৱাহাটী বিশ্ববিদ্যালয়ত FYIMPৰ পাঠ্যক্ৰমৰ মাচুল যথেষ্ট বেছি বুলি অভিযোগ প্ৰতিবাদকাৰীৰ।
  6. পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকলৈ  মঙলবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ বাসগৃহত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, চিডিএছ অনিল চৌহান আৰু তিনিটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীসকলো উপস্থিত থাকে। বৈঠকত প্ৰধানমন্ত্ৰীয়ে স্পষ্টভাৱে কয় যে, সন্ত্ৰাসবাদক উপযুক্ত উত্তৰ দিয়াটো আমাৰ দৃঢ় সংকল্প। লগতে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ লগতে তেওঁ কয় যে, “আমাৰ প্ৰতিশোধৰ পদ্ধতি, ইয়াৰ লক্ষ্য আৰু ইয়াৰ সময় সন্দৰ্ভত সশস্ত্ৰ বাহিনীয়ে কাৰ্যকৰী সিদ্ধান্ত লোৱাৰ স্বাধীনতা আছে।”
  7. পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ এখন হোটেলত অগ্নিকাণ্ড। এই ঘটনাত ১৪ জন লোকৰ মৃত্যু হয়। জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে অগ্নিনিৰ্বাপক বাহিনী। দ্ৰুতগতিত চলি আছে সাহায্য আৰু উদ্ধাৰৰ কাম।
  8. মঙলবাৰে অনুষ্ঠিত আই পি এল ২০২৫ৰ ৪৮ সংখ্যক মেচত  ঘৰৰ মাটিতে দিল্লী কেপিটেলছক  ১৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ছিজনত চতুৰ্থ জয়ৰ সোৱাদ লাভ কৰে কলকাতাই। আজি আজি IPLত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব পঞ্জাৱ কিংছ। সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত  হ’ব মেচখন।

লগতে পঢ়ক: কেনে যাব আপোনাৰ বুধবাৰৰ দিনটো? কোনে লাভ কৰিব ভাল খবৰ? চাওক আজিৰ ৰাশিফল…

Related Stories
উচ্চতৰ মাধ্যমিকৰ ফলাফলত সন্তুষ্ট নহয় নেকি? তেন্তে চাব পাৰিব নিজৰ উত্তৰবহী, কেনেকৈ জানক…
উচ্চতৰ মাধ্যমিকৰ ফলাফলত ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক, যোৱা বৰ্ষতকৈ হ্ৰাস উত্তীৰ্ণৰ হাৰ
Assam HS Result 2025 Declared: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, ১২ টা ৱেবছাইটত উপলব্ধ ৰিজাল্ট
ahsec.assam.gov.in, ASSEB HS Result 2025 Date and Time: আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, এইদৰে চাব পাৰিব ৰিজাল্ট
Assam HS Result 2025 LIVE: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক
ahsec.assam.gov.in, ASSEB HS Result 2025 Date and Time: বুধবাৰে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, এইদৰে চাব পাৰিব ৰিজাল্ট
Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক