Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ

Updated On: 

26 Jun 2025 08:46 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসমৰ শিক্ষাখণ্ডৰ বাবে এক ডাঙৰ খবৰ। এতিয়াৰে পৰা একাদশ শ্ৰেণীত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত হ’ব সাংকেতিক ভাষা। বুধবাৰে সামাজিক মাধ্যমত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই ঘোষণা কৰা অনুসৰি, ৰাজ্যত ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা একাদশ শ্ৰেণীত সাংকেতিক ভাষাক (Sign Language) ঐচ্ছিক বিষয় হিচাপে আৰম্ভ কৰা হৈছে। গতিকে ইয়াৰ দ্বাৰা বহু শিক্ষাৰ্থী লাভান্বিত হ’ব।
  2. শ্ৰীভূমি চহৰত গৃহৰক্ষী জোৱানৰ অনিৰ্দিষ্টকালীন আন্দোলন। পুৱাৰে পৰা নিশালৈ অব্যাহত গৃহৰক্ষী জোৱানসকলৰ প্ৰতিবাদ। কেইবাটাও দাবীৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান। শ্ৰীভূমি জিলা কমিটীৰ উদ্যোগত আন্দোলনত বহিছে জোৱানসকল।
  3. মা কামাখ্যা ধামত অম্বুবাচী মহাযোগৰ নিবৃত্তি। দেওবাৰে অম্বুবাচী মহাযোগৰ আৰম্ভণিৰ পিছত বন্ধ ৰখা হৈছিল মা কামাখ্যাৰ মূল দুৱাৰ। বিগত ৪টা দিনত নীলাচলৰ বুকুত দেখা গ’ল লোকাৰণ্য পৰিৱেশ। তন্ত্ৰ-সাধনা, মন্ত্ৰোচ্চাৰণ, যজ্ঞ সাধনাৰে মায়াময় হৈ পৰিল নীলাচলৰ বুকু। আজি স্নান আৰু পূজা কৰাৰ পিছত ভক্তৰ বাবে খুলি দিয়া হ’ল মন্দিৰৰ মূল দুৱাৰ।
  4. নলবাৰী সদৰ থানাৰ OCক আক্ৰমণ কৰি গ্ৰেপ্তাৰ যুৱক। গৌৰৱ জগদীশ কলিতাই আক্ৰমণ কৰে OC পৱন কলিতাক। ন্যায়ালয়ত চলি থকা এক গোচৰৰ সংক্ৰান্তত থানালৈ আহিছিল গৌৰৱ কলিতা। পিতৃ জগদীশ কলিতাৰ সৈতে আহিছিল গৌৰৱ জগদীশ কলিতা। পিতৃয়ে OCৰ সৈতে কথা পাতি থকাৰ সময়তে আক্ৰমণ কৰে গৌৰৱে।
  5. বোকাখাতৰ গ্ৰেনেড বিস্ফোৰণত ব্যৱহৃত বাইক জব্দ। গ্ৰেনেড নিক্ষেপ কৰা দুষ্কৃতিকাৰীৰ সন্ধানত অভিযান। শীঘ্ৰেই জালত পৰিব বিস্ফোৰণৰ ঘটনাত জড়িত দুষ্কৃতিকাৰী। বোকাখাত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। মঙলবাৰে নিশা সাপজুৰি পাণবাৰীস্থিত CRPFৰ শিবিৰত সন্দেহযুক্ত গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল আৰক্ষীৰ তিনিজন জোৱান।
  6. ২৫ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচন (ISS) লৈ উৰা মাৰিছে ভাৰতৰ শুভাংশু শুক্লাই । এক্সিয়াম-৪ (axiom-4) অভিযানত শুভাংশুৰ সৈতে আছে আন ৩ জন মহাকাশচাৰী। ভাৰতীয় সময় অনুসৰি বুধবাৰে দুপৰীয়া ১২.০১ বজাত এই মিছন আৰম্ভ হয় আৰু ২৮ ঘণ্টাৰ যাত্ৰাৰ অন্তত ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৪:৩০ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হ’ব।
  7. এতিয়াৰে পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE)ৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা। প্ৰথম পৰ্যায়ৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহত আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা মে’ মাহত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ৰ ফলাফল এপ্ৰিল মাহত আৰু দ্বিতীয় পৰ্যায়ৰ ফলাফল জুন মাহত প্ৰকাশ পাব। অৱশ্যে আভ্যন্তৰীণ মূল্যায়ন এবাৰহে কৰা হ’ব।দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম পৰ্যায়ৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক, দ্বিতীয় পৰ্যায়টো ঐচ্ছিক হ’ব।
  8. বাৰিষাৰ আৰম্ভণিতে বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে হিমাচল প্ৰদেশত। কুল্লু, মাণ্ডী আৰু কংৰাত হোৱা ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণে ব্যাহত কৰিছে স্বাভাৱিক জীৱন। কুল্লুৰ পিছত এতিয়া কাংগ্ৰাৰ এটা জল প্ৰকল্পৰ সমীপৰ এটা খাৱৈত হঠাতে অহা বানৰ ফলত ১৫ৰ পৰা ২০জন শ্ৰমিক উটুৱাই নিয়ে। উদ্ধাৰ হৈছে দুজন শ্ৰমিকৰ মৃতদেহ।
  9. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ কৰা বুলি আকৌ এবাৰ দাবী কৰে। নেদাৰলেণ্ডৰ হেগত অনুষ্ঠিত হোৱা নাটোৰ সন্মিলনৰ পিছত অনুষ্ঠিত সংবাদমেলত ট্ৰাম্পে কয়” ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে। মই কৈছো ,  ঠযদি ইজনে সিজনৰ লগত যুদ্ধ কৰি থাকে তেন্তে আমি আপোনালোকৰ লগত বাণিজ্যিক চুক্তি নকৰো। ” এই বাণিজ্যিক চুক্তি সন্দৰ্ভত দুয়োখন দেশৰ সৈতে কেইবাবাৰো কথা পাতিছিল বুলি ট্ৰাম্পে কয়। প্ৰধানমন্ত্ৰী মোদীকো প্ৰশংসা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

লগতে পঢ়ক: আজি বৃহস্পতিবাৰ, কেনে যাব আপোনাৰ দিনটো? চাওক ৰাশিফল…

খালী পেটত এই কেইবিধ খাদ্য ভুলতেো নাখাব, বিপদ অনিবাৰ্য!
খাহী ছাগলী আৰু পঠা ছাগলীৰ পাৰ্থক্য জানেনে? কোনবিধ ছাগলীৰ মাংস অধিক সুস্বাদু?
ফেটি লিভাৰত আক্ৰান্ত হৈছে নেকি? এইসমূহ বস্তু খালে বিপদ নিশ্চিত!
বাৰে বাৰে প্ৰস্ৰাৱ সংক্ৰমণ হয় নেকি? ইয়াৰ আঁৰত থাকিব পাৰে ডাঙৰ কাৰণ...