Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ খবৰ

Published: 

23 Jun 2025 07:26 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি অম্বুবাচী মেলাৰ দ্বিতীয়টো দিন। দেওবাৰে দিনৰ ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে বন্ধ কৰি দিয়া হয় কামাখ্যা মন্দিৰৰ মূল দুৱাৰ । ভক্তৰ সমাগমেৰে উথপথপ নীলাচলৰ বুকু। মাৰ আশিস বিচাৰি ভিৰ কৰিছেহি দেশী-বিদেশী পৰ্যটকে।
  2. আজি ঘোষণা হ’ব স্নাতক শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট নিযুক্তি পৰীক্ষাৰ ফলাফল।  উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নিযুক্তিৰ বাবে হ’ব নথিপত্ৰ পৰীক্ষণ।  সামাজিক মাধ্যমযোগে জনালে শিক্ষামন্ত্ৰী ৰমোজ পেগুৱে।
  3. আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। এই বৈঠকত চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। বহিঃৰাজ্যত কম দৰমহাত কৰ্মৰত নতুবা ৰাজ্যৰ বাহিৰৰ কোনো শিক্ষানুষ্ঠানত অধ্যয়নৰত অসমৰ কোনো যুৱক-যুৱতীৰ হত্যা, দুর্ঘটনা আদিৰ দৰে বিশেষ পৰিস্থিতিত মৃত্যু হ’লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে অসম চৰকাৰে নিজা ব্যয়ত লৈ অহাৰ উদ্দেশ্যে আজিৰ কেবিনেটে ‘শ্রদ্ধাঞ্জলি’ নামৰ এখন আঁচনিত অনুমোদন জনায়। মধ্যাহ্ন ভোজনৰ সৈতে জড়িত ৰান্ধনী আৰু সহায়িকাসকলে তেওঁলোকৰ পাৰিতোষিক অহা পহিলা অক্টোবৰৰ পৰা ২ হাজাৰ টকাকৈ লাভ কৰিব। ইয়াৰ পূৰ্বে তেওঁলোকে প্রতিমাহে ১ হাজাৰ ৫০০ টকাকৈ লাভ কৰিছিল।
  4. নিম্ন প্রাথমিক, উচ্চ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়ত চলিত বৰ্ষৰ জুলাই মাহত বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে নিযুক্তি লাভ কৰা শিক্ষকসকলক দৰমহাৰ বাৰ্ষিক বৃদ্ধি (ইনক্রিমেন্ট)ৰ সুবিধা প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে।
  5. গোৱালপাৰাৰ উচ্ছেদিত লোকে পহুখেদা দিলে সাংসদ ৰকিবুল হুছেইনক। সাংসদগৰাকীক দেখাৰ লগে লগে উত্তেজিত জনতাই তেওঁৰ কনভয়লৈ বোকা, বটল আদি নিক্ষেপ কৰি পহুখেদা দিয়ে।  ঘটনাৰ পাছতে গোৱালপাৰা জিলা কংগ্ৰেছৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি হুছেইনে কয় যে, “উচ্ছেদিত লোকৰ মাজত সাহাৰ্য বিতৰণৰ ক্ষেত্ৰতো আমাক বাধা দিয়া হল। তথাপিও দুই এজনে সহায় গ্ৰহণ কৰিছিল।কিন্তু এই পৰিয়ালসমূহক মৌলিক সাহাৰ্য লাভ কৰাত কিয় বাধা দিয়া হৈছে”?
  6. এতিয়া ইৰাণ-ইজৰাইল যুদ্ধত প্ৰৱেশ কৰিছে আমেৰিকাই , যাৰ বাবে পৰিস্থিতি আৰু অধিক উত্তেজিত হৈ পৰিছে। ইয়াৰ মাজতে টাটা গ্ৰুপৰ বিমান সংস্থা এয়াৰ ইণ্ডিয়াই দেওবাৰে (২২ জুন) এক অধিসূচনা জাৰি কৰি পশ্চিম এছিয়াৰ মাজেৰে পাৰ হৈ যোৱা বিমানৰ পথ সলনি কৰি থকা বুলি উল্লেখ কৰে। উত্তৰ আমেৰিকা আৰু ইউৰোপলৈ যোৱা বিমানৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে বিমান সংস্থাটোৱে ইৰাণ, ইৰাক আৰু ইজৰাইলৰ আকাশমাৰ্গ পৰিহাৰ কৰাৰ সিদ্ধান্ত লৈছে।
  7. ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত দেওবাৰে সংঘটিত আত্মঘাতী আক্ৰমণত ১৫ জন লোক নিহত হোৱাৰ লগতে ১৩ জন গুৰুতৰভাৱে আহত হয়। কোৱা হৈছে যে আক্ৰমণকাৰীয়ে মানুহেৰে ভৰি থকা গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত নিজকে বিস্ফোৰণ ঘটাইছিল। ডামাস্কাছৰ বাহিৰৰ অঞ্চলত অৱস্থিত ড্ৱেইলাত মাৰ ইলিয়াছ গীৰ্জাৰ ভিতৰত প্ৰাৰ্থনা কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি হতাহতৰ ভিতৰত শিশুৱো আছে।

লগতে পঢ়ক: আজি সোমবাৰ, কেনে যাব আপোনাৰ দিনটো? চাওক ৰাশিফল…

Related Stories
সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ মৰ্যাদা পাব অসমৰ কিন্নৰসকলে, ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
অম্বুবাচী মহাযোগ: উখল-মাখল নীলাচলৰ বুকু, কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ
Ambubachi Mela 2025: কিয় বিশেষ অম্বুবাচী মেলা? কামাখ্যা মন্দিৰৰ কিছু অলৌকিক ৰহস্যৰ বিষয়ে জানক…
Shradhanjali scheme: বহিঃৰাজ্যত মৃত্যু হোৱা ব্যক্তিৰ মৃতদেহ আনিব সন্মান সহকাৰে, শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন অসম কেবিনেটৰ…
Assam cabinet: শ্ৰদ্ধাঞ্জলি আঁচনিৰ পৰা তৃতীয় লিংগৰ ব্যক্তিলৈ, আজিৰ কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…
সাপক বিশ্বাস কৰিব, তেওঁক নকৰিব! আমাক আলফাই বলে নোৱাৰিলে, ছালফাই কি পাৰিবঃ সাংসদ
নিশা পাকঘৰত থৈ দিয়ে নেকি চুৱা বাচন-বৰ্তন? বাস্তু শাস্ত্ৰৰ মতে এয়া শুভ নে অশুভ, চাওক
অম্বুবাচীৰ সময়ত কৰক এই কাম, পূৰণ হ’ব মনৰ সকলো ইচ্ছা!
যঁজা কল খালে হ’ব পাৰে নেকি বিপদ? প্ৰচলিত ধাৰণাৰ আঁৰৰ সত্য কি, জানো আহক
দাঁত ব্ৰাছ কৰাৰ সঠিক পদ্ধতি কি? চিকিৎসকৰ পৰা জানক