Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…

পুৱাৰ খবৰ

Updated On: 

23 Oct 2025 07:22 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. এইবাৰ বহুবিবাহ আৰু লাভ জিহাদ ৰোধৰ বাবে বিধেয়ক উত্থাপন কৰিবলৈ আগবাঢ়িছে বিজেপি চৰকাৰ।  নগাঁৱত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। তেওঁ কয়, “এই বছৰ, বিধানসভা লাভ জিহাদ, বহুবিবাদ আৰু বৈষ্ণৱপীঠ সত্ৰসমূহৰ সৈতে সম্পৰ্কিত কেবাখনো ঐতিহাসিক বিধেয়কৰ সাক্ষী হ’ব। এই প্ৰস্তাৱসমূহ সদনত আলোচনা কৰা হ’ব। এই বিধেয়কসমূহ প্ৰণয়ন হ’লে আমি সংবাদমাধ্যমক সবিশেষ জনাম।”
  2. অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা একজনীয়া ন্যায়িক আয়োগ বিলুপ্ত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ বাবে আহ্বান জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ লিখা এখন পত্ৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৯ জনীয়া এছ আই টিয়ে চলাই থকা তদন্তৰ তদাৰক আৰু নিৰীক্ষণৰ বাবে বিশেষ বিচাৰপীঠ গঠনৰ দাবী উত্থাপন কৰে।
  3. উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ। উমৰাংছুৰ এগৰাকী ব্যক্তিয়ে এই সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। অৱশ্যে এই দাবী অস্বীকাৰ কৰিছে গাৰ্লোচাই।
  4. চাপৰৰ আৰেয়াৰঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী ট্ৰাক আৰু মটৰচাইকেলৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে মৃত্যু ২ মটৰচাইকেল আৰোহীৰ। মৃত দুজন লোকক মণ্টুষ চৌধুৰী, বাপন মল্লাহ বুলি চিনাক্ত কৰা হৈছে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  5. মৃত্যুৰ কাৰণ হৈ পৰিছে দিল্লীৰ বতাহ। ইউনিভাৰ্চিটি অৱ চিকাগোৰ এয়াৰ কুৱেলিটি লাইফ ইনডেক্স (AQLI) ২০২৫ৰ প্ৰতিবেদন অনুসৰি দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পিএম ২.৫ৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মানদণ্ডতকৈ ২০ গুণ বেছি। প্ৰতিবেদনত সকীয়াই দিয়া হৈছে যে যদি পৰিস্থিতি একেই থাকে তেন্তে দিল্লীবাসীৰ গড় আয়ুস ৮.২ বছৰ হ্ৰাস পাব পাৰে।
  6. ৰাছিয়াৰ বিৰুদ্ধে পুনৰবাৰ নিষেধাজ্ঞা আৰম্ভ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বুধবাৰে আমেৰিকাৰ কোষাগাৰ সচিবে কয় যে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মতে ভ্লাদিমিৰ পুটিনৰ সৈতে ইউক্ৰেইনৰ আলোচনা ভাল হোৱা নাই। তাৰ পিছত তেওঁ ৰাছিয়াৰ ওপৰত এতিয়ালৈকে আমেৰিকাৰ সৰ্ববৃহৎ নিষেধাজ্ঞা আৰোপ কৰিছে। বুডাপেষ্টত পৰিকল্পিত ট্ৰাম্প-পুটিন শীৰ্ষ সন্মিলন বাতিল হোৱাৰ এদিন পিছতে স্কট বেছাণ্টে এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে।
  7. ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল  আজি ২৩ অক্টোবৰত, ঐতিহাসিক এডিলেইড অ’ভেলত অনুষ্ঠিত হ’ব। প্ৰথমখন এদিনীয়াত পৰাস্ত হোৱাৰ পিছত ০-১ গ’লত পিছ পৰি থকা ভাৰতীয় দলৰ বাবে এই মেচখন অতি গুৰুত্বপূৰ্ণ। কিয়নো শৃংখলাত থাকিবলৈ এই জয় অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত এডিলেইড অ’ভেলত খেলি ভাল পোৱা আৰু বহু ৰান সংগ্ৰহ কৰা ৰাণ মেচিন বিৰাট কোহলীৰ ওপৰত ক্ৰিকেট অনুৰাগীৰ দৃষ্টি  নিবদ্ধ থাকিব।
পুৱাৰ সময়ত মূৰৰ বিষ হয় নেকি? জানক ইয়াৰ কাৰণ...
ৰাতি ভালকৈ টোপনি যোৱাৰ পিছতো দিনটো ভাগৰ লাগি থাকে নেকি? ৫টা কাৰণ জানক...
এই ৩ ৰাশিয়ে লাভ কৰে মা লক্ষ্মীৰ বিশেষ কৃপা, নহয় ধনৰ অভাৱ!
পোকে খাইছে নেকি আপোনাৰ দাঁত? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক এই সমস্যা