Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- বিটিচি নিৰ্বাচনক লৈ অগপ-ইউপিপিএলৰ বৈঠক। আগন্তুক বিটিচি নিৰ্বাচনৰ ৰণনীতিক লৈ অনুষ্ঠিত কৰা হৈছে এই বৈঠক। অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰমোদ বড়ো বাহিনীৰ। অগপইও প্ৰায় দহখন আসনত প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা। বৈঠকত অগপ সভাপতি অতুল বৰা, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ লগতে উপস্থিত আছিল দল দুটাৰ শীৰ্ষ নেতা।
- অসম চুক্তি ৰূপায়নক লৈ আছুৰ সৈতে চৰকাৰৰ বৈঠক। বিভাগীয় মন্ত্ৰী অতুল বৰাৰ সৈতে বৈঠকত মিলিত হয় আছুৰ সভাপতি, সম্পাদক আৰু উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। আছুৱে দাখিল কৰিলে ৬নং দফা সন্দৰ্ভত লিখিত দৃষ্টিভংগী। ৮ আগষ্টত চৰকাৰেও নিজৰ দৃষ্টিভংগী সংযোগ কৰি চুড়ান্ত কৰিব প্ৰতিবেদন।
- ধুবুৰীৰ পাছত লখিমপুৰত গৰুৰ কটা মূৰ উদ্ধাৰ। মন্দিৰ, নামঘৰৰ কাষত উদ্ধাৰ হৈছে গো-মাংস। গো-মাংস উদ্ধাৰৰ পাছতে ঠায়ে ঠায়ে ব্যাপক প্ৰতিক্ৰিয়া। এই ঘটনাৰ পাছতেই সষ্টম হৈ উঠে অসম আৰক্ষী। ঘটনাৰ লগত জড়িত ৭জন লোকক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰক্ষীয়ে। এইকেইজন ক্ৰমে- মনছুৰ আলী, ম: ৰেজ্জেক আলী, ছাহা আলী, দিলোৱাৰ হুছেইন, দিলদাৰ হুছেইন , আবু কালাম আলী, আবু কালাম আলী আৰু জাহিদুল ইছলাম ।
- দৰঙৰ গৰুখুঁটি প্ৰকল্পৰ পৰা অবৈধভাৱে বাস কৰি থকা পৰিয়ালসমূহক স্থানান্তৰ কৰা প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত। জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ তত্বাৱধানত দৰং জিলা প্ৰশাসন আৰু ছিপাঝাৰ সমজিলা প্ৰশাসনে এই স্থানান্তৰ কাৰ্য শান্তিপূৰ্ণভাৱে সমাপ্ত কৰে।
- অম্বুবাচী মহাযোগলৈ মাজত মাথো তিনিদিন। দেশ-বিদেশৰ সাধু-সন্যাসীৰে ভৰি পৰিছে নীলাচল পাহাৰ। কামাখ্যাধামত এতিয়া ভিন্নবেশী বাবাৰ চমক। তন্ত্ৰ-মন্ত্ৰৰ সাধনা আৰু ভজন-কীৰ্তনেৰে মুখৰিত পৰিৱেশ।
- আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ১৫% হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে এয়াৰ ইণ্ডিয়াই। এই হ্ৰাস ২০ জুনৰ পৰা কাৰ্যকৰী হ’ব আৰু ইয়াৰ প্ৰভাৱ ৱাইড-বডীৰ বিমানত পৰিব। যিটো জুলাই মাহৰ শেষলৈকে চলি থাকিব। বিমান সংস্থাসমূহে ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ লগতে ভ্ৰমণৰ বিকল্প প্ৰদান কৰিব।
- বিগত ৬ দিন ধৰি ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘাত অব্যাহত আছে। বুধবাৰে ইৰাণৰ সেনাধ্যক্ষ আয়াতুল্লাহ আলী খামেনেই যুদ্ধ ঘোষণা কৰে। ইয়াৰ লগে লগে ইজৰাইলৰ ওপৰত আক্ৰমণ তীব্ৰতৰ হৈ পৰে। দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনাৰ ওপৰত এতিয়া সমগ্ৰ বিশ্বই চকু ৰাখিছে। যুদ্ধ ঘোষণাৰ পিছত ইৰাণে হাইপাৰছ’নিক মিছাইলেৰে ইজৰাইলক আক্ৰমণ কৰা বুলি দাবী কৰিছিল। অৱশ্যে ইৰাণৰ এই দাবীৰ কোনো প্ৰমাণ পোৱা নাই।
- অপাৰেশ্যন সিন্ধুৰ অধীনত ইৰাণত আবদ্ধ হৈ থকা ১১০ জন ভাৰতীয় নাগৰিকক ইণ্ডিগ’ৰ ৬ই ৯৪৮৭ বিমানেৰে দিল্লীলৈ অনা হৈছে।এজন ছাত্ৰই কয়, “পৰিস্থিতি অতি বিপজ্জনক আৰু আমি ভয় খাইছিলো। ইণ্টাৰনেট বন্ধ আছিল, একোৱেই কাম কৰা নাছিল। অৱশ্যে ভাৰত চৰকাৰে আমাক সহায় কৰি নিৰাপদে আমাক উলিয়াই আনিলে। তেওঁলোকে অবিশ্বাস্য পদক্ষেপ লৈছিল আৰু আমি সঁচাকৈয়ে গৌৰৱান্বিত।”
লগতে পঢ়ক: আজি বৃহস্পতিবাৰ, কেনে যাব আপোনাৰ দিনটো? চাওক ৰাশিফল…