Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ

Updated On: 

16 Jun 2025 09:01 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. গুৱাহাটীৰ লখৰাৰ বামুণপাৰাত মহিলাৰ ৰহস্যজনক মৃত্যু। মৃত মহিলাগৰাকীৰ নাম ৰূপালী মুছাহাৰী। স্বামীয়ে বিহ খুৱাই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। স্বামী পংকজৰ সৈতে গুৱাহাটীৰ লখৰাত আছিল ৰূপালী। পৰকীয়া প্ৰেমৰ বাবে পত্নী ৰূপালীক হত্যা কৰাৰ অভিযোগ।
  2. তামুলপুৰৰ ভূটান সীমান্তৰ গোপীনাথপুৰত পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দাত থিতাতে নিহত পথচাৰী। নিহত লোকজন দ্বাৰকুছি গোপালপুৰৰ বানেশ্বৰ দাস।
  3. সাংসদ অজিত কুমাৰ ভূঞালৈ CM ভিজিলেন্সৰ চমন। আজি দিনৰ ১১ বজাত হাজিৰ হোৱাৰ নিৰ্দেশ। সাংসদ পুঁজিৰ কেলেংকাৰি সন্দৰ্ভত ভূঞালৈ চমন CM ভিজিলেন্সৰ।
  4. শিৱসাগৰৰ ভটিয়াপাৰৰ বিস্ফোৰণস্থলীত পুনৰ উত্তেজনা। ৰিগ নিয়ন্ত্ৰণৰ বাবে চলোৱা চতুৰ্থটো ব্ৰুমিং প্ৰক্ৰিয়া বিফল। ব্ৰুমিং প্ৰক্ৰিয়া বিফলৰ পাছতেই তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ৭০টা পৰিয়ালক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে বুলি দেওবাৰে বিষয়াসকলে প্ৰকাশ কৰে। যোৱা ১২ জুনত ভাটিয়াপাৰৰ বাৰীচুকস্থিত অ’ এন জি চিৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ৰিগ নং এছ কে পি ১৩৫ৰ ৱেল নং আৰ ডি এছ ১৪৭ ত সংঘটিত হৈছিল এই ব্ল’আউট।
  5. কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক হাস্পাতালত ভৰ্তি। দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গান্ধীক। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি জানিব পৰা মতে, পেটৰ লগত জড়িত সমস্যাৰ বাবে গান্ধীক গেষ্ট্ৰ’ বিভাগত ভৰ্তি কৰোৱা হৈছে।
  6. মহাৰাষ্ট্ৰৰ  পুনেৰ কুণ্ডমালা অঞ্চলত ইন্দ্ৰায়নী নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ দলং ভাঙি পৰাৰ ফলত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। দলংখন ভাঙি পৰাৰ সময়ত বহু পৰ্যটক উপস্থিত আছিল।  ইয়াৰ ফলত প্ৰায় ২৫ৰ পৰা ৩০জন পৰ্যটক নদীত বাগৰি পৰে। এই ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নদীত বাগৰি পৰা কিছু লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।
  7. ইৰাণ-ইজৰাইলৰ উত্তেজনাৰ মাজতে ইৰাকত থকা বিমান ঘাটিত ড্ৰ’ণ আক্ৰমণ সংঘটিত হৈছে। খবৰ অনুসৰি, ইৰাকত থকা আমেৰিকাৰ সামৰিক ঘাটি আইন আল আছাদত তিনিটা ড্ৰণ নিক্ষেপ কৰা হয়। আমেৰিকাৰ বিষয়াসকলে নিশ্চিত কৰিছে যে সকলো ড্ৰ’ণ আক্ৰমণ সফলতাৰে নিষ্ক্ৰিয় কৰা হৈছে।
  8. ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা মাৰাত্মক সংঘাতৰ মাজতে এটা ডাঙৰ বিবৃতি প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে দাবী কৰিছে যে তেওঁ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিছিল আৰু এতিয়া ইৰাণ-ইজৰাইল যুদ্ধও বন্ধ কৰিব।

লগতে পঢ়ক: আজি সোমবাৰ, কেনে যাব আপোনাৰ দিনটো? চাওক ৰাশিফল…

নিমিষতে মুখৰ আলচাৰৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায়...জানক
পুৰীৰ ৰথ যাত্ৰাৰ আছে বহু ৰহস্য, জানিলে আপোনাৰ মন ভৰি পৰিব …
ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত কিমান হয় জানেনে? জানক...
ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?