Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- জুবিন গাৰ্গৰ মৃত্যু আৰু শেহতীয়াকৈ দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এক অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে, জুবিনক মাথোঁ অসমীয়াইহে জীয়াই ৰাখিব লাগিব। চাউল-দালি নালাগে বুলি কোৱা লোকে জুবিনক জীয়াই নাৰাখে “। লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘যিসকলে সামাজিক মাধ্যমত দিল্লীৰ বিস্ফোৰণক সমৰ্থন জনাইছে তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব। ডঃ শৰ্মাৰ নিৰ্দেশৰ পাছতেই বৰ্তমানলৈকে অসমত গ্ৰেপ্তাৰ হৈছে পাঁচজনকৈ লোক।
- সমাগত বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে প্ৰতিটো ৰাজনৈতিক দলে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনত উফৰাই পেলাবলৈ বিৰোধী দলে প্ৰতিটো চেষ্টায়ে কৰিছে। এই লক্ষ্য আগত ৰাখিয়ে বুধবাৰে কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই ৭টা বিৰোধী দলৰ নেতাসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
- বিগত ৪ বছৰ ধৰি আন্দোলন কৰাৰ পাছত এইবাৰ শিলসাঁকোত ঘৰ নিৰ্মাণ উচ্ছেদিত জনতাৰ। ইয়াৰ পাছতে উক্ত স্থানত আৰক্ষী তথা প্ৰশাসনৰ লোক উপস্থিত হৈ ৫ মিনিটৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰে। কিন্তু ইয়াৰ লগে লগে উচ্ছেদিত জনতাৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
- মহিলাসকলক সবলীকৰণ, সুৰক্ষা আৰু ন্যায় প্ৰদানৰ সজাগতাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা আৰম্ভ হয় ‘বিশ্বাস যাত্ৰা’। প্ৰথম দিনাৰ এই যাত্ৰাৰ সামৰণি পৰে নগাঁৱত। ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত তথা অধ্যক্ষা আঙুৰলতা ডেকাৰ নেতৃত্বত গুৱাহাটীৰ পৰা যোৰহাটলৈ উলিওৱা হৈছে ১৬ গৰাকীকৈ বাইকাৰসহ এক মটৰ চাইকেল ৰেলী।
- গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ নাহৰণি পথত মৃতদেহ উদ্ধাৰ। ভাড়াঘৰৰ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ গোবিন্দ বৰ্মন নামৰ লোকজনৰ মৃতদেহ। মৃত লোকজনৰ ঘৰ নলবাৰীত। ঘটনাস্থলীত উপস্থিত হৈছে হাতীগাঁও আৰক্ষী। প্ৰাক্তন DIG শৰৎ ফুকনৰ বাসগৃহত ভাড়াতীয়া হিচাপে আছিল লোকজন। পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্রত্যক্ষদর্শীৰ। বিৱাহিত গোবিন্দৰ আছে এটি ১০ বছৰীয়া সন্তান।
- বাক্সাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাক বদলি। CIDৰ প্ৰশিক্ষণ শাখালৈ বদলি দেৱ শৰ্মাক। বাক্সাৰ লাঠীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি বিতৰ্কলৈ আহিছিল গীতাৰ্থ দেৱ শৰ্মা।
- জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে অবিৰত অভিযান অব্যাহত আছে। ইয়াৰ মাজতে এক বৃহৎ সফলতা অৰ্জন কৰিছে নিৰাপত্তা বাহিনীয়ে । কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত তালাচী অভিযানৰ সময়ত উদ্ধাৰ হয় ৬টা হেণ্ড গ্ৰেনেড। জাবৰি অঞ্চলত গ্ৰেনেড উদ্ধাৰ কৰি থিতাতে ধ্বংস কৰা বুলি জানিবলৈ দিয়ে সেনাই।
- দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ পাছতে বুধবাৰ (১২ নৱেম্বৰ)য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠক আহ্বান কৰে। এই সময়চোৱাত কেবিনেটে দিল্লী বিস্ফোৰণৰ ঘটনাত গৰিহণা দি মৃতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কেবিনেটে কয়, “যোৱা ১০ নৱেম্বৰত লালকিল্লাৰ সমীপত দেশ বিৰোধী বাহিনীয়ে গাড়ীত বোমা বিস্ফোৰণৰ জৰিয়তে সংঘটিত কৰা এক ‘জঘন্য সন্ত্ৰাসবাদী কাণ্ড’ৰ সাক্ষী হৈছিল দেশবাসী”।
- ইৰাণৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচীত সহায় কৰা বুলি অভিযোগ কৰি ভাৰতকে ধৰি ৬খন দেশৰ কোম্পানীক নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই। ভাৰত, চীন, তুৰস্ক, ইউ এ ইকে ধৰি ৬খন দেশৰ ৩২টা কোম্পানী আৰু ব্যক্তিক লক্ষ্য কৰি এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই কাৰ্যক ৰাষ্ট্ৰসংঘই ইৰাণৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰতিক্ৰিয়া হিচাপে দেখা গৈছে।