Morning News: গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰক আপোনাৰ দিনটো…

Morning News

Published: 

10 Jul 2025 08:00 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

ৰাজ্যৰ একাংশ শিক্ষকৰ বাবে ভাল খবৰ! অসমৰ ১৯ খন জিলাৰ বাবে ৯৪৪ টা স্নাতক শিক্ষকৰ পদ সৃষ্টি হৈছে। ৰাজ্যৰ চাহ বাগিচা আদৰ্শ বিদ্যালয়ত থকা জিলাত সৃষ্টি এই পদসমূহ। তথ্য অনুসৰি ৰাজ্যৰ ১৯ খন জিলাত আছে ১১৮ খন চাহ বাগিচা আদৰ্শ বিদ্যালয়। ইয়াতেই দিয়া হ’ব নিযুক্তি। প্ৰতিখন আদৰ্শ বিদ্যালয়ত সৃষ্টি ৮ টাকৈ স্নাতক শিক্ষকৰ পদ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে সদৰি কৰিছে এই তথ্য।

  1. নিম্ন আদালতসমূহত বৃদ্ধি পাইছে গোচৰৰ বোজা। সমগ্ৰ অসমৰ জিলা আদালতসমূহত জমা হৈ আছে ৫ লাখৰো অধিক গোচৰ। বিগত মে’ মাহলৈ নিম্ন আদালতসমূহত জমা হোৱা গোচৰৰ সংখ্যা  মুঠ ৫ লাখ ২৩ হাজাৰ ৯২৩টা। ইয়াৰে ৪লাখ ১৫হাজাৰ ১৯৪টা ফৌজদাৰী গোচৰ। বাকী ১লাখ ৮হাজাৰ ৭২৯টা দেৱানী গোচৰ। তথ্য অনুসৰি, যোৱা মে’ মাহত ২১,০৫২ টা ফৌজাদাৰী গোচৰ আৰু ৬,১৯৭ টা দেৱানী গোচৰ নিষ্পত্তি কৰিছে বিভিন্ন জিলা আদালতে। ইয়াৰ ভিতৰত ৭২ টা গোচৰ আছে সাংসদ-বিধায়কৰ বিপৰীতে।
  2. ৪০ খন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া BTC ৰ নিৰ্বাচনৰ বাবে ৩২ জনীয়া পৰ্যবেক্ষকৰ সৈতে আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এই বৈঠকতে BTR ৰ ৪০ খন আসনৰ সন্দৰ্ভত তৃণমূল কৰ্মীৰ পৰামৰ্শ গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে। এই সন্দৰ্ভত আলোচনা হোৱা বুলিও জানিব পৰা গৈছে।
  3. বানপীড়িতক সহায় কৰিবলৈ গৈ প্ৰশাসনৰ ৰোষত সমাজকৰ্মী। গোলাঘাটৰ সৰুপথাৰত সংঘটিত হৈছে এই ঘটনা। কাৰণ দৰ্শোৱাৰ জাননী দিছিল ৰাজহ চক্ৰ বিষয়াই। জীৱন চুতীয়া নামৰ সমাজকৰ্মীগৰাকীক দিছিল কাৰণ দৰ্শোৱাৰ জাননী। এই কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক মৃণাল শইকীয়াৰ।  সামাজিক মাধ্যমত সদৰী কৰিলে এই কথা মৃণাল শইকীয়াই।
  4. মুকালমুৱাৰ নাৰায়ণপুৰৰ নিচা মুক্তি কেন্দ্ৰত অঘটন। কেন্দ্ৰটোৰ পৰা এদল যুৱকৰ পলায়ন। Restart Wellness Foundation নামৰ নিচা মুক্তি কেন্দ্ৰটোৰ পৰা পলায়ন। নিচা মুক্তি কেন্দ্ৰটোৰ দৰ্জা ভাঙি পলায়ন যুৱকৰ দলটোৰ। ২৫-৩০ জনীয়া যুৱকৰ দলটোৱে হাতে হাতে লাঠি লৈ ওলাই আহে মুকালমুৱাৰ চ’কলৈ।
  5. জম্মু-কাশ্মীৰত অব্যাহত আছে সেনাৰ অভিযান। যোৱা কেইবাদিনো ধৰি চলি থকা তালাচী অভিযানত বহু সন্ত্ৰাসবাদীক হত্যা কৰিছে সেনাবাহিনীয়ে। সেনাৰ সমান্তৰালকৈ জম্মু আৰক্ষীয়েও সন্ত্ৰাসবাদীক নিৰ্মূলৰ বাবে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছে। এই সন্দৰ্ভত বুধবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে কুপৱাৰাৰ ছ’গাম অঞ্চলত হিজবুল মুজাহিদীন (এইচএম) আৰু জামাত-উল-মুজাহিদীনৰ এজন শীৰ্ষ অধিনায়ক আৰু পাকিস্তানস্থিত সন্ত্ৰাসবাদী হেণ্ডলাৰৰ সম্পত্তি জব্দ কৰা বুলি কোৱা হৈছে।
  6. আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বিবাদৰ পিছত এতিয়া ইলন মাস্ক আৰু তেওঁৰ কোম্পানী এক্স (টুইটাৰ) ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। বুধবাৰে (০৯ জুলাই, ২০২৫) পদত্যাগ কৰিছে কোম্পানীটোৰ চিইঅ’ লিণ্ডা ইয়াকাৰিনোৱে। প্ৰায় ২ বছৰ ধৰি এই পদত অধিষ্ঠিত হৈ আছে লিণ্ডাই। পদত্যাগ কৰাৰ সময়ত লিণ্ডাই লিখিছিল যে তেওঁ মাস্কৰ কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী xAI ৰ সৈতে এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে, যিয়ে চেটবট গ্ৰক নিৰ্মাণ কৰে। ছ’চিয়েল মিডিয়াত মাস্কৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে ইয়াকাৰিন’ই। লিণ্ডাৰ পদত্যাগ ঘোষণাৰ উত্তৰ মাস্কে লিখিছে, ‘আপোনাৰ অৱদানৰ বাবে ধন্যবাদ।’
  7. লিডছ আৰু বাৰ্মিংহামৰ পিছতে ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ কাৰাভান লণ্ডনত উপস্থিত হৈছে। য’ত এই শৃংখলাত দুখন মেচ অনুষ্ঠিত হ’ব। ১০ জুলাইৰ পৰা ঐতিহাসিক লৰ্ডছ ষ্টেডিয়ামত লণ্ডনত প্ৰথমখন খেল আৰম্ভ হ’ব। সকলোৰে আশাৰ বিপৰীতে লৰ্ডছত দুয়োটা দলে ১-১ গ’লত ড্ৰ’ কৰি শৃংখলাত প্ৰৱেশ কৰিবলৈ ওলাইছে। স্পষ্টভাৱে এই মেচখন সন্দৰ্ভত হেঁচা পৰিব আয়োজক ইংলেণ্ডৰ ওপৰত, যিয়ে শেষৰখন মেচত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু এনে পৰিস্থিতিত যিকোনো মূল্যতে পুনৰ উভতি অহাৰ হেঁচা অব্যাহত থাকিব।

লগতে পঢ়ক: গুৰু পূৰ্ণিমাৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল…

মানি প্লাণ্ট নে স্নেক প্লাণ্ট, ঘৰত কোনবিধ গছ থাকিলে সোনকালে ধনৱান হ’ব আপুনি?
শাওনৰ সোমবাৰে মহিলাসকলে ভুলতো নকৰিব এই কাম, নহ'লে সৰ্বনাশ!
পঞ্চমুখী বেলপাত পোৱাৰ সৌভাগ্য হৈছে নেকি? জানক মহত্ব
প্ৰতিদিনে কণী খাই নেকি আপুনি? এনে অভ্যাসৰ বাবে কি অসুবিধা হ’ব পাৰে জানেনে?