মুখ্যমন্ত্ৰীৰ পৰা ট্ৰাম্প, ইলন মাস্কলৈ…দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…

অসমত অবৈধভাৱে গো-হত্যা কৰা সন্দৰ্ভত সৰৱ মুখ্যমন্ত্ৰী। এই সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট দি শৰ্মাই কয় যে, এই পৰ্যন্ত ১৬ জনক আটক কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ পৰা ট্ৰাম্প, ইলন মাস্কলৈ...দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ...

হিমন্ত বিশ্ব শৰ্মা

Published: 

08 Jun 2025 17:05 PM

আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ সংঘটিত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-

 

  1. আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে অগপই । চৰ্ত সাপেক্ষে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নাম ঘোষণা অসম গণ পৰিষদৰ। ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ বাবে অগপৰ মুঠ ২৭ গৰাকী প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছিল ।উল্লেখ্য যে, অহা ১৯ জুনত অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।
  2. ৰাজ্যত বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি। অৱশ্যে কিছু পৰিমাণে শাম কাটিছে বান পৰিস্থিতি। এতিয়াও বানৰ কবলত ৰাজ্যৰ ১২ খন জিলা । চৰকাৰী তথ্য অনুসৰি, বৰ্তমানেও বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ৩.৩৭ লাখ লোক । লগতে বানে প্ৰভাৱিত কৰিছে জীৱ-জন্তু, পশুধন আদিকো।
  3. কাইলৈ অনুষ্ঠিত হব অসম বিধানসভাৰ বিশেষ অধিবেশন। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব অধিবেশন। জানিব পৰা মতে, এই অধিবেশনতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰিব সদনে।ডিব্ৰুগড় বিমান বন্দৰৰ নতুন নামকৰণক লৈয়ো প্ৰস্তাৱ গ্ৰহণৰ সম্ভাৱনা।
  4. ঈদ-উজ-জোহাৰ সময়ত অবৈধভাৱে গো হত্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। শৰ্মাই কয় যে, ঈদ-উজ-জোহাত সমগ্ৰ অসমৰ একাধিক স্থানৰ পৰা অবৈধভাৱে গো বধ আৰু গৰুৰ অংশ উদ্ধাৰৰ বিৰক্তিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ১৬ জনক আটক কৰা হৈছে।
  5. পুনৰ ভয়াবহ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা হিংসাত্মক ঘটনাৰ খবৰ পোহৰলৈ আহিছে। তাৰ পাছতে বহু অঞ্চলত সান্ধ্য আইন জাৰি কৰাৰ লগতে ইন্টাৰনেট সেৱা স্থগিত কৰা হৈছে। শনিবাৰে নিশা মেইটেই সংগঠন আৰম্বাই টেংগোলৰ এজন নেতা আৰু একাংশ সদস্যক গ্ৰেপ্তাৰ কৰাৰ পাছতে পুনৰ পৰিস্থিতি ভয়াবহ হৈ পৰে।
  6. দেশত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ক’ৰ’নাত সক্ৰিয় ৰোগীৰ সংখ্যা ৬,১৩৩লৈ বৃদ্ধি পাইছে। লগতে যোৱা ২৪ ঘন্টাত মৃত্যু হৈছে ৬ জনৰ। সমান্তৰালকৈ ঘৰলৈ সুস্থ হৈ যোৱা ৰোগীৰ সংখ্যা ৬,২৩৭ জন।
  7. কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই বাংগালুৰু দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক লৈ এক ডাঙৰ ঘোষণা কৰে। মৃতকৰ পৰিয়ালক দিয়া সাহাৰ্য ১০ লাখৰ পৰা ২৫ লাখলৈ বৃদ্ধিৰ সিদ্ধান্ত। উল্লেখ্য যে, আৰ চি বিৰ বিজয় পেৰেডত নিহত হৈছিল কেইবাজনো।
  8. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু টেছলাৰ মুৰব্বী ইলন মাস্কৰ মাজত বাকযুদ্ধ অধিক তীব্ৰতৰ হৈ পৰিছে। শনিবাৰে মাস্কে কিছু শিথিলতা গ্ৰহণ কৰিছিল যদিও ট্ৰাম্পে বিৰোধিতা কৰিছে। ট্ৰাম্পে কয় যে, মই তেওঁৰ লগত কথা পাতিব নিবিচাৰো। ২০২৬ চনৰ মধ্যকালীন নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ সাংসদ আৰু প্ৰাৰ্থীক সমৰ্থন কৰিব পাৰে মাস্কে। যদি তেওঁ তেনে কৰে তেন্তে গুৰুতৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব।
  9. টীম ইণ্ডিয়াৰ মিডল অৰ্ডাৰ বেটছমেন ৰিংকু সিং আৰু জৌনপুৰৰ এছ পি সাংসদ প্ৰিয়া সৰোজৰ এংগেজমেণ্ট। ৮ জুনত দুয়োজনে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত আঙুঠি পিন্ধায়।
IPLকৈও অধিক ধন লাভ কৰিব WTCৰ বিজয়ী দলে, ভাৰতে লাভ কৰিব ইমান পৰিমাণৰ ধন…
আপোনাৰ এনে দৈনন্দিন অভ্যাসে মাতি আনিব পাৰে বিপদ, লাহে লাহে কৰিব পাৰে হাওঁফাওঁৰ ক্ষতি
সঘনাই পেটৰ বিষ, গেছ হৈ থাকে নেকি? জানক ইয়াৰ কাৰণ...
যকৃতৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি? এনেকৈ চিনাক্ত কৰক...