জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ পৰা অসমমুখী যাত্ৰালৈ… পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

জুবিন গাৰ্গৰ বিয়োগত ম্ৰিয়মান সকলো। অসম চৰকাৰে আজিৰে পৰা ৰাজ্যত তিনিদিনীয়া শোক ঘোষণা কৰিছে। ইফালে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ক'ত হ'ব তাকে লৈ ইতিমধ্যে ব্যাপক চৰ্চা দেখা গৈছে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ পৰা অসমমুখী যাত্ৰালৈ... পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

Zubeen Garg

Published: 

20 Sep 2025 22:27 PM

হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই  শোকবিহ্বল অসমত এতিয়া মৰিশালিৰ নিস্তব্ধতা। আজি ছিংগাপুৰত সম্পন্ন কৰা হয় জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। অসম চৰকাৰে আজিৰে পৰা ৰাজ্যত তিনিদিনীয়া শোক ঘোষণা কৰিছে। ইফালে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ক’ত হ’ব তাকে লৈ ইতিমধ্যে ব্যাপক চৰ্চা দেখা গৈছে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

১. জুবিন গাৰ্গক হেৰুৱাই শোকবিহ্বল অসমত এতিয়া মৰিশালিৰ নিস্তব্ধতা। আজি ছিংগাপুৰত সম্পন্ন কৰা হয় জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। প্ৰাৰম্ভিক প্ৰতিবেদনত কোনো চিজাৰ এৰেষ্টৰ কথা স্পষ্ট হোৱা নাই। পানী ডুবি যোৱাৰ ফলতহে মৃত্যু ঘটিছিল জুবিন গাৰ্গৰ। একাংশই দাবী কৰা অনুসৰি অসমত খবৰ দিয়াৰ প্ৰায় ৭-৮ ঘণ্টাৰ পূৰ্বেই মৃত্যু ঘটিছিল জুবিন গাৰ্গৰ। এই ক্ষেত্ৰত তথ্য লুকুওৱাৰো অভিযোগ বহুতৰ।

২. জুবিন গাৰ্গৰ বিয়োগত ম্ৰিয়মান সকলো। অসম চৰকাৰে আজিৰে পৰা ৰাজ্যত তিনিদিনীয়া শোক ঘোষণা কৰিছে। ইফালে জুবিন গাৰ্গক আমিবলৈ দিল্লীলৈ ৰাওনা হৈছে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিল্লীৰ পৰা বিশেষ বিমানেৰে তেওঁ নশ্বৰ দেহ অসমলৈ অনা হ’ব।

৩. জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ক’ত হ’ব তাকে লৈ ইতিমধ্যে ব্যাপক চৰ্চা দেখা গৈছে। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে পৰিয়ালৰ সৈতে আলোচনাৰ পাছত সিদ্ধান্তমৰ্মেহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব এই সন্দৰ্ভত। বহুতেই অৱশ্যে যোৰহাটত জুবিন গাৰ্গক সমাধিস্থ কৰিবলৈও আহ্বান জনাইছে। অসম কৃষি বিশ্ববিদ্যালয়েও জুবিন গাৰ্গৰ সমাধিৰ বাবে মাটি দান কৰিবলৈ সাজু হৈছে।

৪. জুবিন গাৰ্গৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আগন্তুক PGSU নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান ছাত্ৰ সমাজৰ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পূৰ্বনিৰ্ধাৰিতভাৱে ২৫ ছেপ্টেম্বৰতেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। জুবিন গাৰ্গৰ বিয়োগৰ শোকত সকলো ম্ৰিয়মান হৈ থকা এই অৱস্থাত কোনেও নিৰ্বাচনী প্ৰচাৰ চলাব বিচৰা নাই বিশ্ববিদ্যালয়ত।

৫. ডিগবৈত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি। বিধায়ক সুৰেন ফুকনৰ লগতে বিভিন্নজন অনুৰাগী সমবেত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰমৰ শিল্পীগৰাকীক। জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত তদন্ত কৰিবলৈও দাবী জনাই তেওঁলোকে।

৬. নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্ত শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক অনা হ’ব তদন্তৰ আওঁতালৈ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে শ্যামকানু মহন্তৰ বিৰুদ্ধে কেবাখনো এজাহাৰ দাখিল কৰিছে জুবিন অনুৰাগীয়ে। তাৰোপৰি জুবিন গাৰ্গৰ সৈতে সেই সময়ত থকা সহযোগীসকলো। ইতিমধ্যে চি আই ডিৰ তদন্ত ঘোষণা।

৭. জম্মু-কাশ্মীৰৰ উধামপুৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষত শ্বহীদ হয় এজন জোৱান। শুকুৰবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হোৱা অনুসন্ধান অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ গুলীচালনাত আহত হয় জোৱানজন। পিছত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

৮. শুকুৰবাৰে পুৱা চুডানৰ উত্তৰ দাৰফুৰৰ ৰাজধানী আল-ফাশ্বাৰ চহৰৰ মছজিদত ড্ৰ’ণ আক্ৰমণ চলে। নামাজ পঢ়ি থকাৰ মাজতে চলা এই আক্ৰমণৰ ফলত প্ৰায় ৪৩ জন লোকৰ মৃত্যু হয়। এইসকলৰ ভিতৰত শিশু আৰু বৃদ্ধও আছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৯. H-1B ভিছা সন্দৰ্ভত নতুন আদেশ জাৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে। যাৰ ফলত আমেৰিকাত চাকৰি বিচাৰি যোৱাৰ সপোন দেখা হাজাৰ হাজাৰ লোকৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ইমিগ্ৰেচন আৰু আমেৰিকাৰ ভিছাৰ সৈতে চলি থকা সমস্যাৰ মাজতে ট্ৰাম্পে H-1B ভিছাৰ মাচুল ১ লাখ ডলাৰ বা প্ৰায় ৯০ হাজাৰ ডলাৰলৈ বৃদ্ধি কৰিছে।

জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!
আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক
অত্যধিক চাহ খোৱা লোকৰ কোনবোৰ ৰোগ হ’ব পাৰে? জানক...
আপোনাৰ ঘৰৰ বাৰীত নাৰিকলৰ গছ আছে নেকি? ই শুভ নে অশুভ ! জানক