ৰাজনীতিৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে, পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ

আজি শুকুৰবাৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। শিক্ষক দিৱসৰ পৰা মহিলা হকী এছিয়া কাপ ২০২৫ লৈকে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

ৰাজনীতিৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে, পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ

প্ৰতিবাদ

Published: 

05 Sep 2025 20:51 PM

আজি ৫ ছেপ্টেম্বৰ। আজি দেশজুৰি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক সন্মান জনাই পালন কৰা হৈছে শিক্ষক দিৱস। ইফালে আজিৰ গুৱাহাটীত উপস্থিত হয় ইণ্ডিয়া ব্লকৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী। ইয়াৰ লগতে বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দাখল কৰিছে। চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষখবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. আজি শিক্ষক দিৱস। দেশজুৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয় ভাৰতৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক। শিক্ষক দিৱসৰ দিনটোতে এক বিপৰীত ছবি দেখা গ’ল গুৱাহাটীৰ লতাশিত। নিজৰ ছাত্ৰ-ছাত্ৰীৰ পৰা সেৱা গ্ৰহণৰ বিপৰীতে প্ৰতিবাদত বহিল কেইবা শতাধিক টিউটৰ। শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবীৰে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে টিউটৰসকলে। দীৰ্ঘদিন ধৰি তেওঁলোকে উত্থাপন কৰি আহিছে এই দাবী।
  2. গুৱাহাটীত ইণ্ডিয়া ব্লকৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অসমৰ সাংসদসকলক লগ কৰিবলৈ অসমলৈ আহিছে সুদৰ্শন ৰেড্ডী। মা কামাখ্যা আৰু ব্ৰহ্মপুত্ৰক সেৱা জনায় প্ৰাৰ্থীগৰাকীয়ে। এক সংবাদমেল সম্বোধন কৰি সাংসদসকলৰ পৰা সহায় বিচাৰে ৰেড্ডীয়ে। নিজৰ পূৰ্বৰ কৰ্মভূমিলৈ আহিবলৈ পাই আনন্দিত হোৱা বুলিও কয় বি সুদৰ্শন ৰেড্ডীয়ে।
  3. আজি হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এক বিশেষ বৈঠক । এই বৈঠকত উপস্থিত থাকে কংগ্ৰেছৰ কেবাগৰাকী নেতা-সদস্য। কংগ্ৰেছৰ দুই বিধায়ক আব্দুৰ ৰশিদ মণ্ডল আৰু জাকিৰ হুছেইন শিকদাৰে কয় যে BTC নিৰ্বাচনত এইবাৰ কংগ্ৰেছৰ গোটেই কেইখন আসনেই সুৰক্ষিত। লগতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ এখনো আসন নাথাকিব বুলি কৰা অপমান সূচক মন্তব্যৰ প্ৰত্যুত্তৰত জাকিৰ হুছেইন শিকদাৰে কয় যে বিজেপিৰ পদুমৰ ছবি ভালপোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে হাতৰ ছবিৰ ভালহোৱা দেখিব নোৱাৰে।
  4. অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে বিশেষ চুটী ঘোষণা। অহা নৱেম্বৰ মাহত কৰ্মচাৰীয়ে পাব স্পেচিয়েল কেজুৱেল লিভ। মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত কৰ্মচাৰীসকলে লাভ কৰিব দুদিনৰ চুটী। অহা ১৪ আৰু ১৫ নৱেম্বৰত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এই চুটী।
  5. গুৱাহাটীত উন্মুক্ত নলাত পৰি শিশুৰ মৃত্যুৰ ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ। এই ঘটনাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা ব্যক্তিগত নির্মাণ সংস্থাৰ সঞ্চালক আৰু দুজন কর্মচাৰীক ৷ গ্ৰেপ্তাৰ হৈছে BIPL-ৰ সঞ্চালক অবিনাশ ভাৰতীয়া, সুৰক্ষা অভিযন্তা কৌশিক গগৈ আৰু উপ-প্ৰকল্প পৰিচালক প্ৰসন্নজিৎ পাঠকক গ্ৰেপ্তাৰ। এই ঘটনা মূলতঃ তেওঁলোকৰ গাফিলতিৰ বাবেই সংঘটিত হোৱাৰ অভিযোগ।
  6. খুব সোনকালেই দেশ এৰি বিদেশলৈ পলায়ন কৰিব গৌৰৱ গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদগৰাকীৰ বিৰুদ্ধে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যেতিয়া তেওঁৰ পৰিয়ালৰ তিনিজন সদস্য বিদেশী, তেতিয়া কোনোবাই আমাক কি জ্ঞান দিব পাৰে? তেওঁ লগতে গৌৰৱ গগৈক বাংলাদেশীৰ সৈতেও তুলনা কৰে। গৌৰৱ গগৈৰ কথাত আজিকালি গুৰুত্ব নিদিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
  7. পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ জমিয়ত-ই-উলেমাৰ সভাপতি মৌলানা মাহমুদ মাদানীৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মুছলমানক “বাংলাদেশী” হিচাপে জ্ঞান কৰে বুলি অভিযোগ মাদানীৰ। তেওঁ লগতে কয় যে অসমত নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ পৰা সাধাৰণ মানুহৰ দৃষ্টি আঁতৰোৱাৰ চেষ্টাৰে বলপূৰ্বকভাৱে উচ্ছেদ চলোৱা হৈছে।
  8. পুনৰ মুম্বাই মায়ানগৰীত বিস্ফোৰণৰ ভাবুকি। ফোনযোগে ভাবুকি দিয়া হৈছে বিস্ফোৰণৰ। শুকুৰবাৰে মুম্বাই আৰক্ষীয়ে লাভ কৰে এটা ভাবুকি ভৰা ফোনকল। ফোন কৰা ব্যক্তিজনে দাবী কৰিছে যে ৩৪খন বাহনত “৪০০ কিলোগ্ৰাম RDX” কঢ়িয়াই অনা ৩৪টা “মানৱ বোমা” স্থাপন কৰা হৈছে, যিটো বিস্ফোৰণে “গোটেই চহৰখনক জোকাৰি যাব”। অনন্ত চতুৰ্দশীৰ প্ৰাকক্ষণত লস্কৰ-ই-জিহাদী নামৰ এটা সংগঠনে এই ভাবুকি প্ৰদান কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে। সংগঠনটোৱে ১৪ টা পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশ কৰা বুলিও দাবী কৰিছে।
  9. চীনত আৰম্ভ হোৱা মহিলা হকী এছিয়া কাপ ২০২৫ত চমকপ্ৰদ আৰম্ভণি ঘটাইছে ভাৰতীয় মহিলা হকী দলে । প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলতে থাইলেণ্ডক ১১-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে ভাৰতীয় দলটোৱে। হাংঝৌৰ গংছু কেনেল স্প’ৰ্টছ পাৰ্ক হকী ফিল্ডত অনুষ্ঠিত মেচখনত ভাৰতৰ হৈ মুমতাজ খান, উদিতা আৰু বিউটিয়ে দুটাকৈ গ’ল কৰাৰ বিপৰীতে সংগীতা কুমাৰী, নৱনীত কৌৰ, লাল ৰেম ছিয়ামী, শৰ্মিলা দেৱী আৰু ৰুতুজা পিছালে এটাকৈ গ’ল কৰে।
শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে সৰ্বনাশ!
জটিল স্বাস্থ্যজনিত সমস্যাৰ এটা সৰল প্ৰতিকাৰ, কিয় দৈনিক নৰিসংহ পাত খাব লাগে?
কেঁচা পিঁয়াজৰ এনে গুণাৱলীৰ কথা জানেনে? জানিলে আপুনিও নিতে ল’ব খাবলৈ
চাণক্য নীতি: সন্মানীয় আৰু সফল হ'বলৈ থাকিব লাগিব এই ৪টা গুণ