পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
আজি শুকুৰবাৰৰ দিনটোত ৰাজনীতিৰ পৰা আৰম্ভ কৰি ক্ৰীড়া ক্ষেত্ৰলৈকে বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

হিমন্ত বিশ্ব শৰ্মা
আজি ১২ ছেপ্টেম্ব শুকুৰবাৰ। আজি বহু কেইটা গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ১৩ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত পূৰ্বৰ তৰুণ গগৈ চৰকাৰক দোষাৰোপ মুখ্যমন্ত্ৰীৰ। চাওক দিনটোৰ ৯ শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- ১৩ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মিজোৰাম আৰু মণিপুৰ ভ্ৰমণ সামৰি কাইলৈ বিয়লি অসমত উপস্থিত হ’ব নৰেন্দ্ৰ মোদী। বিয়লি প্ৰায় ৫ বজাত গুৱাহাটীত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে। ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু উদ্যোগ উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
- সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ সন্দৰ্ভত বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদনক “অতি বিস্ফোৰক” বুলি অভিহিত কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এছ আই টিয়ে ভাৰতৰ সাৰ্বভৌমত্ব সম্পৰ্কীয় অসংখ্য নথি উদ্ধাৰ কৰিছে। BTC নিৰ্বাচন সমাপ্ত হোৱাৰ পাছত কেবিনেটে এই প্রতিবেদনৰ ওপৰত আলোচনা কৰি অধিক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত ল’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷
- সোণাৰিৰ লংপতীয়াত সংঘটিত হৈছে এক লোকহৰ্ষক কাণ্ড। বকুল গগৈ নামৰ এজন লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে পত্নী অনিমা গগৈক। তাৰ পাছতেই নিজকে শেষ কৰে বকুল গগৈয়ে। পুৱা পথাৰত ৰাইজে উদ্ধাৰ কৰে বকুল গগৈৰ মৃতদেহ। বৰ্তমান অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে পত্নী অনিমা গগৈ। স্বামীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় মহিলাগৰাকীৰ মুখমণ্ডল।
- ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত পূৰ্বৰ তৰুণ গগৈ চৰকাৰক দোষাৰোপ মুখ্যমন্ত্ৰীৰ। চিৰাঙত মুখ্যমন্ত্ৰীয়ে কয় যে আইনী সুৰক্ষা নিশ্চিত নকৰাকৈয়ে গগৈৰ চৰকাৰে অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ দিছিল। সেয়া প্লেট নিদিয়াকৈ খাবলৈ ভাত আগবঢ়োৱাৰ দৰেই কথা। অনুসূচিত জনজাতিৰ মৰ্যাদাৰ ক্ষেত্ৰত বিজেপিয়ে স্পষ্ট আৰু পৰিকল্পিত দৃষ্টিভংগীৰে আগবাঢ়িছে বুলি কয় মুখ্যমন্ত্ৰীয়ে।
- গেৰুৱা বসন পিন্ধিলে কোচ-ৰাজবংশীৰ নেতা বিশ্বজিৎ ৰায়ে। বাজপেয়ী ভৱনত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কোচ-ৰাজবংশীৰ নেতা বিশ্বজিৎ ৰায়ে। যোগদান কৰিয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, ব্যক্তিগত স্বাৰ্থ নহয়, উন্নয়ন স্বাৰ্থত তেওঁ বিজেপিত যোগদান কৰিছে।
- বঙালী হিন্দুসকল এতিয়া ডিটেনচন কেম্পত নাই, আৰু তেওঁলোকক আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে। কোকৰাঝাৰত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে আইনখন এনেদৰে আগবাঢ়িছে যাতে সকলোৰে নিৰাপত্তা নিশ্চিত হয়। সকলো সম্প্ৰদায়ে ভয় নোহোৱাকৈ জীয়াই থাকিব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
- শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে লাভ কৰে এক বোমা বিস্ফোৰণৰ ভাবুকিভৰা ই-মেইল। ইয়াৰ পাছতে সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আজি পুৱা ন্যায়ালয়ে এই ই-মেইল লাভ কৰিছে। য’ত লিখা আছে- পবিত্ৰ শুকুৰবাৰৰ বিস্ফোৰণৰ বাবে পাকিস্তান- তামিলনাডুৰ গোপন বুজাবুজি হৈছে। ইমানেই নহয় দুপৰীয়া ২ বজাৰ ভিতৰত আদালত চৌহদ খালী কৰিবলৈ সকীয়াই দিয়া হৈছিল।
- শ্ৰীভূমি জিলাৰ পৰা ৩৯ জন অনুপ্ৰৱেশকাৰীক আটক কৰি বাংলাদেশলৈ ওভতাই পঠিয়ায় অসম আৰক্ষীয়ে ৷ এই সন্দৰ্ভত এক পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম অনুপ্ৰৱেশকাৰীৰ বাসস্থলী নহয় ৷ অবৈধভাৱে প্ৰৱেশ কৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ উল্লেখ্য কেইদিনমান পূৰ্বেও এনেদৰে বাংলাদেশলৈ ওভতাই পঠিওৱা হৈছিল একাংশ বাংলাদেশী নাগৰিকক। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে প্ৰতি নিয়ত তীক্ষ্ণ নজৰ ৰখা হৈছে বুলি ইতিমধ্যেই জনাইছে মুখ্যমন্ত্ৰীয়ে।
- শীঘ্ৰেই বিচিচিআইৰ সভাপতিৰ আসনত দেখা যাব এখন নতুন মুখ। বিচিচিআইৰ শেহতীয়া সভাপতি ৰ’জাৰ বিন্নীয়ে পদত্যাগ কৰাৰ পাছত ইতিমধ্যেই বিচিচিআইয়ে নতুন সভাপতিৰ সন্ধান চলাইছে বুলি খবৰ প্ৰকাশ পাইছে। একাংশ বাতৰিত দাবী কৰা হৈছে যে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ বিচিচিআইৰ নতুন সভাপতি হ’ব পাৰে। অৱশ্যে প্ৰকাশিত শেহতীয়া খবৰক স্পষ্টভাৱে অস্বীকাৰ কৰিছে শচীনে।
ৱৰ্ক আউটৰ লগতে এইসমূহ দিশতো দিয়ক গুৰুত্ব, তেতিয়াহে সফল হ’ব ওজন হ্ৰাসৰ প্ৰচেষ্টা
দাঁতৰ আলু ফুলা আৰু মুখৰ দুৰ্গন্ধ... এয়া দাঁতৰ কি ৰোগৰ ইংগিত?
মিঠা খাদ্যৰ বাহিৰেও এইবোৰ কাৰণত আপোনাৰ হঠাৎ চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে
দৈনিক ৰঙা চাহ খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নে বেয়া? শৰীৰত কি প্ৰভাৱ পৰে জানক...