পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ

আজি ১৪ নৱেম্বৰ, শুকুৰবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰা আৰম্ভ কৰি পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
Published: 

14 Nov 2025 19:52 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভেৰে চৰকাৰ গঠনৰ দিশে এন ডি এ। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. বিহাৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত। নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভেৰে চৰকাৰ গঠনৰ দিশে এন ডি এ। মুঠ ২৪৩ খন আসন বিশিষ্ট বিহাৰ বিধানসভাত ২০০ তকৈও অধিক আসনত অগ্ৰগতি এনডিএৰ। ইফালে বহু পিছপৰি আছে মহাজোটবন্ধন। মাত্ৰ ৩১ খন আসনতহে অগ্ৰগতি লাভ বিৰোধী মিত্ৰ শক্তিৰ।
  2. বিহাৰ নিৰ্বাচনত এন ডি এৰ ফলাফলকলৈ আনন্দিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এক্সত পোষ্টযোগে এই জনাদেশৰ বাবে বিহাৰৰ জনতাক কৃতজ্ঞতা জনায় নেতাদুগৰাকীয়ে। এয়া সুশানৰ জয় বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
  3. বিহাৰৰ বাক্সাৰ সমষ্টিত জয়লাভ বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰৰ। কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাস্ত কৰি বিহাৰ বিধানসভালৈ নিৰ্বাচিত আনন্দ মিশ্ৰ। ৰাজনীতিলৈ অহাৰ পূৰ্বে অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া আছিল তেওঁ। অসমত ড্ৰাগছ বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আনন্দ মিশ্ৰই।
  4. বিহাৰ নিৰ্বাচনত এন ডি এৰ প্ৰদৰ্শনত সুখী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰি শৰ্মাই কয় যে ৰাহুল গান্ধী য’তেই যাব কংগ্ৰেছ তাতেই হাৰিব। ৰাহুলক বিজেপিৰ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। অসমত ফলাফল আৰু ভাল হ’ব বুলি আশাবাদী মুখ্যমন্ত্ৰীগৰাকী।
  5. দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট দি আটক নবী হুছেইন। বজালীৰ এটা মছজিদৰ পৰা আৰক্ষীয়ে আটক কৰে লোকজনক। সামাজিক মাধ্যমত দিল্লীৰ বিস্ফোৰণ নৰেন্দ্ৰ মোদীয়ে সংঘটিত কৰোৱা বুলি উল্লেখ কৰিছিল তেওঁ। লগতে অসমতো হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণ কৰিব বুলি তেওঁ পোষ্টত উল্লেখ কৰে। এই সম্পৰ্কত বৰ্তমানলৈকে ২০ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
  6. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ প্ৰতিবেদন অহা ১০ ডিচেম্বৰৰ ভিতৰত জমা দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। অভিজিৎ শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱাৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এছ আই টিক এই নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে।
  7. ভাৰত-বাংলাদেশ সীমান্তৰে বিতাড়ন ১৬ গৰাকীকৈ অবৈধ অনুপ্ৰৱেশকাৰীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক পোষ্টযোগে জনোৱা মতে শুকুৰবাৰে পুৱা ৬ জন বাংলাদেশী আৰু ১০ জন ৰোহিংগীয়াক বাংলাদেশলৈ ওভতাই পঠিওৱা হৈছে। অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
  8. গাড়ীত ৰঙালাইট লগাই ৰাজপথত তাণ্ডৱ সৃষ্টি কৰি আৰক্ষীৰ ৰোষত সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল। মেঘালয় আৰক্ষীয়ে জৰিমনা বিহে তাঞ্জিলৰ বাহনখনৰ বিৰুদ্ধে। সাংসদ পিতৃৰ বাহনৰ ৰঙা লাইট জ্বলাই মেঘালয়ৰ ৰাজপথেৰে ভ্ৰমণ কৰিছিল তাঞ্জিলে।
  9. আজি কলকাতাৰ ইডেন-গাৰ্ডেনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে শৃংখলাৰ প্ৰথমখন টেষ্ট। টছত জিকি দঃ আফ্ৰিকাই প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় যদিও ভাৰতীয় বলিং বিক্ৰমৰ সমুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ১৫৯ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে সৰ্বাধিক ৫ টা উইকেট দখল কৰে।
আক্ৰাম, অশ্বিন সকলোকে অতিক্ৰম বুমৰাহৰ; গঢ়িলে এনে অনন্য অভিলেখ
দৈনিক কণী খালে কলেষ্টেৰল বৃদ্ধি পাই নেকি ? এজন সুস্থ ব্যক্তিয়ে এদিনত কেইটা কণী খাব লাগে ?
ভাল জীৱন সংগী পাবলৈ চাণক্যৰ এই কথাবোৰ মানি চলক!
মাহেকীয়াৰ সময়ত মহিলসকলে মুড ছুইঙৰ পৰা সাত সাৰিবলৈ কি কি কৰা উচিত?