পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

আজি ১০ নৱেম্বৰ, সোমবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনামে দখল কৰিছে। ৰাজনীতিৰ পৰা সাংস্কৃতিক ক্ষেত্ৰলৈকে পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ...
Published: 

10 Nov 2025 20:37 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। দেশৰ সাংস্কৃতিক জগতৰ বাবে বেয়া খবৰ। গুৰুতৰভাৱে অসুস্থ প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰ। ইয়াৰ লগতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. গুৰুতৰভাৱে অসুস্থ প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰ। মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালৰ ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী। কেবাটাও স্বাস্থ্যজনিত সমস্যাত ভুগি থকা ধৰ্মেন্দ্ৰ কিছুদিন ধৰি আই চি ইউত ভৰ্তি হৈ আছিল। স্বাস্থ্যৰ অধিক অৱনিত ঘটাৰ পৰিপ্ৰেক্ষিতত আজি তেওঁক ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হয়।
  2. এফালে ছয়জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু আনফালে বিৰোধিতা। সোমবাৰে ১৪ টাকৈ জনজাতীয় সংগঠনৰ প্ৰতিবাদত কঁপিল সোণাপুৰ। এক গণসমাৱেশ আয়োজন কৰি ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা নিদিবলৈ দাবী জনায় সংগঠনসমূহে। ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে, পূৰ্বৰ জনজাতিৰ মৰ্যাদা থকা জনগোষ্ঠী কেইটাৰ ভাষা, সংস্কৃতি, ঐতিহ্যৰ অস্তিত্ব বিপদাপন্ন হ’ব পাৰে বুলি তেওঁলোকে শংকা প্ৰকাশ কৰে।
  3. তিতাবৰত জঘন্য ঘটনা। এগৰাকী যুৱতীক হত্যা কৰি শৌচাগাৰৰ টেংকীত লুকুৱাই থ’লে জগত সিং নামৰ এজন ব্যক্তিয়ে। চাৰিদিন পূৰ্বে সন্ধানহীন হৈছিল যুৱতীগৰাকী। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত অভিযান চলায় আৰক্ষীয়ে জগত সিঙৰ ঘৰৰ টেংকিত। জগত সিঙৰ অসৎ কামনাৰ বলি হৈ ৭ মাহৰ গৰ্ভৱতী হৈছিল যুৱতীগৰাকী। গৰ্ভপাত কৰাবলৈ নি জগত সিঙে যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ জগত সিঙৰ লগতে দুই পুত্ৰ আৰু এজন সহায়কক।
  4. আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰে খাদ্য সুৰক্ষা আঁচনি। এই আঁচনিৰ অধীনত এতিয়া ৰেচনকাৰ্ড থকা লোকসকলে সুলভ মূল্যত লাভ কৰিব দাইল, চেনি আৰু নিমখ। প্ৰায় ৭০ লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। অহা জানুৱাৰী মাহৰ পৰা ১০০ টকাতে এক কিলোগ্ৰামকৈ এই সামগ্ৰী লাভ কৰিব হিতাধিকাৰীয়ে।
  5. সোমবাৰে গুৱাহাটীৰ লগতে ৰাজ্যৰ কেবাটাও স্থানত অনুষ্ঠিত হয় কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। দলটোৱে দাবী কৰা মতে প্ৰায় ৯৫০০ লোকে আজিৰ দিনটোতে কংগ্ৰেছত যোগদান কৰে। তিনিচুকীয়াৰ ফিল’বাৰীত এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে। ইফালে গুৱাহাটীত ভূপেন বৰা, ৰিপুন বৰা, দেৱব্ৰত শইকীয়াকে ধৰি কেবাজনো নেতাৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী।
  6. সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপত উচ্ছেদ অভিযান। আমচিং অভয়াৰণ্যৰ ইকো চেনচিটিভ জ’নত দুষ্ট চক্ৰই অবৈধভাৱে নিৰ্মাণ কৰা এখন দেৱাল ভাঙি পেলায় প্ৰশাসনে। অসম ডম বস্কো বিশ্ববিদ্যালয়ে প্ৰায় ৪০ বিঘা ভূমি বেদখল কৰি দেৱাল নিৰ্মাণ কৰাৰ অভিযোগ।
  7. জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনায় অহা ১৯ নৱেম্বৰত আয়োজন কৰা হৈছে এক বিশেষ অনুষ্ঠানৰ। প্ৰায় ২০০ শিল্পীয়ে গীতেৰে শ্ৰদ্ধা জনাব শিল্পীগৰাকীক। ১৯ নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন। সেইদিনা সন্ধিয়া ৫ বজাৰ পৰা চানমাৰিৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ শীৰ্ষক অনুষ্ঠানটি।
  8. ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ৰক্ষা পৰিল ভাৰত। জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৩৬০ কিলোগ্ৰাম বিস্ফোৰক আৰু বুজন সংখ্যক অস্ত্ৰ-শস্ত্ৰ। ঘটনা সংক্ৰান্তত কাশ্মীৰৰ দুজন চিকিৎসকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পাকিস্তান সমৰ্থিত জইছ-ই-মহম্মদৰ সৈতে দুয়োৰে সম্পৰ্ক থকাৰ অভিযোগ।
  9. লালকিল্লাৰ সমীপত ভয়ংকৰ বিস্ফোৰণ। এখনৰ পাছত এখনকৈ তিনিখন বাহনত বিস্ফোৰণ। লালকিল্লা মেট্ৰ’ৰ ১ নং গেটত বিস্ফোৰণ। এই বিস্ফোৰণৰ পিচতেই আন কেবাখনো বাহনত জুই লাগে। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বিস্ফোৰণৰ কিছু সময় পূৰ্বে মেট্ৰ’ ষ্টেচনলৈ এটা ফোন কল অহা বুলি জানিব পৰা গৈছে।
কিডনী ষ্টোন হ'লে কি কৰিব ? কম সময়ত উপশম পোৱাৰ উপায় জানক
জীৱনৰ ২৪তম জন্মদিন উদযাপন ৰিয়ানৰ, জানেনে তেওঁৰ নামত থকা অভিলেখসমূহৰ বিষয়ে
মা লক্ষ্মীৰ আগমনৰ পূৰ্বে দেখা দিয়ে এইসমূহ সংকেত! জানক সকলো...
ফেটি লিভাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি ? এই সমস্যা থকাসকলৰ বাবে ৭ টা পৰামৰ্শ