মাদানী-হামিদৰ মন্তব্যক লৈ গৰম ৰাজ্যৰ ৰাজনীতি, চাওক দিনটোৰ শীৰ্ষ খবৰ
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথিৰ উপলক্ষে হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। ইয়াৰ লগতে ৰাজ্যৰ ৰাজনীতি পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰে আজিৰ শিৰোনাম দখল কৰিছে। চাওক দিনটোৰ শীৰ্ষ খবৰ...।

ছৈয়দা হামিদ
ৰাজ্যৰ ৰাজনীতি পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰে আজিৰ শিৰোনাম দখল কৰিছে। বিশেষকৈ মাদানী আৰু হামিদৰ মন্তব্যই গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি। একে সময়তে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথিৰ উপলক্ষে হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। চাওক দিনটোৰ শীৰ্ষ খবৰ…।
দিনটোৰ শীৰ্ষ খবৰ
- আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি। পুৱাৰে পৰা গুৰু বন্দনা-হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। ঐতিহ্যমণ্ডিত আঠখেলীয়া, ঢেকীয়াখোৱা নামঘৰতো পালন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি ৷ নাম-কীৰ্তন, হৰিনামেৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বৰদোৱা। পুৱাৰ পৰাই হৰি নামৰে মুখৰিত মাজুলী।
- অসমত বাংলাদেশী নাগৰিকক লৈ বিস্ফোৰক মন্তব্য পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা ছৈয়দা হামিদৰ। তেওঁ কয়, “মই দিল্লীত থাকো, কিন্তু মোৰ অন্তৰ ইয়াৰ মুছলমানসকলৰ সৈতে আছে। ইয়াত মুছলমানসকলৰ যি অৱস্থা সেয়া অতি দুখজনক। বাংলাদেশী হোৱাত সমস্যা ক’ত? বাংলাদেশীও মানুহ। বাংলাদেশীয়ে কাৰো অধিকাৰ কাঢ়ি লোৱা নাই।”
- ছৈয়দা হামিদৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয়, ছৈয়দা হামিদা ছোনিয়া গান্ধীৰ বান্ধৱী। ড০ মনমোহন সিঙৰ দিনত তেওঁ পৰিকল্পনা আয়োগৰ সদস্য আছিল। তৰুণ গগৈয়ে তেওঁক বহুবাৰ অসমলৈ আমন্ত্ৰণ জনাইছিল। গতিকে কংগ্ৰেছ দল আৰু এইবোৰৰ পৰা আমি বাছি থাকিব লাগিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী শৰ্মাৰ।
- মৌলানা মেহমুদ মাদানীৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য লুৰিণজ্যোতি গগৈৰ। তেওঁ কয়,মৌলানা মেহমুদ মাদানী হৈছে অসমৰ জমিয়ত উলেমাৰ সভাপতি, বদৰুদ্দিন আজমলৰ ৰাষ্ট্ৰীয় সভাপতি। আজমলক ব্যৱহাৰ কৰি সফল নোহোৱাত হিমন্ত বিশ্ব শৰ্মাই মেহমুদ মাদানীক লৈ আহিছে। বদৰুদ্দিন আজমলৰ শ্ৰুতলিপি মতেই মেহমুদ মাদানীয়ে সাম্প্ৰদায়িক মন্তব্য কৰিছে বুলি কয় লুৰিণজ্যেতি গগৈয়ে।
- নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ দিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাসে। পঞ্চায়তৰ সচিবৰ কাৰণে ৰাজ্যত মুকলি কৰা হৈছে প্ৰায় ২,০০০ ঠিকাভিত্তিক পদ । নিৰ্বাচনৰ আগমুহূৰ্তত এই খালী পদ সমূহত নিযুক্তি প্ৰদান কৰিব চৰকাৰে। ইয়াৰ বাবে অনুষ্ঠিত কৰা হ’ব লিখিত পৰীক্ষা। এই কথা প্ৰকাশ মন্ত্রীগৰাকীৰ।
- প্ৰকাশ কৰিব নোৱাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সম্পৰ্কীয় তথ্য! কেন্দ্ৰীয় তথ্য আয়োগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সম্পৰ্কীয় তথ্য প্ৰকাশৰ নিৰ্দেশ সোমবাৰে বাতিল কৰে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ শচীন দত্তই দিল্লী বিশ্ববিদ্যালয়ে (ডি ইউ) ২০১৭ চনৰ চিআইচিৰ আদেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ অনুমতি দিয়ে। য’ত ভাৰ্চিটিক মোদীৰ ডিগ্ৰীৰ সৈতে জড়িত তথ্য আৰটিআই আবেদনকাৰীক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।
- ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে লাভ কৰিলে নতুন সহায়ক। মোদী চৰকাৰে অনিশ দয়াল সিঙক সহকাৰী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি প্ৰদান কৰিছে। তেওঁ আছিল চি আৰ পি এফ (CRPF)-আই টি বি পি (IRBP)ৰ প্ৰাক্তন ডি জি তথা প্ৰাক্তন মুৰব্বী। লগতে সিং মণিপুৰ কেডাৰৰ ১৯৮৮ বেচৰ অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া।
- য়েমেনৰ ৰাজধানী ছানাত হাউথী বিদ্ৰোহীৰ ঘাটিত আক্ৰমণ ইজৰাইলৰ। য’ত ৬ জন নিহত হোৱাৰ লগতে ৮৬ জন আহত হয়।ৰাষ্ট্ৰপতি ভৱনৰ সমীপৰ সামৰিক ঘাটি, বিদ্যুৎ কেন্দ্ৰ আৰু গেছ ষ্টেচনত এই আক্ৰমণ সংঘটিত হয়। ইজৰাইলে ইয়াক হাউথী বিদ্ৰোহীৰ বিৰুদ্ধে প্ৰতিশোধ হিচাপে অভিহিত কৰে।
- ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডলৈ বিশেষ আহ্বান প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ। ২০২৫ চনৰ ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট খেলৰ পৰা বিৰত থাকিবলৈ আহ্বান গৌৰৱ গগৈৰ। তেওঁ কয়,পাহালগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুয়োখন চুবুৰীয়া দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। এনে পৰিস্থিতিত পাকিস্তানৰ সৈতে ক্ৰিকেট খেলাটো “জাতীয় স্বাৰ্থৰ বিপৰীত” বুলি কয় গৌৰৱ গগৈয়ে।