শিৰোনাম দখল কৰিছে সংখ্যালঘুৱে! পলকতে পঢ়ক দিনটোৰ ৯ শীৰ্ষ খবৰ…
হাজাৰ বাধা আহিলেও চৰকাৰী মাটিত বেদখল উচ্ছেদ কৰা হ'ব বুলি সকীয়াই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একে সময়তে উচ্ছেদৰ বিৰুদ্ধে সৰৱ হৈছে সংখ্যালঘু ছাত্ৰ সংগঠন আমছু। ১২ জুলাইত ৰাজ্যজুৰি প্ৰতিবাদৰ কথা ঘোষণা কৰিছে আমছু নেতৃত্বই। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

অসমৰ উচ্ছেদ অভিযান
সংখ্যালঘু ৰাজনীতিকে ধৰি বহু খবৰে আজি শিৰোনাম দখল কৰিছে। ধুবুৰী আৰু গোৱালাপাৰাত একাংশ লোকক উচ্ছেদ কৰা সন্দৰ্ভত চৰকাৰক কঠোৰ সমালোচনা বিৰোধীৰ। একে সময়তে ৰাজ্যত চলা উচ্ছেদৰ বিৰুদ্ধে সৰৱ হৈছে সংখ্যালঘু ছাত্ৰ সংগঠন আমছু। ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিজেপি চৰকাৰৰ পতন ঘটিলে উচ্ছেদিত সংখ্যালঘু মুছলমানে য’ত যেনেকৈ পাৰে বসতি স্থাপন কৰিব। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- উচ্ছেদক লৈ উত্তাল হৈ আছে ৰাজ্য। নামনি অসমৰ ধুবুৰী আৰু গোৱালাপাৰাত একাংশ লোকক উচ্ছেদ কৰা সন্দৰ্ভত চৰকাৰক কঠোৰ সমালোচনা বিৰোধীৰ। কিন্তু হাজাৰ বাধা আহিলেও চৰকাৰী মাটিত বেদখল উচ্ছেদ কৰা হ’ব বুলি সকীয়াই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- ৰাজ্যত চলা উচ্ছেদৰ বিৰুদ্ধে সৰৱ হৈছে সংখ্যালঘু ছাত্ৰ সংগঠন আমছু। ১২ জুলাইত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে আমছু নেতৃত্বই। সংখ্যালঘু মুছলমানক অন্যায়ভাৱে উচ্ছেদ কৰাৰ অভিযোগ তুলিছে চৰকাৰৰ বিৰুদ্ধে।
- আজি ধুবুৰীৰ উচ্ছেদ স্থলীত উপস্থিত হয় সাংসদ ৰকিবুল হুছেইন । উচ্ছেদৰ বিৰুদ্ধে চৰকাৰক তীব্ৰ সমালোচনা কৰে সাংসদগৰাকীয়ে। উচ্ছেদিত ৰাইজে কিদৰে খাইছে, কিদৰে কটাইছে খবৰ ল’লে ৰকিবুল হুছেইনে।
- গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত জব্দ মাৰণাস্ত্ৰ । পল্টনবজাৰ ৰে’ল ষ্টেচনত GRPৰ অভিযানত জব্দ ৩ টাকৈ মাৰণাস্ত্ৰ । তিনিটাকৈ 7.6 পিষ্টল আৰু ৬ টা মেগজিন জব্দ কৰিছে ৰে’ল আৰক্ষীয়ে। ইয়াৰ লগতে গুল্লু কমাৰ নামৰ বিহাৰৰ এজন যুৱককো গ্ৰেপ্তাৰ কৰিছে ৰে’ল আৰক্ষীয়ে।
- বৃহস্পতিবাৰে গুৱাহাটীত আত্মহননৰ চেষ্টা চলাই গুৰুতৰভাৱে আহত হয় ত্ৰিদিৱ কোঁৱৰ নামৰ এগৰাকী প্ৰশাসনিক বিষয়া। এটি টোকা লিখি অট্টালিকাৰ ছাদৰ পৰা জপিয়াই আত্মহননৰ চেষ্টা চলাইছিল ত্ৰিদিৱ কোঁৱৰে। কিন্তু তেওঁ গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। যোৱা এবছৰ ধৰি নিজৰ চিকিৎসা কৰি অহা কোঁৱৰে মানসিকভাৱে ভাগি পৰি এই সিদ্ধান্ত লোৱাৰ সন্দেহ কৰা হৈছে।
- বিজেপি চৰকাৰৰ পতন ঘটিলে উচ্ছেদিত সংখ্যালঘু মুছলমানে য’ত যেনেকৈ পাৰে বসতি স্থাপন কৰিব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গোৱালপাৰা চহৰখন হিন্দু সভ্যতাৰ কেন্দ্ৰ আছিল যদিও বৰ্তমান তাত হিন্দুসকল সংখ্যালঘু হৈ পৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
- হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পিতৃয়ে গুলীয়াই হত্যা কৰিলে এগৰাকী টেনিছ খেলুৱৈক। কন্যাৰ টকাৰে জীৱন নিৰ্বাহ কৰা বুলি একাংশ লোকে সমালোচনা কৰাৰ পাছতেই পিতৃয়ে গুলীয়াই হত্যা কৰে ৰাধিকা নামৰ টেনিছ খেলুৱৈগৰাকীক।
- লৰ্ডছত ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা তৃতীয়খন টেষ্টৰ আজি দ্বিতীয় দিন। ইংলেণ্ডৰ জ’ ৰুটে শতক অৰ্জন কৰাৰ বিপৰীতে বিধ্বংসী বলিং দেখা গৈছে ভাৰতীয় স্পীডষ্টাৰ যশপ্ৰীত বুমৰাহৰ।
- অহা বিধানসভা নিৰ্বাচনত অসমৰ ১২৬ খন আসনৰ ভিতৰত ৩৫ খনত প্ৰতিদ্বন্দ্বিতা কৰিব AIUDF এ। এই কথা প্ৰকাশ কৰিছে দলটোৰ বিধায়ক আমিনুল ইছলামে। উল্লেখ্য যে এইবাৰৰ লোকসভা নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পাছত দলটোৱে কঁকালত টঙালি বান্ধি সাজু হৈছে বিধানসভা নিৰ্বাচনলৈ। বৰ্তমানলৈকে মিত্ৰতাৰ কথা ভবা নাই বুলি উল্লেখ কৰি ইছলামে কয় যে সকলো বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে যুঁজ দিব লাগে।