আজি টাই আহোমসকলৰ পবিত্ৰ মে-ডাম-মে-ফী, জানক মে-ডাম-মে-ফীৰ তাৎপৰ্য আৰু নিয়ম

আজি ৩১ জানুৱাৰী, পবিত্ৰ ‘মে-ডাম-মে-ফী’ । আজিৰ দিনটোত টাই আহোম সকলে পূৰ্ব পুৰুষ সকলক সোঁৱৰি এই অনুষ্ঠান অনুষ্ঠিত কৰে। ‘মে-ডাম-মে-ফী’ৰ অৰ্থ হ’ল, মে মানে তৰ্পন কৰা, ডাম মানে মৃতকৰ আত্মা আৰু ফী মানে হ’ল মৃতকৰ পৰমাত্মা।

আজি টাই আহোমসকলৰ পবিত্ৰ মে-ডাম-মে-ফী, জানক মে-ডাম-মে-ফীৰ তাৎপৰ্য আৰু নিয়ম

আজি টাই আহোমসকলৰ পবিত্ৰ মে-ডাম-মে-ফী

Updated On: 

31 Jan 2025 10:09 AM

মে-ডাম-মে-ফী টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়ম সমূহ অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম’-মুন্-ম’-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা হয়।

এই উৎসৱৰ মূল উৎস প্ৰাচীন চীনৰ কনফুচিয়াছ ধৰ্মৰ পূৰ্বপুৰুষ উপাসনাতত্ত্ব যি পাছলৈ টাই জাতিৰ দাম-ফী পৰম্পৰা ৰূপে বিকাশ ঘটে। কনফুচিয়াছৰ শিক্ষা সমুহ আজিও আহোম সমাজে পালন কৰে। আধুনিক যুগত ইয়াক ৩১ জানুৱাৰীত উদযাপন কৰা হয় আনহাতে প্ৰথম অৱস্থাত ইয়াক লাক-নি টাই মাহ ডুন-হা (মাৰ্চ-এপ্ৰিল)ত উদযাপন কৰা হয়।

টাই-আহোম সকলৰ নিজা ধৰ্মটোৰ নাম ফুৰালুঙ ধৰ্ম আছিল। এই ধৰ্মৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ হৈছে পূৰ্বপুৰষ উপাসনা। পূৰ্বপুৰুষ উপাসনাৰ আৰম্ভণি হৈছিল চীনা দাৰ্শনিক কনফুচিয়াচৰ দ্বাৰা। এই পূৰ্বপুৰুষ উপাসনাৰ প্ৰথা চীনা আৰু টাইসকলৰ মাজত যথেষ্ট দেখা যায়। পেঞ কা কা অনুসৰী, মুং ফিৰ শাসক লেংদনে তেওঁৰ দুই নাতি খুন-লুং আৰু খুন-লাইক মুং ৰি মুং ৰাম (বৰ্তমান চীনৰ চিচুৱাংবান্না)লৈ শাসন কৰিবলৈ পঠোৱাৰ সময়ত সাহিত্যিক য়াচিংফাই তেওঁলোকক উপদেশ দিছিল- “তোমালোকৰ ককা, লেংদনে মুং ৰি মুং ৰামলৈ শাসন কৰিবলৈ পঠাইছে। যেতিয়া ’ফিন-হা’ মাহ আহিব, পবিত্ৰ ’চিনকৰা’ ফুলবোৰ ফুলিব, তেতিয়া তোমালোকে সেইটো মাহত দিন এটা ঠিক কৰি তেওঁ আৰু অন্যান্য পূৰ্বপুৰুষসকলৰ নামত জীৱ-জন্তু আৰু আন ভাল ভাল বস্তু উছৰ্গা কৰি উপসনা কৰিবা। তেতিয়া লেংদন আৰু অন্যান্য আঠ হাজাৰ দেউ লগত নামনিলৈ নামি আহি তোমালোকক আশীৰ্ব্বাদ কৰিব।”

য়াচিংফাই খুন-লুং আৰু খুন-লাইক ক্ষ্যেক ফুৰালুং, মে ডাম মে ফী আৰু ৰিক খ্বন পালন কৰিবলৈ উপদেশ দিছিল। টাই জাতীয় ধৰ্ম পালন কৰা সকলে এইদৰে  পূৰ্বপৰুষ উপাসনা কৰি আহিছে।

মে-ডাম-মে-ফীৰ নিয়ম

মে ডাম মে ফিত মুঠ দহজন দেউক উপাসনা কৰা হয়। তেওঁলোক হৈছে:

  • খাও খাম,
  • আই লেংদিন,
  • য়াচিংফা,
  • জান-চাই-হাং,
  • লেংডন,
  • চিট-লাম-চাম,
  • মুট-কাম টাই-কুম,
  • ডাম চাও ফী বা চাও ফী ডাম (তেৰ পুৰুষৰ আগৰ ককা-আইতাসকল),
  • ৰা-খিন,
  • বা-খিন।

নীতি নিয়মসমূহত ব্যৱহাৰ হোৱা সা সামগ্ৰী হৈছে : খাও চান (কেঁচা চাউল), কাই চেং (পবিত্ৰ চৰাই/বিশেষকৈ কুকুৰা), কাই খাই (মুৰ্গীৰ কণী), লুকলাও (সাজপানী), মাকমু (তামোল), বানপ্লু (পান), খ্ৰিং (আদা), মান ঙা (মিঠাতেল), ক্লু (নিমখ), কুই(কল), অই (চেনি), বান ফাই (লেম্প), নুম চে (গাখীৰ), নাম অই (গুৰ),নাম থুম (দৈ), খাই নুকপেট (হাঁহৰ কণী), চিংকৰা বা ব্লক চিংফা (এবিধ পবিত্ৰ ফুল), মাইহাং (বাঁহৰ পাঙ), লাৰু কাৰু (মিঠামাংস), চুপ টাও (মুখ ধুবলৈ পানীৰ পাত্ৰ), টাংকাক (এবিধ পাত্ৰ)। মে ডাম মে ফিত নীতি নিয়মসমূহ ম-চাম, ম’-প্লঙ আৰু ম-হুং আদি আহোম পুৰোহিতসকলে সম্পাদন কৰে। তেওঁলোকে আঠ কুনীয়া এটা হ ‘-ফি নিৰ্মাণ কৰি তাত ফি সকলৰ বাবে এখনকৈ পাং (বাঁহৰ চাং) পাতে। আই ছিং লাও বন্দনাৰে সৃষ্টিকৰ্তা ফা-তু-ছিংক শ্ৰদ্ধা জনোৱাৰ পাছত আও টাং নামৰ আদৰা বন্দনাৰে ফি সকলক আহবান জনায়। আও টাংৰ পাছত ফি সকলক কিন-টাং নামৰ বন্দনা গাই উৎসৰ্গা সমূহ অৰ্পণ কৰা হয়। কিন টাংৰ পাছত ফি সকলক জ’ন-মিঙ নামৰ আশীৰ্বাদ বিচৰা বন্দনা গোৱা হয়। জ’ন-মিঙৰ পাছত ফি সকললৈ ব’য়-টাং নামৰ বিদায় বন্দনা গোৱা হয়। মে ডাম মে ফিত ৰা-খিন আৰু বা-খিনক বাদ দি বাকীকেইজন ফিলৈ ২৭জনী ৰঙা কুকুৰা আগ বঢ়োৱা হয়। ৰা-খিন আৰু বা-খিনক সাধাৰণতে কণী আগ বঢ়ায়। যদি ৰা-খিন আৰু বা-খিনক ৰঙা কুকুৰা দিয়ে তেতিয়া লগতে আখৈও দিব লাগিব বুলি নিয়ম আছে।

 

ঘৰৰ কোন দিশত বাঁহ গছ ৰোপণ কৰিব লাগে ? বাস্তু শাস্ত্ৰত কি নিৰ্দেশনা দিয়া হৈছে ? জানক
ছাল হৈ পৰিব উজ্বল, আপুনি হৈ পৰিব ধুনীয়া! কৰক এই সহজ কাম...
বৃক্ক সংক্ৰমণ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা...
শ্বাহৰুখ খানৰ King ত পপ তাৰকা ED Sheeran ৰ সংগীত, চৰ্চা সামাজিক মাধ্যমত