শোকাৱহ! গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা…

বামুণীগাঁও ৰে’লৱে ষ্টেচনৰ সমীপৱৰ্তী ২৪০ নং গেট সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। সেই সময়ত একেলগে দুখন ৰে’ল অতিক্ৰম কৰিছিল। এনএমজিৰ এখন মালবাহী ট্ৰেইন পাৰ হৈ যোৱাৰ সময়তে গুৱাহাটী অভিমুখী উজানিমুখ পুৰী এক্সপ্ৰেছৰ  খুন্দা থিতাতে মৃত্যুমুখত পৰে মহিলাকেইগৰাকী।

শোকাৱহ! গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা...

বকোত ৰে’লৰ খুন্দা মৃত্যু ৩ গৰাকী মহিলাৰ

Updated On: 

18 Aug 2025 12:03 PM

সোমবাৰে পুৱাই  ৰাজ্যত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।  বকোৰ বামুনীগাঁও ৰে’লৱে ষ্টেচনৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ৰে’লৰ খুন্দা মৃত্যু হয় ৩ গৰাকী মহিলাৰ । প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই অঘটন। গুৱাহাটী অভিমুখী ৰে’লখনে পিছ দিশৰ পৰা খুন্দা মাৰে তিনিওগৰাকী মহিলাক।

দুৰ্ঘটনাত নিহত আটাইকেইগৰাকী মহিলাৰ ঘৰ বকোৰ জানিব পৰা গৈছে। মৃত  মহিলাগৰাকী ২ নং ছাটাবাৰীত উত্তৰ দাস (৫০), ৰুমী দাস (৩৫), আৰু কৰবী মালি (৩৫) বুলি চিনাক্ত কৰা হৈছে। খবৰ অনুসৰি, মহিলাকেইগৰাকীয়ে প্ৰাতঃভ্ৰমণৰ বাবে ওলাই অহাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

বামুণীগাঁও ৰে’লৱে ষ্টেচনৰ সমীপৱৰ্তী ২৪০ নং গেট সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। সেই সময়ত একেলগে দুখন ৰে’ল অতিক্ৰম কৰিছিল। NMG মালবাহী ট্ৰেইন পাৰ হৈ যোৱাৰ সময়তে গুৱাহাটী অভিমুখী উজনিমুৱা পুৰী এক্সপ্ৰেছৰ  খুন্দা থিতাতে মৃত্যুমুখত পৰে মহিলাকেইগৰাকী। ৰে’লখনে পিছ দিশৰ পৰা খুন্দা মাৰিছিল তিনিওগৰাকীক। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, নিমিষতে ছিন্ন-ভিন্ন হৈ পৰে মহিলা ৩ গৰাকীৰ দেহ।

খবৰ পোৱাৰ পিছত ততাতৈয়াকৈ সেই স্থানলৈ গৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে বকো থানাৰ আৰক্ষীয়ে। এতিয়া দুৰ্ঘটনাপ্ৰৱণ অঞ্চলটোত কৰ্তৃপক্ষই সুৰক্ষা ব্যৱস্থাৰ পুনৰীক্ষণ কৰাৰ সম্ভাৱনা আছে যাতে অধিক লোকৰ প্ৰাণ হেৰুৱাব নোৱাৰে। ইফালে ক্ৰমাৎ বৃদ্ধি পোৱা এনে মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় বাসিন্দাসকলে অঞ্চলটোত। তথ্য অনুসৰি কামাখ্যা–যোগীঘোপা ৰে’লপথৰ কাষত যোৱা কিছু বছৰত অনুৰূপ ৰে’ল দুৰ্ঘটনাত প্ৰায় ২০ জন লোকে প্ৰাণ হেৰুৱাইছে।

চকুৰ তলত কিয় ক'লা বৃত্ত গঠন হয়? জানক ইয়াৰ কাৰণ...
নকৰিব আওকান! ফেটি লিভাৰ হ'লে শৰীৰে এনেকৈ দিয়া সংকেত...
পনীৰ নে কণী, এই দুবিধ খাদ্যৰ ভিতৰত কোনবিধত প্ৰটিনৰ পৰিমাণ বেছি জানেনে?
কোনবোৰ খাদ্যই বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে? সবিশেষ জানক