ছিপাঝাৰত চাঞ্চল্যকৰ ঘটনাঃ দুৰ্বৃত্তই প্ৰাণ কাঢ়িলে একেটা পৰিয়ালৰ তিনিজনৰ, কোঠা-চোতালত পৰি ৰ’ল মৃতদেহ

এই শিহৰণকাৰী ঘটনা কোনে আৰু কি কাৰণত সংঘটিত কৰিলে, সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰা এনে নৃশংস ঘটনাৰ পিছত অঞ্চলটোত এতিয়া এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

ছিপাঝাৰত চাঞ্চল্যকৰ ঘটনাঃ দুৰ্বৃত্তই প্ৰাণ কাঢ়িলে একেটা পৰিয়ালৰ তিনিজনৰ, কোঠা-চোতালত পৰি ৰ’ল মৃতদেহ

ছিপাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড

Published: 

12 Sep 2025 | 12:18 AM

এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে ছিপাঝাৰ অঞ্চলটোত বৃহস্পতিবাৰে সংঘটিত এক জঘন্য হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে দুৰ্বৃত্তৰ হাতত ছিপাঝাৰত প্ৰাণ হেৰুৱাইছে একেটা পৰিয়ালৰে তিনি সদস্যই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নাৰিকলিত প্ৰকাশিত খবৰ অনুসৰি অচিনাক্ত দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত পৰিয়ালটোৰ তিনিজন সদস্যই প্ৰাণ হেৰুৱায় ইতিমধ্যে এই লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে

ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে জানিব পৰা মতে, এই ঘটনাত নিহত পৰিয়ালটোৰ লোককেইজনক দীপক নাথ, প্ৰতিমা নাথ আৰু ধৃতিৰাজ নাথ বুলি চিনাক্ত কৰা হৈছে নিজা বাসগৃহ চৌহদত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়

নিহত প্ৰতিমা নাথ আৰু ধৃতিৰাজ নাথৰ মৃতদেহ কোঠাৰ ভিতৰত উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে দীপক নাথৰ মৃতদেহ ঘৰৰ চোতালত উদ্ধাৰ হৈছে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে। লক্ষণীয়ভাৱে এই বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ধৃতিৰাজ নাথ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল

এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উদ্ধাৰ হয় আৰু মৃতদেহকেইটা উদ্ধাৰ কৰে প্ৰাথমিক তদন্তত আৰক্ষীয়ে তিনিওজন লোকক দাৰে ঘটিয়াই হত্যা কৰা বুলি জানিবলৈ দিছে সম্প্ৰতি এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে

এই শিহৰণকাৰী ঘটনা কোনে আৰু কি কাৰণত সংঘটিত কৰিলে, সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰা এনে নৃশংস ঘটনাৰ পিছত অঞ্চলটোত এতিয়া এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...