দুৰ্নীতিৰ অভিযোগ! কৰ পৰিদৰ্শক বেদব্ৰত শইকীয়াৰ ঘৰত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান

কৰ পৰিদৰ্শক বেদব্ৰত শইকীয়াৰ ঘৰত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ অভিযান। এই সময়চোৱাত বহু তথ্য লাভ কৰে অভিযানকাৰী দলটোয়ে। শইকীয়াৰ বিৰুদ্ধে বহু দুৰ্নীতিৰ অভিযোগ আছে।

দুৰ্নীতিৰ অভিযোগ! কৰ পৰিদৰ্শক বেদব্ৰত শইকীয়াৰ ঘৰত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান

বেদব্ৰত শইকীয়া

Updated On: 

05 May 2025 | 06:49 PM

মৰিগাঁৱৰ কৰ পৰিদৰ্শক বেদব্ৰত শইকীয়াৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান। সোমবাৰে পুৱাৰ পৰা যোৰহাটৰ অজন্তা বাইপাছৰ সমীপৰ ৫ নং বাইলেনত থকা বাসগৃহত চলা অভিযানত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে বহু তথ্য লাভ কৰিছে। ৫ জনীয়া এটা দলে শইকীয়াৰ ঘৰত অভিযান চলায়।

উল্লেখ্য যে,  বৰ্তমান মৰিগাঁও জিলাত কৰ অধীক্ষক হিচাপে কৰ্মৰত বেদব্ৰত শইকীয়া। দীৰ্ঘদিন ধৰি শইকীয়াৰ বিৰুদ্ধে দুৰ্নীতি আৰু আয় বৰ্হিঃভুতভাৱে সম্পত্তি গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈ আহিছে। ইমানেই নহয়, কৰ পৰিদৰ্শক হিচাপে চাকৰি লাভৰ পূৰ্বে এক অৰ্থনৈতিক অপৰাধ সংঘটিত কৰি দুৰ্নীতি আৰু চক্ৰান্তৰ গোচৰ অভিযুক্ত হৈছিল বেদব্ৰত শইকীয়া। তেওঁ ২০১৩চনৰ ৩০ছেপ্টেম্বৰত ৰুজু হোৱা গোচৰ নং- ৭৫/২০০৫ত দোষী সাব্যস্ত হৈছিল ।

ভাৰতীয় দণ্ডবিধি ১২০বি/৪২০/৪৬৮/৪৭১ আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩(২)আৰু ১৩(১)(ডি) ধাৰাত দোষী সাব্যস্ত হৈছিল তেওঁ। পাছত  চি বি আইৰ বিশেষ আদালতে বেদব্ৰত শইকীয়াক ৩বছৰ কাৰাদণ্ড বিহিছিল। তেওঁৰ বিৰুদ্ধে বিভিন্ন পন্থাৰে ধন আহৰণ কৰাৰ অভিযোগ আছে। অভিযোগ অনুসৰি,ব্যৱসায়িক ভিত্তি প্ৰদৰ্শন কৰিবলৈ বিভিন্ন ইউনিট আৰু জি এছ টি ইন্টেলিজেন্স ইউনিট বনাই কৰ সংগ্ৰহৰ নামত টকা ঘটিছিল শইকীয়াই।

এনে বিভিন্ন অভিযোগৰ পাছত ২০২৩ চনৰ ৪ নৱেম্বৰত তৎকালীন কৰ আয়ুক্ত ৰাকেশ আগৰৱালাই শইকীয়াক ই আই ইউৰ পৰা অব্যাহতি দিছিল। কিন্তু আগৰৱালা বিভাগটোৰ পৰা আঁতৰ হোৱাৰ পাছতে শইকীয়াই পুনৰ দুৰ্নীতিৰ কামত নামি পৰিছিল। বেদব্ৰত শইকীয়াৰ দুৰ্নীতি দেখি অস্বস্তিত ভুগিছিল মৰিগাঁওবাসী। অৱশেষত আজি চি এম ভিজিলেন্সে তেওঁৰ বাসগৃহত অভিযান চলায়। এই সন্দৰ্ভত সবিশেষ তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...