আটক অসমীয়াক অপমান কৰা বিতৰ্কিত যুৱতী তনু শ্বাহী, দুলীয়াজান আৰক্ষী থানাত জেৰা…

আটক বিতৰ্কিত যুৱতী তনু শ্বাহী। বিভিন্ন দল- সংগঠনে কৰা প্ৰতিবাদৰ অন্তত শুকুৰবাৰে নিজ বাসগৃহৰ পৰা আটক কৰা হয় যুৱতীগৰাকীক।

আটক অসমীয়াক অপমান কৰা বিতৰ্কিত যুৱতী তনু শ্বাহী, দুলীয়াজান আৰক্ষী থানাত জেৰা...

তনু শ্বাহী

Published: 

22 May 2025 18:54 PM

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ অন্তত আটক হ’ল বিতৰ্কিত যুৱতী তনু শ্বাহী। দুলীয়াজানৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰিছে যুৱতীগৰাকীক। বৰ্তমান দুলীয়াজান আৰক্ষী থানাত যুৱতীগৰাকীৰ জেৰা চলাই থকা হৈছে। জানিব পৰা মতে, ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষকে যুৱতীগৰাকীৰ জেৰা চলাই আছে। বৃহস্পতিবাৰে যুৱতীগৰাকী সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এজাহাৰ দাখিল কৰি ৪৮ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনাইছিল। তাৰ পাছতে শুকুৰবাৰে আটক হয় যুৱতীগৰাকী।

কেৱল AJYCP য়ে নহয় , ৰাজ্যৰ কেইবাটাও দল-সংগঠন তনু শ্বাহীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। যুৱতীগৰাকীৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ লগতে টাই আহোম যুৱ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিন সেনা আদিয়ে পৃথকে কেইবাখনো এজাহাৰ দাখিল কৰিছিল। ইয়াৰোপৰি তনু শ্বাহীক গ্ৰেপ্তাৰ নকৰিলে দুলীয়াজানৰ মজামজিয়াত তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। লগতে কৈছিল যে, অনা-অসমীয়াই অসমীয়াক কৰা অপমান কেতিয়াও সহ্য কৰা নহয়।  আনকি কাইলৈ দুলীয়াজান বন্ধ ৰখাৰো হুংকাৰ দিছিল।

দল-সংগঠনৰ এনে হেঁচাৰ অন্তত অৱশেষত আৰক্ষীয়ে আটক কৰে তনু শ্বাহীক। অৱশ্যে কি গোচৰত যুৱতীগৰাকী আটক হৈছে এতিয়ালৈকে জানিব পৰা নাই।

উল্লেখ্য যে, এইগৰাকী তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। ঘটনাৰ বিৱৰণী অনুসৰি দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি.এন.সিং পেট্ৰ’ল পাম্প চাৰ্ভিচ ষ্টেচনত তিনিটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। এই কাজিয়াত নাম সাঙোৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ।

জানিব পৰা মতে, অবৈধভাৱে তনু শ্বাহী নামৰ যুৱতীগৰাকীয়ে এই পেট্ৰ’ল পাম্পটো লীজত লৈছিল। কিন্তু এই পেট্ৰ’ল পাম্পৰ মাৰপিটৰ ঘটনাত জড়িত হৈ গ্ৰেপ্তাৰ হৈছিল বৰুৱা। কিন্তু যেতিয়া আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাই নিয়ে তেতিয়া ক্ষুব্ধ হৈ উঠে দল-সংগঠন। এগৰাকী অসমীয়াক এনে অত্যাচাৰ কৰা সহ্য কৰিব পৰা নাছিল একাংশই।

ইয়াৰ বিপৰীতে তনু শ্বাহী নামৰ যুৱতীগৰাকীয়ে অসম আৰু অসমীয়াক উদ্দেশ্য কৰি বিভিন্ন অপমানজনক মন্তব্য কৰিছিল।  তনু শ্বাহীয়ে অশ্লীল ভাষাৰে অসমীয়াক অপমান কৰাৰ পাছতে সৰৱ হৈ উঠিছিল দল-সংগঠন আৰু তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাইছিল।তনু শ্বাহীয়ে অশ্লীল শব্দ কোৱাৰ লগতে কৈছিল যে- “য়ে লোগ দালাল, ফ্ৰী মে খানে ৱালা আদমী”।

এই ঘটনাই ৰাজ্যত চাঞ্চল্য সৃষ্টি কৰাৰ মাজতে বুধবাৰে সামাজিক মাধ্যমৰ জৰিয়তে ক্ষমা খোজে তনু শ্বাহীয়ে।  তেওঁ কৈছিল যে, “কাজিয়াৰ সময়ত মোৰ মুখেৰে যি শব্দ ওলাইছিল তাৰ বাবে মই দূষিত”। কিন্তু ইয়াৰ পাছতো ৰাজ্যত প্ৰতিক্ৰিয়া ৰোধ হোৱা নাছিল। অৱশেষত বিভিন্ন দল-সংগঠনৰ বিৰোধিতা, এজাহাৰৰ অন্ত সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে তনু শ্বাহীক।

 

অন্য খবৰ পঢ়কঃ গ্ৰেপ্তাৰ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, পেট্ৰ’ল পাম্প দখলৰ চেষ্টাৰ অভিযোগ…

কোনো কিংবদন্তিয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে বুমৰাহে, ৯বাৰৰ সফলতাৰে ৰচিলে এই অভিলেখ
ডায়েবেটিছ হ'লে প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
কেঁচা অমিতা খোৱাৰ পৰা বিৰত থাকক এইসকল লোকে, অন্যথা হ’ব পাৰে কোনো সমস্যা
শৰীৰত তেজৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা...