উচ্ছেদ অভিযান বিজেপিৰ ভয় আৰু সাম্প্ৰদায়িক মনোভাৱৰ ফলঃ তৃণমূল কংগ্ৰেছ

অসমত চলি থকা উচ্ছেদৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুষ্মিতা দেৱৰ। তেওঁ কয় যে, ২০২৬ চনত বিজেপি চৰকাৰে পৰাজয় হোৱাৰ ভয়ত উচ্ছেদৰ ৰাজনীতি কৰিছে।

উচ্ছেদ অভিযান বিজেপিৰ ভয় আৰু সাম্প্ৰদায়িক মনোভাৱৰ ফলঃ তৃণমূল কংগ্ৰেছ

সুস্মিতা দেৱ

Updated On: 

15 Jul 2025 10:03 AM

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ সন্দৰ্ভত তীব্ৰ বিৰোধিতা কৰি গৈছে বিৰোধী দলসমূহে। শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুষ্মিতা দেৱে উচ্ছেদৰ বিৰোধিতা কৰি বিজেপিৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, “অসমত চলি থকা উচ্ছেদ অভিযানৰ জৰিয়তে বিজেপিয়ে বিভাজনৰ ৰাজনীতি চলাইছে। তেওঁলোকে জানে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁলোকৰ পৰাজয় নিশ্চিত, সেই ভয়তে এতিয়া সাধাৰণ ৰাইজৰ ওপৰত আক্রমণ আৰম্ভ হৈছে।”

সোমবাৰে হাইলাকান্দিত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুষ্মিতা দেৱে। তেওঁ প্ৰশ্ন উত্থাপন কৰি ক’য়, “মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো, কেৱল বাংলা ভাষাত কথা পাতিলে কোনো লোক বাংলাদেশী হয় নেকি? ভাষাৰ আধাৰত কেনেকৈ নিৰ্ণয় কৰিব পাৰি কোনজন ভাৰতীয় আৰু কোনজন নহয়? স্বাধীনতাৰ আগৰে পৰা অসমত বাংলা ভাষা আছিলে আৰু এতিয়াও আছে।”

সুষ্মিতা দেৱে স্মৰণ কৰাই দিয়ে যে, গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে অসমত থকা অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশীক খেদি পঠিওৱা হ’ব। সেয়া কৰিব নোৱাৰি, এতিয়া ৩০/৪০ বছৰৰ পৰা ভেটি, মাটিৰ সৈতে বাস কৰা ৰাইজক উচ্ছেদ কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকক বাংলাদেশী বুলি উচ্ছেদ কৰি আকৌ ভূমি দিয়াৰ কথা কৈছে। এয়াই মুখ্যমন্ত্ৰীৰ দ্বিধাগ্ৰস্ত মনোভাৱৰ প্ৰমাণ।”

তেওঁ আৰু কয় যে, “এই উচ্ছেদৰ দুটা উদ্দেশ্য আছে। এটা বিজেপিৰ সাম্প্ৰদায়িক মনোভাৱ আৰু আনটো গাদী হেৰুৱাৰ ভয়। এই অপচেষ্টাৰ জৰিয়তে ভোটৰ আগত ৰাইজৰ মাজত বিভাজন সৃষ্টি কৰি লাভ ল’বলৈ চাইছে।”

স্থানীয় গুৰুত্বপূৰ্ণ সমস্যা উত্থাপন কৰি সুষ্মিতা দেৱে কয় “হাইলাকান্দি জিলাৰ চণ্ডিপুৰত ৱৰ্ল্ড বেংকৰ আঁচনিত প্ৰায় ১০০ কোটি টকা ব্যয়ে এখন জল যোগান আৰু শোধন প্ৰকল্প নিৰ্মাণ কৰা হৈছিল। ২০১৫ চনৰ পৰা অঞ্চলটোৰ ১৫টা গাঁৱ পঞ্চায়তৰ মাজত পানী যোগানৰ কথা আছিল। কিন্তু আজিলৈকে এটা ঘৰতো পানী যোগান নহল।”

বিজেপিক কটাক্ষ কৰি তেওঁ কয়, “এতিয়া লাজ লাগে, জনস্বাস্থ্য অভিযন্তা বিভাগৰ মন্ত্ৰীৰ নামৰ সৈতে ‘গৰু চোৰ’ শব্দটো ৰাইজৰ মুখত উঠে, কিন্তু ‘পানী’ শব্দটো নাহে। এই প্লান্ট অতি সোনকালে আৰম্ভ নকৰিলে, আগন্তুক সময়ত মন্ত্ৰী হাইলাকান্দিত আহিলে, তৃণমূল কংগ্ৰেছে তেওঁক ঘেৰাও কৰি প্ৰতিবাত সাব্যস্ত কৰিব বুলিও হুংকাৰ দিয়ে সুষ্মিতা দেৱে।

 

অন্য খবৰ পঢ়কঃ বিজেপি চৰকাৰ মাটি লুভীয়া, এই উচ্ছেদত ৰাজনীতি জড়িত হৈ আছেঃ গৌৰৱ গগৈ

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তস্ৰাৱ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?