তেতিয়া বহুতে মোক হাঁহিছিল, এতিয়া সেই কথা সত্য প্ৰমাণিত হৈছে : USTMৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য

USTM  প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "যেতিয়া মই USTMৰ কথা কৈছিলো তেতিয়া বহুতে মোক হাঁহিছিল আৰু কৈছিল যে  পানী বন্ধ কৰিব নোৱাৰি মই মিছা কৈছো । কিন্তু আজি উচ্চতম ন্যায়ালয়ে এই বিষয়ত জাননী জাৰি কৰিছে। সেইটোৱে নিজেই প্ৰমাণ কৰে যে মই কোৱা কথাখিনিত সত্যতা আছে।"

তেতিয়া বহুতে মোক হাঁহিছিল, এতিয়া সেই কথা সত্য প্ৰমাণিত হৈছে : USTMৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Updated On: 

05 Jun 2025 14:04 PM

USTM আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…এই বিতৰ্ক এতিয়াও শেষ হোৱা নাই। পূৰ্বে USTMক লৈ কেইবাৰো সৰৱ হোৱা দেখা গৈছে মুখ্যমন্ত্ৰীক।  মুখ্যমন্ত্রীয়ে মেঘালয়ৰ ইউ এছ টি এমক গুৱাহাটীৰ বিৰুদ্ধে “ফ্লাড জেহাদ” কৰা বুলি উল্লেখ কৰিছিল। মহানগৰৰ গাতে লাগি থকা এটা পাহাৰত অৱস্থিত ইয়াৰ কেম্পাছৰ পৰা নামি অহা পানীয়ে ব্যাপক কৃত্ৰিম বানৰ সৃষ্টি কৰে বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ মাজতে বুধবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি USTM  প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “যেতিয়া মই USTMৰ কথা কৈছিলো তেতিয়া বহুতে মোক হাঁহিছিল আৰু কৈছিল যে পানী বন্ধ কৰিব নোৱাৰি মই মিছা কৈছো । কিন্তু আজি উচ্চতম ন্যায়ালয়ে এই বিষয়ত জাননী জাৰি কৰিছে। সেইটোৱে প্ৰমাণ কৰে যে মই কোৱা কথাখিনিত সত্যতা আছে।”

মুখ্যমন্ত্ৰীয়ে এই কথাও স্মৰণ কৰে যে গুৱাহাটীত কৃত্ৰিম বানত অৰিহণা যোগোৱা প্ৰাকৃতিক পানীৰ নলাসমূহত বাধাৰ সৃষ্টি কৰাত USTMৰ সম্ভাৱ্য ভূমিকা সন্দৰ্ভত তেওঁৰ মন্তব্যক পূৰ্বে একাংশ সংবাদ মাধ্যম আৰু বিৰোধীয়ে কেনেদৰে খাৰিজ কৰিছিল । তেওঁ কয়, “সেই সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ ওচৰত এই বিষয়টো উত্থাপন কৰিছিলো।” যদিও আনুষ্ঠানিকভাৱে অস্বীকাৰ কৰা নাছিল, তথাপিও তেওঁৰ এই চিন্তাক উপহাস কৰা হৈছিল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, ‘সেইদিনা মই মেঘালয়ৰ মুখ্যমন্ত্ৰীক এই কথা আঙুলিয়াই দিওঁতে তেওঁ মোক না ক’ব নোৱাৰিলে। কিন্তু ইয়াৰ মানুহে হাঁহি হাঁহি উলাই কৰিলে।’

তেওঁ জোৰ দি কয়, ” এতিয়া উচ্চতম ন্যায়ালয়ে কেৱল অসম আৰু মেঘালয় চৰকাৰলৈয়ে নহয়, নিজা বিশেষজ্ঞ সমিতিলৈও জাননী জাৰি কৰিছে, যাৰ ফলত বিষয়টোৰ ন্যায়িক তদন্ত আৰম্ভ হৈছে।” জাননীখনৰ বিষয়বস্তুৰ বিষয়ে বিতংভাৱে একো কোৱা নাই যদিও শৰ্মাই কয়, “এই পদক্ষেপ দীৰ্ঘদিন ধৰি বিতৰ্কত আবৰ্তত সোমাই থকা প্ৰতিষ্ঠান আৰু ব্যক্তিসকলৰ ওপৰত কৰা তদন্তৰ আৰম্ভণি।” মুখ্যমন্ত্ৰী আকৌ কয়, “এইবাৰ মেডিকেলৰ ফলাফল প্ৰকাশ পোৱাৰ লগে লগে আপোনাকোকে আৰু ভাল খবৰ পাব যে ইমান দিনে আজমল ফাউণ্ডেশ্যনৰ যিমানবোৰ বাতৰি কৰি আছে, আপুনি বুজিব যে সেইবোৰে প্ৰকৃততে ক’ত থিয় হৈ আছে।”

গুৱাহাটীৰ কৃত্ৰিম বান আৰু USTM সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, USTM সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত এজন লোকে গোচৰ তৰিছিল। তাৰ পিছত উচ্চতম ন্যায়ালয়ে অসম চৰকাৰকো জাননী দিছে, মেঘালয় চৰকাৰকো জাননী দিছে। আমি বহুদিনৰ পৰা চেষ্টা কৰি আছিলো এই তদন্ততো খুলিব লাগ। এতিয়া এই কামত আমি আগবাঢ়িব পাৰিছো আৰু মেঘালয় চৰকাৰেও আমাৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে। গতিকে মই ভাৱো যে অহা ২-৩ বছৰত নিশ্চয় পৰিৱেশৰ উন্নতি হ’ব।’

 

মাছৰ মূৰ খাই ভাল পায় নে? পিছে জানেনে এয়া দেহৰ বাবে ভাল নে বেয়া!
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব ? তৎক্ষণাত এই ঘৰৱা উপায় গ্ৰহণ কৰক...
কেৱল শৰীৰটো শীতল কৰাই নহয়, তুলসী গুটি খোৱাৰ উপকাৰিতা কি? জানক
ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নোহোৱা কৰাৰ উপায় কি ? বিপদত পৰা আগতে জানক...