সোণাপুৰৰ জুবিন ক্ষেত্ৰত ধনৰ কেলেংকাৰী! দান- বৰঙণিৰ ধন হৰলুকি কৰাৰ অভিযোগ…

ইফালে জুবিন ক্ষেত্ৰৰ চাফ-চিকুণৰ কাম কৰা ৬ গৰাকী লোকক ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ নস্যাৎ কৰে তেওঁলোকে। মানস ৰবিনে আগবঢ়োৱা ধন সেই ছয়গৰাকীৰ বাহিৰে আন স্থানীয় মহিলাসকলেও পোৱা উচিত বুলিহে কয়। আনহাতে জুবিনক্ষেত্ৰ চাফ-চিকুন কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবেহে এই সমিতি গঠন কৰা হৈছিল বুলি উল্লেখ কৰে।

সোণাপুৰৰ জুবিন ক্ষেত্ৰত ধনৰ কেলেংকাৰী! দান- বৰঙণিৰ ধন হৰলুকি কৰাৰ অভিযোগ...

Sonapur Zubeen Khetra Press Meet

Updated On: 

22 Nov 2025 18:16 PM

সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ আজিও বৈ আছে অনুৰাগীৰ সোঁত। প্ৰাণৰ জুবিনৰ বাবে বহুতে লগত আনিছে বহু উপহাৰ। ইয়াৰ মাজতে দেখা গৈছিল আন কিছুমান ভাললগা দৃশ্য।  জুবিন ক্ষেত্ৰ চাফ-চিকুণ কৰাত নামি পৰিছিল বহু লোক। কোনো পাৰিশ্ৰমিক অবিহনে সেৱা আগবঢ়াইছিল এইসকল লোকে।

এনে এই পবিত্ৰ ভূমিক লৈও এতিয়া আৰম্ভ হৈছে বিতৰ্ক। প্ৰণামীৰ দান- বৰঙণি হৰলুকি কৰাৰ অভিযোগ কেইগৰাকীমান নিৰ্দিষ্ট ব্যক্তিৰ বিৰুদ্ধে।  তাৰ পিছতে সংবাদমেল সম্বোধন কৰিলে জুবিন ক্ষেত্ৰ চাফ-চিকুণ কৰা পৰিচালনা সমিতিয়ে।সংবাদমেলোযোগে কয়,  পূৰ্বে ৪০ দিনত জমা দিয়া হৈছিল প্ৰায় ৪ লক্ষাধিক টকা। এতিয়া দায়িত্ব লোৱা সমিতিয়ে ১৯ দিনত জমা দিলে ৪ লাখ টকা।  এই সন্দৰ্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰে সমিতিখনে।

ইফালে জুবিন ক্ষেত্ৰৰ চাফ-চিকুণৰ কাম কৰা ৬ গৰাকী লোকক ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ নস্যাৎ কৰে তেওঁলোকে। মানস ৰবিনে আগবঢ়োৱা ধন সেই ছয়গৰাকীৰ বাহিৰে আন স্থানীয় মহিলাসকলেও পোৱা উচিত বুলিহে কয়। আনহাতে জুবিনক্ষেত্ৰ চাফ-চিকুন কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবেহে এই সমিতি গঠন কৰা হৈছিল বুলি উল্লেখ কৰে। যিখন পূৰ্বৰ শ্মশান পৰিচালনা সমিতিৰ অন্তৰ্গত।

চৰকাৰে আনুষ্ঠানিকভাৱে দায়িত্ব নোলোৱা পৰ্যন্ত স্থানীয় কেইবাখনো গাঁৱৰ লোকে একত্ৰিতভাৱে এই কাম পৰিচালনা কৰিব বুলি জনায় সমিতিয়ে। কোনো ব্যক্তিকে এই ক্ষেত্ৰত অথথা বিতৰ্ক নকৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ । কিন্তু কোনে ,কেনেকৈ গঠন কৰিছে সমিতি ?  তাকে লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ।

মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ তিনিটা প্ৰধান লক্ষণ কি কি? জানক...
নাৰীৰ কোনবোৰ বস্তুৱে পুৰুষক আকৰ্ষণ কৰে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
পত্নীৰ সৈতে নকৰিব কাজিয়া, অভাৱ-অনাটনে দেখা দিব জীৱনত!
শীতকালত কলেষ্টেৰল কম কৰিবলৈ খাওক এই খাদ্য...