আঠ ঘণ্টা ধৰি অভিযান, অৱশেষত সিদ্ধাৰ্থ শৰ্মাৰ পানী ফেক্টৰী ছীল কৰিলে এছ আই টিয়ে

সিদ্ধাৰ্থ শৰ্মাৰ পানী ফেক্টৰীত অভিযান চলাই এছ আই টিয়ে। খবৰ অনুসৰি, অভিযানৰ অন্তত এছ আই টিয়ে উক্ত পানী ফেক্টৰীটো ছীল কৰিছে।

আঠ ঘণ্টা ধৰি অভিযান, অৱশেষত সিদ্ধাৰ্থ শৰ্মাৰ পানী ফেক্টৰী ছীল কৰিলে এছ আই টিয়ে
Updated On: 

13 Oct 2025 | 10:55 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে এছ আই টিয়ে। তদন্ত চলাই থকাৰ মাজতে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পানী ফেক্টৰীত অভিযান চলাই এছ আই টিয়ে। খবৰ অনুসৰি, অভিযানৰ অন্তত এছ আই টিয়ে উক্ত পানী ফেক্টৰীটো ছীল কৰিছে। মহাবীৰ একুৱা নামৰ এই ফেক্টৰীটো আছে ছয়গাঁৱত। পেকেজিং ড্ৰিংকিং ৱাটাৰ ফেক্টৰীৰ মালিক আছিল জুবিনৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা।

খবৰ অনুসৰি, এই পানী ফেক্টৰীটোত প্ৰায় আঠ ঘণ্টা ধৰি অভিযান চলাই এছ আই টিয়ে। জানিব পৰা মতে,মহাবীৰ একুৱা নামৰ এই ফেক্টৰীটো প্ৰায় এবছৰ পূৰ্বে ক্ৰয় কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। তদন্তকাৰীয়ে জনোৱা মতে, ক্ৰয় কৰাৰ পিছৰে পৰা ইউনিটটো অকাৰ্যকৰী হৈ আছে।

সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক পৰিচালনা কৰিছিল। জুবিনৰ মৃত্যুৰ গোচৰত সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৰ্তমান ১৪ দিনীয়া আৰক্ষীৰ জিম্মাত আছে সিদ্ধাৰ্থ।

লগতে পঢ়ক:  মঙলবাৰে ১৩ গৰাকী বিশেষ ব্যক্তিৰে এছ আই টিৰ বিশেষ বৈঠক, কাক কাক মাতিছে বৈঠকলৈ?

যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু হয় অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। বৰ্তমানে তেওঁৰ মৃত্যু ৰহস্যৰ আৱৰ্তত। ইফালে, অনুৰাগীয়ে শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাই আহিছে। উচিত তদন্তৰ মাজেৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাইছে অনুৰাগী। এতে সময়তে সামাজিক মাধ্যমতো #JusticeForZubeenGarg লিখি জুবিনক ন্যায় প্ৰদানৰ দাবী জনাইছে অনুৰাগীয়ে।

লগতে পঢ়ক: স্তব্ধ চাহ বাগিচাৰ কাম-কাজ, জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ বিশাল গণ সমাৱেশ

লগতে পঢ়ক: চাহ বাগিচাই বাগিচাই বিশেষ সজাগতা সভা অসম প্ৰদেশ কংগ্ৰেছৰ, ৫ দিনত সামৰি ল’ব ১০০ খন বাগান

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...