আঠ ঘণ্টা ধৰি অভিযান, অৱশেষত সিদ্ধাৰ্থ শৰ্মাৰ পানী ফেক্টৰী ছীল কৰিলে এছ আই টিয়ে

সিদ্ধাৰ্থ শৰ্মাৰ পানী ফেক্টৰীত অভিযান চলাই এছ আই টিয়ে। খবৰ অনুসৰি, অভিযানৰ অন্তত এছ আই টিয়ে উক্ত পানী ফেক্টৰীটো ছীল কৰিছে।

আঠ ঘণ্টা ধৰি অভিযান, অৱশেষত সিদ্ধাৰ্থ শৰ্মাৰ পানী ফেক্টৰী ছীল কৰিলে এছ আই টিয়ে
Updated On: 

13 Oct 2025 22:55 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে এছ আই টিয়ে। তদন্ত চলাই থকাৰ মাজতে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পানী ফেক্টৰীত অভিযান চলাই এছ আই টিয়ে। খবৰ অনুসৰি, অভিযানৰ অন্তত এছ আই টিয়ে উক্ত পানী ফেক্টৰীটো ছীল কৰিছে। মহাবীৰ একুৱা নামৰ এই ফেক্টৰীটো আছে ছয়গাঁৱত। পেকেজিং ড্ৰিংকিং ৱাটাৰ ফেক্টৰীৰ মালিক আছিল জুবিনৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা।

খবৰ অনুসৰি, এই পানী ফেক্টৰীটোত প্ৰায় আঠ ঘণ্টা ধৰি অভিযান চলাই এছ আই টিয়ে। জানিব পৰা মতে,মহাবীৰ একুৱা নামৰ এই ফেক্টৰীটো প্ৰায় এবছৰ পূৰ্বে ক্ৰয় কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। তদন্তকাৰীয়ে জনোৱা মতে, ক্ৰয় কৰাৰ পিছৰে পৰা ইউনিটটো অকাৰ্যকৰী হৈ আছে।

সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক পৰিচালনা কৰিছিল। জুবিনৰ মৃত্যুৰ গোচৰত সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৰ্তমান ১৪ দিনীয়া আৰক্ষীৰ জিম্মাত আছে সিদ্ধাৰ্থ।

লগতে পঢ়ক:  মঙলবাৰে ১৩ গৰাকী বিশেষ ব্যক্তিৰে এছ আই টিৰ বিশেষ বৈঠক, কাক কাক মাতিছে বৈঠকলৈ?

যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু হয় অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। বৰ্তমানে তেওঁৰ মৃত্যু ৰহস্যৰ আৱৰ্তত। ইফালে, অনুৰাগীয়ে শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাই আহিছে। উচিত তদন্তৰ মাজেৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাইছে অনুৰাগী। এতে সময়তে সামাজিক মাধ্যমতো #JusticeForZubeenGarg লিখি জুবিনক ন্যায় প্ৰদানৰ দাবী জনাইছে অনুৰাগীয়ে।

লগতে পঢ়ক: স্তব্ধ চাহ বাগিচাৰ কাম-কাজ, জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ বিশাল গণ সমাৱেশ

লগতে পঢ়ক: চাহ বাগিচাই বাগিচাই বিশেষ সজাগতা সভা অসম প্ৰদেশ কংগ্ৰেছৰ, ৫ দিনত সামৰি ল’ব ১০০ খন বাগান

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...