১০ ডিচেম্বৰৰ ভিতৰত তদন্তৰ বিশদ প্ৰতিবদেন দাখিল কৰিব লাগিব SIT য়ে…

উচ্চ ন্যায়ালয়ে ২০২৫ চনৰ ১৭ ডিচেম্বৰৰ ভিতৰত বিশেষ তদন্তকাৰী দলে (SIT) এতিয়ালৈকে চলোৱা তদন্তৰ এক বিস্তৃত অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আবেদনকাৰীয়ে আদালতৰ নিৰ্দেশত সন্তুষ্টি প্ৰকাশ কৰি কয় যে, তদন্তত যিকোনো গাফিলতি বা ত্ৰুটি এতিয়া আদালতৰ তদন্তৰ আওতালৈ আহিব।

১০ ডিচেম্বৰৰ ভিতৰত তদন্তৰ বিশদ প্ৰতিবদেন দাখিল কৰিব লাগিব SIT য়ে...
Published: 

14 Nov 2025 | 04:45 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত চলাই থকা বিশেষ তদন্তকাৰী দলক ১৭ ডিচেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ (PIL) দাখিল কৰা সমাজ কৰ্মী অভিজিৎ শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱা ন্যায়াধীশ মাইকেল জোথানখুমা আৰু ন্যায়াধীশ মিতল ঠাকুৰীয়াৰ বিচাৰপীঠৰ সন্মুখত হাজিৰ হয়।

PIL/46/2025 অধীনত পঞ্জীয়ন কৰা আবেদনখনত গৃহ পৰিক্ৰমা মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, পৰ্যটন মন্ত্ৰালয়, উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়, আৰু সাংস্কৃতিক মন্ত্ৰালয়কে ধৰি কেইবাটাও কেন্দ্ৰীয় মন্ত্ৰালয়ৰ লগতে অসম চৰকাৰ, ছিংগাপুৰৰ ভাৰতৰ উচ্চায়ুক্ত, ট্ৰেণ্ড এমএমএছ প্ৰাইভেট লিমিটেড, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আদি কেইবাটাও কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নাম উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, আবেদনকাৰীৰ হৈ আদালতত হাজিৰ হৈ যুক্তি দৰ্শাই জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে। উচ্চ ন্যায়ালয়ে ২০২৫ চনৰ ১৭ ডিচেম্বৰৰ ভিতৰত বিশেষ তদন্তকাৰী দলে (SIT) এতিয়ালৈকে চলোৱা তদন্তৰ এক বিস্তৃত অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আবেদনকাৰীয়ে আদালতৰ নিৰ্দেশত সন্তুষ্টি প্ৰকাশ কৰি কয় যে, তদন্তত যিকোনো গাফিলতি বা ত্ৰুটি এতিয়া আদালতৰ তদন্তৰ আওতালৈ আহিব।

ইফালে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত ন্যায়াধীশ সৌমিত্ৰ শইকীয়া তদন্ত আয়োগৰ সন্মুখত সাক্ষ্যদান কৰা লোক অস্বাভাৱিকভাৱে কম হোৱাকলৈ ন্যায়ালয়ে কয় কৰে যে, এনে পৰিস্থিতিয়ে উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ বাবেও ন্যায় প্ৰদানৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে।

এই গোচৰৰ সৈতে জড়িত সকলো জনস্বাৰ্থৰ গোচৰৰ শুনানি এতিয়া একেলগে হ’ব আৰু পৰৱৰ্তী শুনানিত যুক্তি দাখিল কৰিব জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...