জুবিনৰ মৃত্যুৰ তদন্তত SIT ৰ অগ্ৰগতি, ছিংগাপুৰৰ পৰা ধৰি অনা হ’ল শ্যামকানু মহন্তক…!

SIT ৰ দুজনীয়া এটা দল অলপতে ছিংগাপুৰলৈ গৈছিল। এই দলটোৱে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তক ছিংগাপুৰৰ পৰা ধৰি লৈ আহিছে। ইতিমধ্যে শ্যামকানু মহন্তক লৈ দলটো দিল্লীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

জুবিনৰ মৃত্যুৰ তদন্তত SIT ৰ অগ্ৰগতি, ছিংগাপুৰৰ পৰা ধৰি অনা হল শ্যামকানু মহন্তক...!

শ্যামকানু মহন্ত

Updated On: 

01 Oct 2025 | 07:21 AM

অৱশেষত ছিংগাপুৰৰ পৰা ধৰি অনা হ’ল নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তক। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰিছিল শ্যামকানু মহন্তৰ। এইগৰাকী শ্যামকানু মহন্তৰ আমন্ত্ৰণতে ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল জুবিন গাৰ্গ। এই মৃত্যুৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰিছিল SIT।

সূত্ৰৰ খবৰ অনুসৰি, SIT ৰ দুজনীয়া এটা দল অলপতে ছিংগাপুৰলৈ গৈছিল। এই দলটোৱে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তক ছিংগাপুৰৰ পৰা ধৰি লৈ আহিছে। ইতিমধ্যে শ্যামকানু মহন্তক লৈ দলটো দিল্লীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

কিছু সময়ৰ পাছতে হয়তো শ্যামকানু মহন্তক দিল্লীৰ পৰা লৈ অহা হ’ব গুৱাহাটীলৈ। খবৰ অনুসৰি, গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে  SIT ৰ দল। একে সময়তে কটকটীয়া নিৰাপত্তা বেষ্টনী বিমানবন্দৰৰ বাহিৰত গঢ়ি তোলা হৈছে বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে, SIT য়ে অব্যাহত ৰাখিছে জুবিনৰ মৃত্যুৰ তদন্ত। কিন্তু SIT ৰ ওচৰত হাজিৰ হোৱা নাছিল গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মা দিল্লীতে থকা বুলি খবৰ প্ৰকাশ পাইছিল। ইফালে শ্যামকানু মহন্ত আছিল ছিংগাপুৰতে।

বিষয়টো তদন্তৰ বাবে SIT য়ে দুজন বিষয়াক ছিংগাপুৰলৈ প্ৰেৰণ কৰিছিল। আনহাতে পাৰস্পৰিক আইনী সহায়তা চুক্তিৰ অধীনত ছিংগাপুৰৰ সহযোগিতাৰ বাবে প্ৰস্তাৰ আগবঢ়াইছিল ৰাজ্য চৰকাৰে। শেহতীয়াকৈ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰিছিল যে, জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে দাখিল কৰা এফ আই আৰৰ সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে এতিয়া আনুষ্ঠানিকভাৱে পাৰস্পৰিক আইনী সহায়তা চুক্তি (এম এল এ টি) আহ্বান কৰিছে।

ইয়াৰ মাজতে যোৱা সোমবাৰে অসমলৈ আহি আছোঁ বুলি ফেচবুকত এটা পোষ্ট দিছিল শ্যামকানু মহন্তই। পোষ্টটোত শ্যামকানুৱে লুকুৱাবলৈ একো নাই বুলি উল্লেখ কৰিছিল। কিন্তু এই পোষ্টটো দিয়াৰ পাছতে ফেচবুকৰ পৰা নোহোৱা হয় শ্যামকানুৰ একাউণ্ট।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...